ডিজিটেল সংবাদ,বেকাজান : মেইটেই আৰু কুকিৰ জাতিগত সংঘাতৰ ফলত মণিপুৰ আৰু মিজোৰামৰ মুখ্যমন্ত্ৰীৰ মাজত এইবাৰ মৌখিক সংঘাতৰ সৃষ্টি হৈছে। মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে বুধবাৰে মিজোৰামৰ সমকক্ষ জোৰামথাংগাক আন এখন ৰাজ্যৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ নকৰিবলৈ আহবান জনায়।
ইম্ফলৰ সচিবালয়ত কাৰ্গিল বিজয় দিৱসত অংশগ্ৰহণ কৰি এন বীৰেন সিঙে মঙলবাৰে মিজোৰামত উলিওৱা বিশাল প্ৰতিবাদী কাৰ্যসূচী বিৰুদ্ধে নিজৰ অসন্তুষ্টি প্ৰকাশ কৰে। উল্লেখযোগ্য যে কিছুদিনৰ পৰা মণিপুৰ সংঘাতক লৈ জোৰামথাংগাই সৰৱ হৈ আহিছে।
মঙলবাৰে আইজলত প্ৰতিবাদকাৰীৰ সৈতে সমদলৰ পিচত তেওঁ এটা সংবাদ সংস্থাৰ আগত কয়, ‘ঘা ডোখৰ গভীৰ আৰু ইয়াক বিষনাশক ঔষধেৰে এইটো ভাল কৰাটো অতি কঠিন।' ইয়াৰ সম্পূৰ্ণ তদন্তৰ প্ৰয়োজন। মণিপুৰৰ হিংসাৰ বাবে মুখ্যমন্ত্ৰী এন বীৰেন সিংকে ধৰি বহু লোক আৰু বিভিন্ন কাৰক দায়ী বুলিও তেওঁ কয়।
উল্লেখ্য যে, মঙলবাৰে মিজোৰামত ব্যাপক প্ৰতিবাদী সমদল উলিওৱা হৈছিল। মিজো, কুকি, জোমি, হমাৰ, চিন (ম্যানমাৰ) আৰু চিন-কুকি (বাংলাদেশ) জো সম্প্ৰদায়ৰ আৰু তেওঁলোকৰ বংশ, সংস্কৃতি আৰু পৰম্পৰা একে। মণিপুৰ চৰকাৰে জাৰি কৰা এক আনুষ্ঠানিক বিবৃতিত কোৱা হৈছে যে মঙলবাৰে মিজোৰামত অনুষ্ঠিত সংহতি সভাত মুখ্যমন্ত্ৰীয়ে তেওঁৰ বিৰুদ্ধে সমালোচনা কৰা শব্দ ব্যৱহাৰক গৰিহণা দি ইয়াক “বৰ্বৰ কাৰ্য্য” বুলি অভিহিত কৰে।
অবৈধ প্ৰব্ৰজনকাৰীসকলক চিনাক্ত কৰি ৰাজ্যৰ পৰা খেদি পঠোৱাৰ ক্ষেত্ৰত তেওঁৰ চৰকাৰৰ স্থিতি পুনৰবাৰ উল্লেখ কৰে সিঙে। কুকি-জো আদিবাসীয়ে উত্থাপন কৰা “পৃথক প্ৰশাসন”ৰ দাবীৰ বিৰুদ্ধে চৰকাৰে তীব্ৰভাৱে থিয় দিব বুলি উল্লেখ কৰি তেওঁ কয় যে মণিপুৰত চলি থকা উত্তেজনা চৰকাৰ আৰু শান্তিপূৰ্ণ সহ-অস্তিত্ব বিঘ্নিত কৰিব বিচাৰিছে।
চৰকাৰে কোনো ধৰণৰ ভাবুকিৰ সন্মুখীন নহ’ব বুলি উল্লেখ কৰি তেওঁ মণিপুৰৰ অখণ্ডতাক বিকৃত কৰাৰ চেষ্টাৰ বাবে উপাদানসমূহক সকীয়াই দিয়ে। তেওঁ স্পষ্ট কৰি দিয়ে যে ৰাজ্যত দীৰ্ঘদিন ধৰি বসবাস কৰি অহা কুকিসকলৰ বিৰোধী নহয় চৰকাৰ।
ইয়াৰোপৰি মুখ্যমন্ত্ৰী সিঙে মণিপুৰ সংকটক ইউৰোপীয় সংসদে হিন্দু আৰু খ্ৰীষ্টানৰ মাজত সংঘৰ্ষ বুলি চিত্ৰিত কৰাটো গৰিহণা দিয়ে। শান্তি পুনৰুদ্ধাৰৰ বাবে চৰকাৰৰ প্ৰচেষ্টাত নিৰাপত্তা বাহিনীৰ অৱদানৰ শলাগ লয়।
জনসাধাৰণৰ জীৱন ৰক্ষা কৰাটো কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ দায়িত্ব বুলিও তেওঁ কয়। শান্তি ঘূৰাই অনাৰ বাবে সকলো প্ৰচেষ্টা চলোৱা হৈছে বুলিও তেওঁ মন্তব্য কৰে।
Also Read: তিনিচুকীয়াত চি বি আইৰ দল: ছহিদ গংগাৰাম ক'লৰ হত্যাকাণ্ডৰ তদন্ত আৰম্ভ