ডিজিটেল ডেস্ক : মেঘালয়ৰ দক্ষিণ পশ্চিম গাৰো পাহাৰ জিলাত অসমৰ কাজু ব্যৱসায়ীক অপহৰণৰ চেষ্টা। তিনি অস্ত্ৰধাৰী অপহৰণকাৰী দলে এখন গাড়ীৰ পৰা নমাই নিয়ে মানকাচৰৰ কাজু ব্যৱসায়ী আব্দু নুৰক নামৰ লোকজনক। মানকাচাৰৰ পৰা গাড়ীৰে মেঘালয়ত কাজু কিনিবলৈ গৈছিল আব্দু নুৰক।
তিনিও জন অপহৰণকাৰী দুৰ্বৃত্তৰ হাতত পিষ্টল আছিল বুলি জানিব পৰা গৈছে। আনহাতে অপহৰণকাৰী দলৰ সৈতে মাৰপিটত লিপ্ত হয় ব্যৱসায়ীজন। ফলত তিনি অপহৰণকাৰীয়ে বেয়াকৈ প্ৰহাৰ কৰি এটি জলপ্ৰপাতৰ মাজত পেলাই দিয়ে আব্দু নুৰকক।
ঘটনাস্থলীত স্থানীয়লোকৰ উপস্থিতত অপহৰণকাৰীৰ দলটোয়ে মটৰ চাইকেল এৰি পলায়ন কৰে। ঘটনাৰ সন্দৰ্ভত ৰাইজে আৰক্ষীক খবৰ দিয়ে আৰু আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ যুৱক জনক উদ্ধাৰ কৰাৰ লগতে মটৰ চাইকেলখন জব্দ কৰিছে।
আনহাতে ব্যৱসায়ী আব্দু নুৰকক চিকিৎসাৰ বাবে হাস্পতালত ভৰ্তি কৰোৱা হৈছে। উল্লেখ্য পিক আপ গাড়ী এখনেৰে ব্যৱসায়ীজন মেঘালয়ত গৈ থকা অৱস্থাত মটৰ চাইকেলেৰে আহি গাড়ীৰ সম্মুখত ৰখাই ব্যৱসায়ী জনক অপহৰণৰ চেষ্টা চলাইছিল।জিলাখনৰ গাছবাৰীত সংঘটিত হৈছে এই ঘটনা।
Also Read: ছাত্ৰ-ছাত্ৰী সৈতে একাত্ম হৈ ছবি আঁকিলে বিধায়িকা শিৱামনি বৰাই...