মণিপুৰৰ দুই জিলাৰ পৰা উদ্ধাৰ অবৈধ অস্ত্ৰৰ ভাণ্ডাৰ...

মণিপুৰৰ দুই জিলাৰ পৰা উদ্ধাৰ অবৈধ অস্ত্ৰৰ ভাণ্ডাৰ...
মণিপুৰৰ দুই জিলাৰ পৰা উদ্ধাৰ অবৈধ অস্ত্ৰৰ ভাণ্ডাৰ...
Published on
Updated on

ডিজিটেল সংবাদ শিলচৰঃ অশান্ত মণিপুৰত অব্যাহত আছে অবৈধ অস্ত্ৰৰ বিৰুদ্ধে অভিযান। শেহতীয়াকৈ নিৰাপত্তাৰক্ষীয়ে পাহাৰ আৰু সমতল অঞ্চলৰ নিয়ন্ত্ৰণৰ বাবে চলোৱা এক অভিযানৰ সময়ত বহু অস্ত্ৰ, শস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।

এই অভিযানৰ সময়ত জব্দ হোৱা অবৈধ মাৰনাস্ত্ৰ সমূহ ক্ৰমে ৫ টা ২ইঞ্চিৰ মৰ্টাৰ শ্বেল, ৫ টা এইছ ই-৩৬ হেণ্ড গ্ৰেণেড, এটা টিয়েৰ স্ম'ক গ্ৰেণেড, এটা টিয়েৰ স্ম'ক শ্বেল, ২টা টিয়েৰ স্ম'ক শ্বেল ছফ্ট ন'জ (এছ আৰ), এটা ২৮ এম এম ৰাবাৰ কাৰ্টিজ, এটা দেশত নিৰ্মিত মৰ্টাৰ শ্বেল, এটা ২টা মেগজিনৰ সৈতে টা ৯ এম এম চি এম জি, এটা মেগজিনৰ সৈতে ৭.৬৫ এম এম পিষ্টল, এটা ৰিভলভাৰ (দেশত নিৰ্মিত), এটা এয়াৰ গান আৰু এটা এইছ টি আৰ এফ ৱাকি টকী। এই সকলো অস্ত্ৰ উদ্ধাৰ হৈছে থৌবাল জিলাৰ পৰা।

আনহাতে চূড়াচান্দপুৰ জিলাৰ পৰা উদ্ধাৰ হৈছে এটা টিয়েৰ গেছ গান, মেগজিনৰ সৈতে দুটা দেশত নিৰ্মিত ৯ এম এম পিষ্টল, ৬ টা এছ বি বি এল গান, ৪ টা ইম্প্ৰছিভ মৰ্টাৰ (পাম্পি গান)।

মণিপুৰৰ দুই জিলাৰ পৰা উদ্ধাৰ অবৈধ অস্ত্ৰৰ ভাণ্ডাৰ...
অসমৰ পৰা কেতিয়াবাই গ'ল ভাৰত জোড়ো ন্যায় যাত্ৰাঃ নগ'ল কংগ্ৰেছ নেতাৰ দুৰ্দশা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in