মেইটেইলৈ শান্তিৰ বাৰ্তা দিলে কুকিয়েঃ মানৱীয়তাৰ পৰিচয়েৰে অসহায় মহিলাক দিলে সুৰক্ষা...

কুকি গাঁৱত প্ৰৱেশ কৰা মহিলাক উদ্ধাৰ কৰি দিলে সুৰক্ষা

author-image
Asomiya Pratidin
New Update
মেইটেইলৈ শান্তিৰ বাৰ্তা দিলে কুকিয়েঃ মানৱীয়তাৰ পৰিচয়েৰে অসহায় মহিলাক দিলে সুৰক্ষা...

ডিজিটেল ডেস্কঃ দুই জনগোষ্ঠী কুকি আৰু মেইটইসকলৰ মাজৰ সংঘৰ্ষই ডেৰ বছৰ অতিক্ৰম কৰিলে। অশান্ত ৰাজ্যখনত হত্যা, হিংসা তেনেই সাধাৰণ কথা যদিও ৰাজ্যখনৰ সাধাৰণ মানুহখিনিৰ হৃদয়ৰ পৰা মানৱীয়তা কিন্তু আঁতৰি যোৱা নাই।

জুই, গুলী-বাৰুদেৰে জীৱন-মৃত্যুৰ খেলা কৰা এই ৰাজ্যখনৰ কুকি আৰু মেইটেই জনগোষ্ঠীৰ লোকসকলৰ মাজতো আছে হৃদয়বান বহু লোক। এই লোকসকলৰ বাবেই এগৰাকী মহিলাই যেন নতুন জীৱন লাভ কৰিলে।

দীৰ্ঘদিনৰ মূৰত মণিপুৰত ইণ্টাৰনেট সংযোগ পুনৰ সক্ৰিয় কৰাৰ পাছতেই পোহৰলৈ আহিছিল কিদৰে এদল দুৰ্বৃত্তই দুই মহিলাক উলংগ কৰি ৰাজপথৰে সমদল কৰিছিল। দলবদ্ধ ধৰ্ষণ কৰিছিল অসহায় দুই মহিলাক।

ইয়াৰ মূল কাৰণ আছিল তেওঁলোক অন্য এটা জনগোষ্ঠীৰ। সেইদৰেই মণিপুৰৰ বিভিন্ন অঞ্চলত কুকি আৰু মেইটেইসকলে যেতিয়াই সুবিধা পাইছে পৰস্পৰে পৰস্পৰক আক্ৰমণ কৰি হত্যাও কৰিছে। জ্বলাই দিছে ঘৰ, গাওঁ।

এনে এক পৰিস্থিতিৰ মাজতেই ৪৫ বছৰীয়া এইগৰাকী মেইটেই মহিলাক কুকি সম্প্ৰদায়ৰ এদল মানুহে উদ্ধাৰ কৰি আছাম ৰাইফলছৰ হাতত সুকলমে গতাই দিয়া এক ঘটনা পোহৰলৈ আহিছে।

পাংগাল টাবি গাঁৱৰ বাসিন্দা এই মহিলাগৰাকীয়ে ভুলবশতঃ প্ৰৱেশ কৰিছিল কুকি অধ্যুসিত অঞ্চলত। টেংনুপাল জিলাৰ ছেনাম অঞ্চলত ৩০ জুলাইত সংঘটিত হৈছিল এই ঘটনা।

গাওঁখনৰ বাসিন্দাই অচিনাকী মহিলাগৰাকীক প্ৰত্যক্ষ কৰি সোধ-পোছ কৰি গম পাই তেওঁ এগৰাকী কুকি সম্প্ৰদায়ৰ মহিলা। মহিলাগৰাকীয়ে জানিবলৈ দিয়ে যোৱা ৫ মাহে সন্ধানহীন হৈ আছে তেওঁৰ স্বামী। তেতিয়াৰে পৰা স্বামীৰ সন্ধানত ইফালে-সিফালে ঘূৰি ফুৰা এই মহিলাগৰাকীয়ে ভুলবশতঃ আহি কুকি গাওঁখনত প্ৰৱেশ কৰে।

মেইটেই সম্প্ৰদায়ৰ এই মহিলাগৰাকীৰ যাতে কোনো হানি-বিঘিনি নহয় তাৰ প্ৰতি দৃষ্টি ৰাখি লগে লগে কুকি গাওঁখনৰ ৰাইজে আছাম ৰাইফলছৰ সৈতে যোগাযোগ কৰে। মহিলাগৰাকীৰ সুৰক্ষাৰ কথা চিন্তা কৰিয়েই গাওঁখনৰ পৰা কিছু আঁতৰত থকা আছাম ৰাইফলছৰ এটা দলক তেওঁলোকে এই বিষয়ে অৱগত কৰে।

লগে লগে আছম ৰাইফলছৰ জোৱানসকলে মহিলাগৰাকীৰ সুৰক্ষা নিশ্চিত কৰি গাওঁবাসীৰ হাতৰ চমজি লয় আৰু পৰৱৰ্তী সময়ত আৰক্ষীক গতাই দিয়ে। এই ঘটনাই কুকি-মেইটেইৰ মাজৰ সংঘৰ্ষৰ এক নতুন দিশ উন্মোচিত কৰিছে।

দুয়োটা গোষ্ঠীৰ মাজত শান্তিৰ এক বীজ ৰোপণ হৈছে। মানৱতাৰ বধ্যভূমিলৈ পৰিণত হোৱা মণিপুৰত কুকি গাওঁখনে যি নিদৰ্শন দাঙি ধৰিলে সেই নিদৰ্শন যদি সকলোৱে অনুসৰণ কৰে তেন্তে শীঘ্ৰেই মণিপুৰলৈ শান্তি ঘূৰি আহিব।

কোনো ৰাজনীতিয়ে তেওঁলোকক আকৌ এইদৰে নিজৰ মাজতে যুঁজি মৰিবলৈ বাধ্য কৰিব নোৱাৰে। অৱশ্যে এই শান্তিৰ বাৰ্তাই ৰাজ্যখনৰ সংঘৰ্ষত লিপ্ত থকাসকলক স্পৰ্শ কৰিব পাৰিবনে নাই সেয়া সময়হে ক'ব।

Also Read: একেই কাহিনী, জীৱন সংগ্ৰামঃ ব্ৰঞ্জ জয় কৰা স্বপ্নীলে ক'লে ধোনীয়েই তেওঁৰ আদৰ্শ

মণিপুৰ কুকি মেইটেই