নাগালেণ্ডৰ মন জিলাৰ টিজিত দুই বিদ্ৰোহী সংগঠনৰ মাজত সংঘাত

নাগালেণ্ডৰ মন জিলাৰ টিজিত দুই বিদ্ৰোহী সংগঠনৰ মাজত সংঘাত
Published on
Updated on

ডিজিটেল সংবাদ,বেকাজান : নাগালেণ্ডৰ মন জিলাত দুই বিদ্ৰোহী সংগঠনৰ মাজত সংঘাত। জিলাখনৰ টিজি অঞ্চলৰ ৱাংলা গাঁৱৰ টেমজেই নামৰ এন এছ চি এন-ৰিফৰ্মেচনৰ আকাটো চোফী গোটৰ কন্যাক অঞ্চলৰ ভাইচ চেয়াৰমেন এন এছ চি এন-আই এমৰ দ্বাৰা প্ৰহাৰ কৰি হত্যা কৰাৰ ঘটনাই চাঞ্চল্য সৃষ্টি কৰিছে।

অভিযোগ অনুসৰি এন এছ চিন ৰিফৰ্মেচন গোটৰ বিদ্ৰোহী নেতাজনৰ মৃতদেহটো টিজিটৰ নামছাত পেলাই দিয়ে। বিশেষ সূত্ৰৰ মতে, এন এছ চি এন-ৰিফৰ্মেচন আকাটো চফী গোট আৰু ৩জন কেডাৰ গুৰুতৰভাৱে আহত হয়।

আটক কৰা কেডাৰসকলক এন এছ চি এন-আই এমৰ কেডাৰে নিৰ্যাতন চলাইছিল আৰু উক্ত উপাধ্যক্ষ টেমজেইৰ শাৰীৰিক নিৰ্যাতনৰ বাবে মৃত্যু হোৱা বুলিও প্ৰকাশ পাইছে। ইফালে বাকী ৩জন কেডাৰ এতিয়াও এন এছ চি এন-আই এমৰ জিম্মাত আছে বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, এন এছ চি এন-ৰিফৰ্মেচন আকাটো চফী গোটৰ ৪জন কেডাৰক ৩০ জুলাইত মন জিলাৰ টিজিটৰ পৰা এন এছ চি এন-আই এমে অবৈধ কৰ সংগ্ৰহৰ বাবে গ্ৰেপ্তাৰ কৰিছিল। ইফালে এই ঘটনাক বিদ্ৰোহী সংগঠন দুটাৰ মাজত সংঘাত আৰম্ভ হৈছে।

নাগালেণ্ডৰ মন জিলাৰ টিজিত দুই বিদ্ৰোহী সংগঠনৰ মাজত সংঘাত
বটদ্ৰৱাৰ চৰকাৰী ভূমিত পুনৰ বেদখল : সৰব সত্ৰাধিকাৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in