মণিপুৰৰ ৰাজ্যপাল হিচাপে শপতগ্ৰহণ কৰিলে লক্ষ্মণ প্ৰসাদ আচাৰ্যই...

ৰাজ্যৰ শান্তি ক্ষিপ্ৰতাৰে ঘূৰাই আনিবলৈ প্ৰাৰ্থনা
মণিপুৰৰ ৰাজ্যপাল হিচাপে শপতগ্ৰহণ কৰিলে লক্ষ্মণ প্ৰসাদ আচাৰ্যই...
মণিপুৰৰ ৰাজ্যপাল হিচাপে শপতগ্ৰহণ কৰিলে লক্ষ্মণ প্ৰসাদ আচাৰ্যই...
Published on
Updated on

ডিজিটেল সংবাদ বেকাজানঃ মণিপুৰৰ ৰাজ্যপাল নিযুক্তিলাভ কৰা লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি মণিপুৰৰ ৰাজ্যপাল হিচাপে শপত গ্ৰহণ কৰে। আজি ইম্ফলৰ ৰাজভৱনৰ দৰবাৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত শপত গ্ৰহণ অনুষ্ঠানত তেওঁক মণিপুৰৰ মুখ্য ন্যায়াধীশ সিদ্ধাৰ্থ মৃদুলে শপত গ্ৰহণ কৰোৱায়।

শপত গ্ৰহণ অনুষ্ঠানত মুখ্যমন্ত্ৰী এন বীৰেন সিং, মণিপুৰ বিধানসভাৰ অধ্যক্ষ সত্যব্ৰত সিং, প্ৰাক্তন মুখ্যমন্ত্ৰী অ’ ইবোবি সিং আৰু বিধায়ক ৰাধাবিনোদ কয়জাম, মুখ্য সচিব, নিৰাপত্তা উপদেষ্টা, ডিজিপি আৰু জ্যেষ্ঠ অসামৰিক, সামৰিক আৰু আৰক্ষী বিষয়াসকলে অংশগ্ৰহণ কৰে।

শপত গ্ৰহণ কৰাৰ পিছত ৰাজ্যপালগৰাকীয়ে ৰাষ্ট্ৰীয় চ্যেলুট গ্ৰহণ কৰি মণিপুৰ ৰাইফলছ আৰু ইণ্ডিয়া ৰিজাৰ্ভ বেটেলিয়নৰ জোৱানসকলে প্ৰদান কৰা গাৰ্ড অৱ অনাৰ পৰিদৰ্শন কৰে। সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত ৰাজ্যপালগৰাকীয়ে মণিপুৰৰ প্ৰাকৃতিক সৌন্দৰ্য্যক ভূয়সী প্ৰশংসা কৰে।

ৰাজ্যৰ শান্তি ক্ষিপ্ৰতাৰে ঘূৰাই আনিবলৈ প্ৰাৰ্থনা কৰি ৰাইজক মুকলি মনেৰে আগবাঢ়ি আহি, ইজনে সিজনৰ লগত সহযোগিতা আৰু আগন্তুক দিনত ৰাজ্যৰ শান্তি আৰু সমৃদ্ধি সুনিশ্চিত কৰাৰ বাবে একেলগে কাম কৰিবলৈ আহ্বান জনায়।

মণিপুৰৰ ৰাজ্যপাল হিচাপে শপতগ্ৰহণ কৰিলে লক্ষ্মণ প্ৰসাদ আচাৰ্যই...
পুনৰ উজ্জ্বিৱীত হ’ল দক্ষিণ ৰঙিয়া মিলন সাহিত্য সভা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in