ডিজিটেল সংবাদ বেকাজানঃ ভাৰতৰ বিৰুদ্ধে যুদ্ধৰ ষড়যন্ত্ৰ ৰচনা কৰাৰ অপৰাধত নিয়াই মণিপুৰত এজন ব্যক্তিক গ্ৰপ্তাৰ কৰে। ম্যানমাৰৰ বিদ্ৰোহী সংগঠনৰ নেতৃত্বই আন্তঃৰাষ্ট্ৰীয় ষড়যন্ত্ৰ কৰাৰ অভিযোগত ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই দেওবাৰে ব্যক্তিগৰাকীক গ্ৰেপ্তাৰ কৰে।
জানিব পৰা মতে অভিযুক্তৰ নাম মইৰাংথেম আনন্দ সিং। উল্লেখ্য যে, তেওঁৰ বিৰুদ্ধে ১৯ জুলাইত নতুন দিল্লীত এটা গোচৰ ৰুজু কৰা হৈছিল। নিয়া তদন্তকাৰী সংস্থাটোৰ মতে অভিযুক্তই ম্যানমাৰৰ বিদ্ৰোহী গোট সংগঠনৰ নেতৃত্বৰ অভাৰ গ্ৰাউণ্ড ৱৰ্কাৰ (অ’জিডব্লিউএছ), কেডাৰ হিতাপে জড়িত থকা বুলি উল্লেখ কৰে।
ইয়াৰোপৰি ধৃত লোকজনে নিৰাপত্তা বাহিনী আৰু বিৰোধী জনগোষ্ঠীসমূহৰ ওপৰত আক্ৰমণ চলাবলৈ শক্তি বৃদ্ধি কৰা বুলি জানিবলৈ দিয়ে। এই গোট আৰু সংগঠনসমূহে হিংসাত্মক কাৰ্য সুযোগ লৈ চৰকাৰী সম্পদ লুণ্ঠন,অস্ত্ৰ, গোলা বাৰুদ আৰু বিস্ফোৰক সামগ্ৰী সংগ্ৰহ কৰা বুলি উল্লেখ কৰে ।
আনহাতে ধৃত লোকজনক গ্ৰেপ্তাৰৰ পিছত নতুন দিল্লীলৈ লৈ যোৱা হৈছে। অভিযুক্তক ন্যায়িক আদালতত হাজিৰ কৰাৰ পিছত অধিক তদন্ত বাবে ইতিমধ্যে আৰক্ষীৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে।