ডিজিটেল সংবাদ, ইটানগৰ : ছিয়াং অঞ্চলত সৃষ্টি হোৱা প্ৰচণ্ড বৰষুণৰ ফলত বৃহৎ ভূমিস্খলনে পুনৰ পাছিঘাট (পূব চিয়াং) আৰু পাংগিন (ছিয়াং)ৰ মাজত পথৰ যোগাযোগ বিচ্ছিন্ন কৰি তুলিছে। পাছিঘাট-পাংগিন ঘাইপথৰ কাষত ছিৰকি, ৰেংগিং ৰট্টুং, কাৰ্ডং, লেলেক, আৰু কালামাটি (দুৰা কোৰং)ত ভূমিস্খলন আৰু শিল খহনীয়াৰ সংঘটিত হৈছে।
বৰষুণৰ পানীয়ে কেইবাটাও স্থানত ঘাইপথটো খহাই পেলাইছে। এই আতংকজনক পৰিস্থিতি পৰ্যবেক্ষণ কৰি ছিয়াং জিলা প্ৰশাসনে ট্ৰেভেল এডভাইজাৰী জাৰি কৰি, যাত্ৰীসকলক পৰৱৰ্তী নিৰ্দেশ নোহোৱালৈকে ঘাইপথৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিছে।
ছিয়াঙৰ উপ আয়ুক্ত অতুল টায়েঙে কয় যে, পথটো মুকলি কৰিবলৈ কমেও ৪-৫ দিন লাগিব। পশ্চিম ছিয়াং, শ্বি-য়োমি, আৰু ৰুমগং মহকুমাৰ পৰা অহা যাত্ৰীসকলক অসমলৈ যাবলৈ আলো-বাম-লিকাবালি পথেৰে যাবলৈ পৰামৰ্শ দিয়া হৈছে, আৰু পাংগিন-বলেং মহকুমাৰ পৰা অহা যাত্ৰীসকলক ইংকিয়ং-মাৰিয়াং-পাছিঘাট পথত যাবলৈ পৰামৰ্শ দিয়া হৈছে।
ইয়াৰোপৰি নিশাৰ সময়ত ছিয়াং অঞ্চলৰ ঘাইপথেৰে যাতায়তৰ পৰা বিৰত থাকিবলৈ ৰাইজক আহ্বান জনায়। উল্লেখ্য যে, ১৬ জুলাইত ৰট্টুঙৰ সমীপৰ পাছিঘাট-পাংগিন ঘাইপথৰ এটা অংশত খহনীয়াৰ সৃষ্টি হৈছিল। অঞ্চলটোত হোৱা প্ৰচণ্ড বৰষুণৰ ফলত পাছিঘাট-য়িংকয়ং পথৰ কাষত পংগিং আৰু মৰিয়াঙৰ মাজতো সতেজ ভূমিস্খলনৰ সূচনা হৈছে।
ইফালে শুকুৰবাৰে পংগিং দলঙৰ সমীপৰ ৰিইবি ক’ৰং (নৈ)ৰ ঢৌৱে পানীয়ে উটুৱাই লৈ গৈছিল অস্থায়ী ছাবমেট্ৰ’খন। অৱশ্যে পথটোৰ ৰক্ষণাবেক্ষণৰ দায়িত্ব অৰ্পণ কৰা কোম্পানীটোৱে শনিবাৰে পুৱা ছাবমেট্ৰ’খন পুনৰ নিৰ্মাণ কৰে।
তাৰোপৰি আপাৰ সোৱণশিৰি জিলাৰ বিভিন্ন স্থানত অবিৰত বৰষুণৰ ফলত সৃষ্টি হৈছে প্ৰচণ্ড ভূমিস্খলনৰ। শুকুৰবাৰে তালিহা চহৰৰ ডনী কলনীত সংঘটিত হোৱা ভূমিস্খলনত পুছাৰ গিংলো আৰু বিজয় ডুপিটৰ মালিকানাধীন দুটা ঘৰ উটুৱাই লৈ যায়।
আনহাতে দুৰ্যোগৰ ফলত স্থাৱৰ- অস্থাৱৰ দুয়ো ধৰণৰ কেইবাটাও সম্পত্তি ক্ষতিগ্ৰস্ত হোৱা বুলি জানিব পৰা গৈছে। অৱশ্যে এতিয়ালৈকে কোনো মানুহ হতাহতিৰ খবৰ পোৱা নাই।
Also Read: মুকালমুৱাত ভয়ংকৰ পথ দুৰ্ঘটনা : ডাম্পাৰে মহটিয়াই নিলে ই-ৰিক্সা