ডিজিটেল ডেস্কঃ মণিপুৰৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে সোমবাৰে ইম্ফলত এখন গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰে। মূলতঃ মণিপুৰৰ নিৰাপত্তাৰ সন্দৰ্ভত অনুষ্ঠিত হোৱা এই বৈঠকত জিৰিবামৰ হত্যাকাণ্ডৰ সন্দৰ্ভতো আলোচনা কৰা হৈছে।
বৈঠকৰ অন্তত এক্সৰ জৰিয়তে এন বীৰেন সিঙে জিৰিবামত শেহতীয়াকৈ সংঘটিত হত্যাকাণ্ডৰ সন্দৰ্ভত ক্ষোভ প্ৰকাশ কৰি এই ঘটনাৰে জড়িত অপৰাধীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়ে।
আলোচনাত ৰাজ্যখনত আইন-শৃংখলা শক্তিশালী কৰাৰ লগতে সশস্ত্ৰ বাহিনী (বিশেষ ক্ষমতা) আইন (AFSPA) সম্পৰ্কীয় গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।
তেওঁ এক্সত লিখিছে- "আজি শাসকীয় বিধায়কসকলৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত সভাপতিত্ব কৰো, য'ত আমি শেহতীয়াকৈ জিৰিবামত নিৰীহ লোকৰ হত্যাক তীব্ৰ গৰিহণা দিওঁ। নিশ্চিত হওক, ন্যায় নিশ্চিত কৰা হ'ব আৰু অপৰাধীসকলৰ বিৰুদ্ধে দৃঢ় ব্যৱস্থা গ্ৰহণ কৰা হ'ব। ৰাজ্যখনত শান্তি আৰু স্থিৰতা নিশ্চিত কৰাৰ বাবে AFSPA আৰু আইন-শৃংখলা শক্তিশালী কৰাৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছিল।"
বৈঠকত ফুংগিয়াৰ বিধানসভা সমষ্টিৰ নেচনেল পিপলছ পাৰ্টিৰ (এনপিপি) বিধায়ক লেইচিয়ো আৰু বিজেপি বিধায়ক বসন্ত প্ৰেমচন্দ্ৰ, কেবা, অৰুণ, এল ইবোচা, কৰম শ্যাম আৰু এল সুশীলদ্ৰোও উপস্থিত আছিল। ৰাজ্যসভাৰ সাংসদ মহাৰাজা লেইচেম্বা চানাজাওবা আৰু এনপিএফৰ বিধায়ক কাশ্বিম ভাশ্বুমো এই বৈঠকত উপস্থিত আছিল। বৈঠকত মণিপুৰ আৰক্ষীৰ সঞ্চালক প্ৰধান ৰাজীৱ সিঙ, আইন-শৃংখলাৰ অতিৰিক্ত সঞ্চালক প্ৰধান লুফেং কাইলুন আৰু এডিজি ইণ্টেলিজেঞ্চ আশুতোষ কুমাৰ সিনহাও অংশগ্ৰহণ কৰে।
মণিপুৰৰ বৰ্তমানৰ উত্তেজনাময় পৰিস্থিতি আৰু আইন-শৃংখলাজনিত প্ৰত্যাহ্বানৰ বাবে মণিপুৰ চৰকাৰে ইম্ফল পশ্চিম, ইম্ফল পূব, বিষ্ণুপুৰ, কাকচিং, কাংপোকপি, থৌবাল আৰু চুৰাচান্দপুৰ জিলাত ইণ্টাৰনেট আৰু মোবাইল ডাটা সেৱা অস্থায়ীভাৱে কৰ্তন কৰাৰ কথা ঘোষণা কৰে।