বিজেপিত খহনীয়া! বিধায়কৰ পদত্যাগ...

এসময়ত কংগ্ৰেছৰ দৰেই অৱস্থা হ'ব নেকি বিজেপিৰ ?
বিজেপিত খহনীয়া! বিধায়কৰ পদত্যাগ...
Published on
Updated on

ডিজিটেল ডেস্ক : বিজেপিৰ শিবিৰত আৰম্ভ হ'ল খহনীয়া, শক্তিশালী সাংগঠনিক কাৰ্য কলাপৰ বাবে অভেদ্য দুৰ্গৰূপে খ্যাত বিজেপিতো অৱশেষত দেখা গ'ল দলত্যাগ । ত্ৰিপুৰাৰ বিজেপি বিধায়ক বুৰ্বা মোহনে শুক্ৰবাৰে ত্ৰিপুৰা বিধান সভাৰ অধ্যক্ষ ৰতন চক্ৰৱৰ্তীক দাখিল কৰে এই দলত্যাগ পত্ৰ । বুৰ্বা মোহনে পদত্যাগ পত্ৰ দাখিল কৰিবলৈ আহোতে তেখেতক সংগী দিয়া দেখা গ'ল তিপ্ৰা মথাৰ অধ্যক্ষ প্ৰদ্যোত কিশোৰ মানিক্যদেৱবাৰ্মাক । ইয়াৰ লগে লগেই প্ৰায় নিশ্চিত হৈ পৰিল মোহনৰ তিপ্ৰা মথাত যোগদান । কাৰ্বুক সমষ্টিৰ বিধায়ক বু্ৰ্বা মোহনে পদত্যাগ কৰাৰ পাছতেই ত্ৰিপুৰাত বিজেপিৰ বিধায়কে পদত্যাগ কৰা সংখ্যা বৃদ্ধি হৈ হয়গৈ ৪ জনলৈ ।

উল্লেখ্য যে, এই সন্দৰ্ভত ত্ৰিপুৰা বিধান সভাৰ অধ্যক্ষ ৰতন চক্ৰৱৰ্তীৰ ভাষ্য অনুসৰি তেখেতে বুৰ্বা মোহনক দলত্যাগ নকৰিবলৈ অনুৰোধ কৰিছিল কিয়নো অতি সোনকালেই বৰ্তমানৰ বিধানসভাৰ কাৰ্যকাল অতি সোনকালেই সমাপ্ত হ'ব । অহা ২০২৩ বৰ্ষত পুনৰ অনুষ্ঠিত হ'ব নিৰ্বাচনী প্ৰক্ৰিয়া । তেনে অৱস্থাত বৰ্তমান দলত্যাগৰ দৰে ঘটনাই নিশ্চয়কৈ প্ৰভাৱ পেলাব আগন্তুক নিৰ্বাচনত । 

এই পদত্যাগৰ সৈতেই ৬০ জনীয়া বিধানসভাৰ বৰ্তমান কাৰ্যক্ষম আসনৰ সংখ্যা হয় গৈ৫৮ খন । কিছুদিন পূৰ্বে বৃষকেতু দেৱবাৰ্মাক বিধান সভাৰ পৰা কৰা হৈছিল অপসাৰণ । অৱশ্যে ইয়াৰ পাছতো ৩৫ জন বিধায়কৰ সৈতে সংখ্যাগৰিষ্ঠতা বাহাল ৰাখে বিজেপিয়ে ।

এতিয়া প্ৰশ্ন হয় সমগ্ৰ দেশত নেতা কিনা-বেচাৰ জৰিয়তে এক অস্থিৰ ৰাজনৈতিক পৰিৱেশৰ সৃষ্টি কৰা বিজেপিৰ নিজৰেই শিবিৰত কেনেকৈ হ'ল গৰাখহনীয়া ? দলীয় আৰু আঞ্চলিক নেতাক অসন্তুষ্ট কৰি কেৱল কেন্দ্ৰৰ প্ৰতি মনযোগ দিয়াৰ বাবেই সংঘটিত হ'ল নেকি এনে ঘটনাৰ ?  এসময়ত কংগ্ৰেছৰ দৰেই অৱস্থা হ'ব নেকি বিজেপিৰ ?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in