মিজোৰামত জব্দ ৫৪ কোটি ৭৯ লাখ টকাৰ ড্ৰাগছঃ গ্ৰেপ্তাৰ অসমৰ সৰবৰাহকাৰী...

মিজোৰামত জব্দ ৫৪ কোটি ৭৯ লাখ টকাৰ ড্ৰাগছঃ গ্ৰেপ্তাৰ অসমৰ সৰবৰাহকাৰী...
মিজোৰামত জব্দ ৫৪ কোটি ৭৯ লাখ টকাৰ ড্ৰাগছঃ গ্ৰেপ্তাৰ অসমৰ সৰবৰাহকাৰী...
Published on
Updated on

ডিজিটেল ডেস্কঃ এইবাৰ মিজোৰামত গ্ৰেপ্তাৰ হ'ল অসমৰ ড্ৰাগছ সৰবৰাহকাৰী। আছাম ৰাইফলছ আৰু মিজোৰাম এক্সাইজ এণ্ড নাৰ্কোটিক্স বিভাগৰ এটা দলৰ হাতত গ্ৰেপ্তাৰ হোৱা অসমৰ এই ড্ৰাগছ সৰবৰাহকাৰীটোৰ নাম ৰুস্তম লস্কৰ। আনহাতে ৰুস্তমৰ উপৰিও এই দলটোৱে ত্ৰিপুৰাৰ জাণ্টু দাস নামৰ আন এটা সৰবৰাহকাৰীকো গ্ৰেপ্তাৰ কৰিছে।

এই দুই সৰবৰাহকাৰীৰ পৰা দলটোৱে জব্দ কৰিছে ১ লাখ ৮২ হাজাৰ ৬৬০ টা মেথাম্ফেটামিন টেবলেট। নিষিদ্ধ বজাৰত এই নিচাযুক্ত টেবেলটখিনিৰ আনুমানিক মূল্য প্ৰায় ৫৪ কোটি ৭৯ লাখ টকা।

উল্লেখ্য যে আছাম ৰাইফলছে এক প্ৰেছ বিজ্ঞপ্তিত উল্লেখ কৰা অনুসৰি বুধবাৰে মিজোৰামৰ চাম্ফাই জিলাৰ দুটা স্থানত আছাম ৰাইফলছ আৰু মিজেৰাম এক্সাইজ এণ্ড নাৰ্কোটিক্সে চলোৱা অভিযানত এই ড্ৰাগছখিনি জব্দ হৈছে। দলটোৱে চাম্ফাই জিলাৰ মুৱালকাৱি গাঁৱৰ পৰা ৯৪ হাজাৰ ৯৪০ টা টেবলেট জব্দ কৰিছিল।

নিষিদ্ধ বজাৰত ইয়াৰ আনুমানিক মূল্য প্ৰায় ২৮.৪৮২ কোটি টকা। আনহাতে খুৱাঙলেং গাঁৱৰ পৰা ৮৭ হাজাৰ ৭২০ টা নিষিদ্ধ টেবলেট জব্দ কৰিছে। যাৰ আনুমানিক মূল্য প্ৰায় ২৬.৩১৬ কোটি টকা।

আছাম ৰাইফলছৰ দলটোৱে এই অভিযানত গ্ৰেপ্তাৰ কৰা ৰুস্তম আলী (৩২)ৰ ঘৰ অসমৰ হাইলাকান্দিত। আৰু জাণ্টু দাস (৪৫)ৰ ঘৰ ত্ৰিপুৰাৰ ৰামুটিয়াত। উল্লেখ্য যে, চলিত বছৰত বৰ্তমানলৈকে আছাম ৰাইফলছে ৬৬৬ কোটি টকাৰ নিষিদ্ধ ড্ৰাগছ জাতিয় সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হৈছে।

তথ্য অনুসৰি এইসকলোবোৰ ম্যানমাৰৰ পৰা সৰবৰাহ হৈ আহিছে। মন কৰিবলগীয়া যে চুবুৰীয়া মিজোৰামে ম্যানমাৰৰ সৈতে ৪০৪ কিলোমিটাৰৰ এক বৃহৎ আন্তঃৰাষ্ট্ৰীয় সীমা ভগাই লৈছে।

ইয়াৰোপৰি ভৌগোলাকি ভাৱে গ'ল্ডেন ট্ৰায়েংগলৰ সৈতেও মিজোৰামে পোনপটীয়া সংযোগ স্থাপন কৰিব পাৰে। যাৰ বাবে এতিয়া ম্যানমাৰ, থাইলেণ্ড আদিৰ পৰা মিজোৰাম, অসম হৈ দেশৰ অন্যান্য প্ৰান্তলৈ ড্ৰাগছকে ধৰি নিষিদ্ধ সামগ্ৰীৰ সৰবৰাহৰ এক কৰিডৰ স্থাপন হৈছে।

মিজোৰামত জব্দ ৫৪ কোটি ৭৯ লাখ টকাৰ ড্ৰাগছঃ গ্ৰেপ্তাৰ অসমৰ সৰবৰাহকাৰী...
ডিব্ৰুগড়ত ১৮০ গৰাকী যাত্ৰী কঢ়িয়াই নিয়া ২ খন বিমান অৱতৰণত অসুবিধা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in