কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিঙৰ উপস্থিতিত অৰুণাচলত মেজৰ ৰালেংনাও বব খাথিঙৰ স্মৃতিত সংগ্ৰহালয় মুকলি

সংগ্ৰহালয় স্থান পালে ৬২ৰ যুদ্ধৰ পটভূমিত ৰচনা কৰা প্ৰতিদিন টাইমৰ জ্যেষ্ঠ সাংবাদিক মৃণাল তালুকদাৰৰ ‘১৯৬২’ শীৰ্ষক গ্ৰন্থ

author-image
Asomiya Pratidin
New Update
কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিঙৰ উপস্থিতিত অৰুণাচলত মেজৰ ৰালেংনাও বব খাথিঙৰ স্মৃতিত সংগ্ৰহালয় মুকলি

ডিজিটেল ডেস্ক : চৰ্দাৰ বল্লভভাই পেটেলৰ ১৫০ সংখ্যক জন্ম জয়ন্তীতৰ লগত সংগতি ৰাখি অৰুণাচল প্ৰদেশৰ টাৱাঙত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত মেজৰ ৰালেংনাও বব খাথিঙৰ স্মৃতিত এটি সংগ্ৰহালয় মুকলি কৰা হয়।

কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজুজুসহ আন আন বিশিষ্ট ব্যক্তিসকলৰ সৈতে জনজাতীয় সাজত কেইগৰাকীমান যুৱতী
কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজুজুসহ আন আন বিশিষ্ট ব্যক্তিসকলৰ সৈতে জনজাতীয় সাজত কেইগৰাকীমান যুৱতী

ইয়াৰ উপৰি উক্ত অনুষ্ঠানত উপস্থিত থকা বিশিষ্ট ব্যক্তিসকলে মেজৰ খাথিংৰ সন্দৰ্ভত এক আলোচনাও কৰে। দেশ তথা উত্তৰ- পূবৰ প্ৰতি আগবঢ়োৱা অৱদানৰ কথা সুঁৱৰি মেজৰগৰাকীৰ স্মৃতিচাৰণ কৰা হয় অনুষ্ঠানত।

অনুষ্ঠানত উপস্থিত থকা একাংশ লোক
অনুষ্ঠানত উপস্থিত থকা একাংশ লোক

বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা এই অনুষ্ঠানটিত সভাপতিত্ব কৰে দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে। তাৰোপৰি অনুষ্ঠানত বিশিষ্ট অতিথিৰ আসন অলংকৃত কৰে অৰুণাচল প্ৰদেশৰ ৰাজ্যপাল লেফটেনেণ্ট জেনেৰেল কে টি পৰনায়ক (অৱসৰপ্ৰাপ্ত), মুখ্যমন্ত্ৰী পেমা খাণ্ডু, কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজু। একেদৰে সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙকে ধৰি মেজৰ ৰালেংনাও বব খাথিঙৰ পৰিয়ালবৰ্গ।

অনুষ্ঠানত উপস্থিত থকা একাংশ বিশিষ্ট ব্যক্তি
অনুষ্ঠানত উপস্থিত থকা একাংশ বিশিষ্ট ব্যক্তি

আনহাতে মেজৰ ৰালেংনাও বব খাথিঙৰ অৱদান সুঁৱৰি কৰা আলোচনাত ভাগ লয় সেনাপ্ৰধান জেনেৰেল উপেন্দ্ৰ দ্বিবেদী, জেনেৰেল অফিচাৰ কমাণ্ডিং-ইন-চীফ, ইষ্টাৰ্ণ কমাণ্ড লেফটেনেণ্ট জেনেৰেল আৰ চি তিৱাৰী, জি অ চি ৪ কৰ্পচ লেফটেনেণ্ট জেনেৰেল গম্ভীৰ সিং আৰু অন্যান্য জ্যেষ্ঠ অসামৰিক তথা সামৰিক বিষয়াসকল।

সংগ্ৰহালয় মুকলি কৰা ৰাজনাথ সিং
সংগ্ৰহালয় মুকলি কৰা ৰাজনাথ সিং

মেজৰ খাথিংৰ অৱদানৰ বিষয়ে উল্লেখ কৰি কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিঙে কয়- মেজৰ খাথিঙে টাৱাঙক ভাৰতৰ সৈতে শান্তিপূৰ্ণভাৱে একত্ৰিত কৰিছিল। তেঁওৰ স্মৃতিত আজি মুকলি কৰা 'মিউজিয়াম অৱ ভেলৌৰ' এতিয়া তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি হিচাপে থিয় হৈ থাকিব। সাহসিকতা আৰু দূৰদৰ্শিতা প্ৰতীক এই মিউজিয়াম। যিয়ে অনাগত প্ৰজন্মক সদায়ে অনুপ্ৰেৰণা যোগাব।

মেজৰ ৰালেংনাও বব খাথিঙৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি
মেজৰ ৰালেংনাও বব খাথিঙৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি

মুখ্যমন্ত্ৰী পেমা খাণ্ডুই কয়- এই মিউজিয়ামটোত মেজৰ খাথিংৰ ১৯৫১ চনৰ সুৰক্ষিত অভিযানৰ বিষয়ে প্ৰতিফলিত হ’ব। টাৱাং আমাৰ দেশৰ এক অবিচ্ছেদ্য অংগ। টাৱাঙত দেশৰ সৈতে একত্ৰিত কৰাত তেখেতৰ ভূমিকা অপৰিসীম। খাণ্ডুৱে লগতে এই সংগ্ৰহালয়টো বীৰত্বৰ প্ৰতি এক শ্ৰদ্ধাঞ্জলি আৰু স্মাৰক বুলি অভিহিত কৰে।

আলোচনা হৈ থকাৰ সময়ৰ এখন ফটো
আলোচনা হৈ থকাৰ সময়ৰ এখন ফটো

অনুষ্ঠানত উপস্থিত থকা মুখ্যমন্ত্ৰী এন বীৰেণ সিঙেও এই প্ৰচেষ্টাৰ শলাগ লয়। এনেবোৰ গঠনমূলক কাম- কাজৰ প্ৰতি অৰুণাচলৰ সৈতে তেঁও সহযোগিতা সদায়ে কৰি যাব বুলি মন্তব্য কৰে।

মৃণাল তালুকদাৰৰ ‘১৯৬২’ শীৰ্ষক গ্ৰন্থ  User
মৃণাল তালুকদাৰৰ ‘১৯৬২’ শীৰ্ষক গ্ৰন্থ User

এইখিনিতে এটা কথা উল্লেখ কৰিব লাগিব যে ১৯৬২ চনৰ যুদ্ধৰ পটভূমিত ৰচনা কৰা তথা প্ৰতিদিন টাইমৰ জ্যেষ্ঠ সাংবাদিক মৃণাল তালুকদাৰৰ ‘১৯৬২’ শীৰ্ষক গ্ৰন্থখন সদ্য মুকলি সংগ্ৰহালয়ত ৰখাৰ ব্যৱস্থা কৰে। মৃণাল তালুকদাৰৰ গ্ৰন্থখনত ১৯৬২ চনৰ যুদ্ধৰ উপৰি টাৱাং দখল কৰাত বব খাটিংৰ ঐতিহাসিক ভূমিকাৰ কথা উল্লেখ আছে।

Also Read: চিলাপথাৰত বিশিষ্ট কবি ভূৱন দাসৰ কবিতা পুথি উন্মোচন

museum Tawang Ralengnao ‘Bob’ Khathing