মিজোৰামত ১০ হাজাৰ মেথামফেটামাইন টেবলেট জব্দ

সংবাদ মাধ্যমে বাৰংবাৰ সকিয়াই থকাৰ পাছতো ম্যানমাৰ পৰা উৎপাদন হোৱা ড্ৰাগছ দেশৰ উত্তৰ -পূৰ্বাঞ্চললৈ সৰবৰাহ কৰাত বাধা দিবলৈ সম্পূৰ্ণ ৰূপে সফল হৈ উঠা নাই আৰক্ষী তথা সীমান্ত সুৰক্ষা বল

author-image
Asomiya Pratidin
New Update
মিজোৰামত ১০ হাজাৰ মেথামফেটামাইন টেবলেট জব্দ

ডিজিটেল ডেস্ক : সংবাদ মাধ্যমে বাৰংবাৰ সকিয়াই থকাৰ পাছতো ম্যানমাৰ, লাউছ আৰু থাইলেণ্ডৰ সোণালী ত্ৰিভূজৰ পৰা উৎপাদন হোৱা ড্ৰাগছ দেশৰ উত্তৰ - পূৰ্বাঞ্চললৈ সৰবৰাহ কৰাত বাধা দিবলৈ সম্পূৰ্ণ ৰূপে সফল হৈ উঠা নাই আৰক্ষী তথা সীমান্ত সুৰক্ষা বল । ইয়াৰে ম্যানমাৰৰ পৰা আটাইতকৈ বেছি পৰিমাণে সৰবৰাহ কৰা হয় মেথামফেটামাইন টেবলেট । বিশ্বৰ ভিতৰতে আটাইতকৈ বেছি মেথামফেটামাইন প্ৰস্তুত কৰা হয় ম্যানমাৰত । আৰু এই ড্ৰাগছৰ এক বুজন সংখ্যক পৰিমাণ প্ৰতিদিনেই সৰবৰাহ কৰা হৈ আছে ভাৰতবৰ্ষৰ উত্তৰ-পূৰ্বাঞ্চললৈ । 

বিগত কিছু সপ্তাহত উত্তৰ-পূব ৰে'লৱে তথা অসমলৈ অহা ৰাষ্ট্ৰীয় ঘাইপথ সমূহত পৰ্বতসম পৰিমাণৰ ড্ৰাগছ জব্দ হোৱাৰ পাছতো কাণসাৰ নাই দ্বায়িত্বাধীন বিষয়াৰ ।কিদৰে বিদেশৰ পৰা উত্তৰ-পূৰ্বাঞ্চললৈ ড্ৰাগছ সৰবৰাহ কৰিব পাৰি বুলি প্ৰশ্ন উত্থাপন হোৱা সময়তেই পুনৰ মিজোৰামত জব্দ হ'ল ১০ হেজাৰ মেথামফেটামাইন টেবলেট ।যাৰ বজাৰ মূল্য প্ৰায় ৩.৩৩ কোটি টকা । আইজলৰ টুইফাৰফেপত চলা অসম ৰাইফলছৰ এই অভিযান কাৰ্যত সহযোগ কৰিছিল আবকাৰী বিভাগে । ড্ৰাগছৰ ওপৰিও আটক কৰা হয় সৰবৰাহৰ সৈতে জড়িত ম্যানমাৰ আৰু আইজলৰ দুই যুৱক ।

অসম ৰাইফলছৰ এই পদক্ষেপ নিশ্চয়কৈ প্ৰসংশনীয় । কিন্তু প্ৰশ্ন হয় যে, যি সময়ত ভাৰতবৰ্ষই সীমান্তৱৰ্তী এলেকা সমূহত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি আহিছে তেনে সময়তেই কিদৰে সৰবৰাহ কৰা হ'ব পাৰে দৈনিক এই বৃহৎ পৰিমাণৰ ড্ৰাগছ অথবা আন নিচাযুক্ত সামগ্ৰী ? ইয়াৰ বাবে জগৰীয়া সীমান্ত সুৰক্ষাৰ দ্বায়িত্বত থকা বিষয়া-ববীয়া নে দুৰ্বল সমগ্ৰ সুৰক্ষা ব্যৱস্থাটোৱে ? চোৰাং ভাৱে যদি ড্ৰাগছ অথবা আন নিচাযুক্ত সামগ্ৰী সৰবৰাহ কৰিব পৰা যায় তেন্তে ভৱিষ্যতে এই পথেৰে মাৰাণাস্ত্ৰও সৰবৰাহ হ'ব পৰাৰ সম্ভাৱনীয়তা আছে । তেনেস্থলত উত্তৰ-পূৰ্বাঞ্চল চিৰদিনৰ বাবে অশান্ত অঞ্চল হৈয়েই ৰ'ব নেকি ৰাজনীতিবিদসকলৰ লাভালাভৰ বাবে ?

আৰু পঢ়ক : মাজবাটৰ ৰাজপথলৈ নামি আহিল কাল ! একে সময়তে ৩ টাকৈ দুৰ্ঘটনাত ৪ জনৰ মৃত্যু

drugs myanmar mizoram