পুনৰ জ্বলিছে মণিপুৰঃ দুখন মেইটেই গাওঁ জ্বলাই দিলে কুকি দুৰ্বৃত্তই...

ইম্ফলৰ পৰাড় বিমানেৰে কমাণ্ডো মোতায়েন
পুনৰ জ্বলিছে মণিপুৰঃ দুখন মেইটেই গাওঁ জ্বলাই দিলে কুকি দুৰ্বৃত্তই...
পুনৰ জ্বলিছে মণিপুৰঃ দুখন মেইটেই গাওঁ জ্বলাই দিলে কুকি দুৰ্বৃত্তই...
Published on
Updated on

ডিজিটেল সংবাদ শিলচৰঃ পুনৰ জ্বলিছে চুবুৰীয়া ৰাজ্য মণিপুৰ। যোৱা বৃহস্পতিবাৰে নিশা জিৰিবামৰ এচ শৰৎ কুমাৰ সিংহ নামৰ এজন ব্যৱসায়ীক দুৰ্বত্তই ডিঙি কাটি হত্যা কৰাৰ পিছত অগ্নিগৰ্ভা হৈ পৰিছে কাছাৰ জিলা সীমান্তৱৰ্তী মনিপুৰৰ জিৰিবাম জিলা।

জিলা প্ৰশাসনে জিলাখনত ১৪৪ ধাৰা আৰু জনতা সান্ধ্য আইন জাৰি কৰাৰ পিছত শনিবাৰে পুনৰ দুখন মেইটেই মণিপুৰী অধ্যুষিত গাওঁ জ্বলাই দিয়ে কুকি জো উগ্ৰপন্থীয়ে। জিৰিবাম জিলাৰ বেক্ৰা মহকুমাৰ অন্তৰ্গত লাইটাং খুনৌ আৰু বুটাংকাল গাঁৱৰ ৭২ টা ঘৰ‌ জ্বলাই দিয়ে দুষ্কৃতিকাৰীয়ে।

আনকি জিৰিবামৰ এটা আৰক্ষী চকীও জ্বলাই দিয়ে দুষ্কৃতিকাৰীয়ে। প্ৰাণৰ ভয়ত ঘৰ-বাৰী এৰি নিৰাপদ স্থানলৈ পলায়ন কৰিছে হাজাৰ হাজাৰ মেইটেই মণিপুৰী লোকে।ইফালে, পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ বিমানেৰে ইম্ফলৰ পৰা বিশাল‌ সংখ্যক কমাণ্ডো বাহিনী জিৰিবামলৈ প্ৰেৰণ কৰা হৈছে। মণিপুৰৰ আৰক্ষী সঞ্চালক প্ৰধানে মণিপুৰ ইষ্ট, কাকছিং আৰু থৌবাল জিলাৰ পৰা কমাণ্ডো বাহিনী প্ৰেৰণ কৰিবলৈ নিৰ্দেশ দিয়া বুলি জানিব পৰা গৈছে।‌

জিৰিবাম জিলাত সংঘটিত হিংসাত্মক পৰিস্থিতি সন্দৰ্ভত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে নব নিৰ্বাচিত সাংসদ ড০ আংগোমচা বিমোল আকোইজামে। ৰাজ্যখনত অব্যাহত থকা অশান্ত পৰিস্থিতিৰ স্থায়ী কৰিব বিচৰা লোকসকলে এই অশান্তিৰ সৃষ্টি কৰিছে বুলি মন্তব্য কৰে নব নিৰ্বাচিত সাংসদগৰাকীয়ে।

শনিবাৰে নিজৰ বাসগৃহত অনুষ্ঠিত এক সংবাদমেলত ড০ বিমোল আকোইজামে ৰাইজৰ জীৱন আৰু সম্পত্তি সুৰক্ষিত কৰাৰ বাবে তাৎক্ষণিক আৰু ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছতে উদ্ভৱ হোৱা এই হিংসাত্মক পৰিস্থিতিয়ে অঞ্চলটোৰ সাধাৰণ জনতাৰ মাজত ব্যাপক শংকা আৰু অনিশ্চয়তাৰ সৃষ্টি কৰা বুলিও মন্তব্য কৰে সাংসদ গৰাকীয়ে।

জিৰিবামত শান্তি সম্প্ৰীতি বজাই ৰাখিবলৈ ৰাইজক আহ্বান জনোৱাৰ লগতে দুষ্কৃতিকাৰীক কঠোৰ হাতেৰে দমন কৰিবলৈ চৰকাৰক দাবী জনাইছে তেওঁ।

পুনৰ জ্বলিছে মণিপুৰঃ দুখন মেইটেই গাওঁ জ্বলাই দিলে কুকি দুৰ্বৃত্তই...
আই পি এছ বিষয়া ৰবীন হিবুক ডিজিপিলৈ পদোন্নতি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in