ডিজিটেল ডেস্কঃ উত্তপ্ত হৈ আছে মণিপুৰ। ৩ মেৰ পৰা আৰম্ভ হোৱা গোষ্ঠীগত সংঘৰ্ষ এতিয়াও শাম কটা নাই। ইয়াৰ মাজতে শুকুৰবাৰে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে পদত্যাগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।
কিন্তু বীৰেন সিঙৰ সমৰ্থনত একতা প্ৰদৰ্শন কৰি মণিপুৰৰ বিভিন্ন মহিলা সংগঠনৰ মহিলাসকলে ইম্ফলৰ নুপি লাল কমপ্লেক্সৰ সন্মুখত মুখ্যমন্ত্ৰী এন বীৰেনক পদৰ পৰা পদত্যাগ কৰাত বাধা দিয়ে। কেৱল ইমানেই নহয়, এই মহিলাসকলে ফালি পেলাই মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ পদত্যাগ পত্ৰ।
তাৰপাছতে পদত্যাগ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে বীৰেন সিঙে। টুইটাৰৰ জৰিয়তে তেওঁ কয় যে, এই গুৰুত্বপূৰ্ণ সময়ত মই স্পষ্ট কৰিব বিচাৰো যে মই মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ নকৰো।
At this crucial juncture, I wish to clarify that I will not be resigning from the post of Chief Minister.
— N.Biren Singh (@NBirenSingh) June 30, 2023
Also Read: মণিপুৰ ভ্ৰমণৰ উদ্দেশ্য ৰাজনৈতিক নহয়, ইয়াৰ মানুহক ভাল পাঁও মইঃ ৰাহুল গান্ধী