মেঘালয়ত উদ্ধাৰ বাংলাদেশৰ শক্তিশালী নেতাৰ অৰ্ধগলিত মৃতদেহ...

শ্বেইখ হাছিনাৰ ঘনিষ্ঠ এই নেতা আছিল বাংলাদেশ ছাত্ৰ লীগৰ পূৰ্বৰ সাধাৰণ সম্পাদক

author-image
Asomiya Pratidin
New Update
মেঘালয়ত উদ্ধাৰ বাংলাদেশৰ শক্তিশালী নেতাৰ অৰ্ধগলিত মৃতদেহ...

মেঘালয়ত উদ্ধাৰ বাংলাদেশৰ শক্তিশালী নেতাৰ অৰ্ধগলিত মৃতদেহ...

ডিজিটেল ডেস্কঃ বাংলাদেশত অন্তৱৰ্তীকালীন চৰকাৰ গঠনৰ পাছত সাম্প্ৰতীক পৰিস্থিতি পূৰ্বতকৰৈ কিছু সুস্থিৰ হৈছে যদিও এতিয়াও দেশখন স্বাভাৱিক অৱস্থালৈ ঘূৰি অহা নাই। দেশখনত এতিয়াও হিংসাত্মক পৰিস্থিতি ঠায়ে ঠায়ে অব্যাহত আছে।

বিশেষকৈ আৱামী লীগৰ নেতা, সমৰ্থকসকল সকলো সময়তে এক সংশয়ৰ মাজেৰে সময় অতিবাহিত কৰিবলগীয়া হৈছে। দেশখনৰ এনে এক অস্থিৰ আৰু উত্তপ্ত পৰিস্থিতিৰ মাজতে মেঘালয়ত আৱামী লীগৰ নেতা তথা পূৰ্বৰ প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাৰ ঘনিষ্ঠ হিচাপে পৰিচিত এগৰাকী নেতাৰ অৰ্ধগলিত মৃতদেহ উদ্ধাৰ হোৱা বিষয়টোৱে ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে।

মেঘালয়ৰ ভাৰত-বাংলাদেশ সীমান্তৰ জয়ন্তীয়া হিলছ জিলাত উদ্ধাৰ হৈছে আৱামী লীগৰ নেতাজনৰ মৃতদেহ। বৃহস্পতিবাৰে এই খবৰ প্ৰকাশ পাইছে।

সীমান্তৰ পৰা প্ৰায় ১.৫ কিলোমিটাৰ নিলগত থকা এখন তামোলৰ বাগানত এই মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে নানান প্ৰশ্নৰ সৃষ্টি হৈছে। অৰ্ধগলিত অৱস্থাত মৃতদেহ উদ্ধাৰ হোৱা আৱামী লীগৰ এই নেতাজনৰ নাম ইছাক আলী খান পান্না।

জানিব পৰা মতে ২৬ আগষ্টতে উদ্ধাৰ হোৱা এই মৃতদেহৰ সৈতে পোৱা পাছপ’ৰ্ট পৰীক্ষা কৰাৰ পিছতেই এয়া আৱামী লীগৰ নেতা ইছাক আলী খান পান্না বুলি চিনাক্ত কৰা হয়। উল্লেখ্য যে, পান্না বাংলাদেশ ছাত্ৰ লীগৰ পূৰ্বৰ সাধাৰণ সম্পাদক আৰু পিৰোজপুৰ জিলাৰ এক শক্তিশালী ৰাজনৈতিক নেতা আছিল।

বাংলাদেশত আৱামী লীগৰ চৰকাৰৰ বিৰুদ্ধে হোৱা আন্দোলনৰ মাজতে যোৱা ৫ আগষ্টৰ পৰা তেওঁ সন্ধানহীন হৈ আছিল। পান্নাৰ মৃতদেহ উদ্ধাৰৰ পাছতে মৰণোত্তৰ পৰীক্ষাৰ বাবে Khliehriat Civil Hospital লৈ প্ৰেৰণ কৰা হয়।

আৰক্ষীৰ প্ৰাথমিক তদন্তত পান্নাই সীমান্ত অতিক্ৰম কৰাৰ সময়ত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা বুলি অনুমান কৰিছে। অৱশ্যে এই পৰ্যন্ত তেওঁৰ মৃত্যুৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই। তেওঁৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন প্ৰকাশ পোৱাৰ পাছতহে সবিশেষ জানিব পৰা যাব।

Also Read: সাজু হ'বৰ হ'লঃ ১৫ ছেপ্টেম্বৰৰ পৰা আৰম্ভ চৰকাৰী নিযুক্তিৰ পৰীক্ষা...

মেঘালয় বাংলাদেশ শ্বেইখ হাছিনা