ডিজিটেল ডেস্কঃ নাগা পিপলছ ফ্ৰণ্ট(এনপিএফ)ৰ সভাপতি তথা নাগালেণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ড০ এছ লিজিয়েটচুৱে "বন সংৰক্ষণ সংশোধনী আইন ২০২৩"ৰ বিৰোধীতা কৰিছে। এই সন্দৰ্ভত তেওঁ মন্তব্য প্ৰকশ কৰি কয় যে, নাগাসকলৰ বাবে এই আইন মুঠেই গ্ৰহণযোগ্য নহয়। সংশোধিত আইনখনৰ বিৰোধিতাৰে নাগালেণ্ড বিধান সভাক প্ৰস্তাৱ গৃহীত কৰিবলৈও আহ্বান জনাই লিজিয়েটচুৱে।
পাটকাই খ্ৰীষ্টান মহাবিদ্যালয়ত আয়োজিত সাংস্কৃতিক অনুষ্ঠানত ভাষণ প্ৰদান কৰি তেওঁ এই আইনখনে ৰাজ্যখনৰ একাংশ ভূমি মালিকাধীন প্ৰণালীক দুৰ্বল কৰিব বুলি কৈ নাগালেণ্ডৰ বাবে উপযুগী নহয় বুলি দাবী কৰে। আইনখনে নাগালেণ্ডৰ ভিতৰচ'ৰাত বিভিন্ন সমস্যাৰ সৃষ্টি কৰিব বুলি উল্লেখ কৰি নাগাসকলক এই আইন সম্পূৰ্ণৰূপে প্ৰত্যাখ্যান কৰিবলৈ আহ্বান জনায়।
তদুপৰি তেওঁ নাগাসকলক আহ্বান কৰি কয় যে, সময় থাকোতেই এই আইনৰ বিৰোধীতা নকৰিলে পৰৱৰ্তী সময়ত ডাঙৰ সমস্যাৰ সন্মুখীন হ'ব নগাসকল।
Also Read: মঙলদৈত অস্বাস্থ্যকৰ পৰিৱেশত মিঠাই প্ৰস্তুতঃ কাণসাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ