মণিপুৰত আকৌ সংঘৰ্ষঃ কুকি উগ্ৰপন্থীৰে গাওঁৰক্ষীৰ গুলীয়াগুলী, ৯জন আহত...

মণিপুৰত আকৌ সংঘৰ্ষঃ কুকি উগ্ৰপন্থীৰে গাওঁৰক্ষীৰ গুলীয়াগুলী, ৯জন আহত...
মণিপুৰত আকৌ সংঘৰ্ষঃ কুকি উগ্ৰপন্থীৰে গাওঁৰক্ষীৰ গুলীয়াগুলী, ৯জন আহত...
Published on
Updated on

ডিজিটেল ডেস্কঃ পুনৰ হিংসাত্মক ঘটনা সংঘটিত হৈছে মণিপুৰত। দুই ফৈদৰ মাজত হোৱা সংঘৰ্ষত আহত হৈছে ৯ জনকৈ লোক। সোমবাৰে সৃষ্টি হোৱা এই সংঘৰ্ষত সন্দেহযুক্ত কুকি উগ্ৰপন্থী আৰু নংছুম গাঁৱৰ স্বেচ্ছাসেৱকসকলৰ মাজত সংঘটিত হয়।

পূৱ ইম্ফল জিলাৰ সাগোলমাং আৰক্ষী থানাৰ অন্তৰ্গত নংছুম গাঁৱত সংঘটিত হোৱা এই ঘটনাত গাওঁখনৰ ৯ জনকৈ লোক আহত হোৱা ঘটনাই পুনৰ ইম্ফলত উত্তেজনা বৃদ্ধি কৰিছে।

ইম্ফল ফ্ৰী প্ৰেছত প্ৰকাশিত খবৰ অনুসৰি এই সংঘাত পুৱাৰ পৰা সন্ধিয়া পৰ্যন্ত অব্যাহত থাকে। পুৱা প্ৰায় ১০ বজাত প্ৰথমে নংছুম গাঁৱৰ দিশত গুলীচালনা কৰে সন্দেহযুক্ত কুকি উগ্ৰপন্থীয়ে।

ইয়াৰ প্ৰত্যুত্তৰত স্বেচ্ছাসৱকসকলেও গুলীচালনা আৰম্ভ কৰে। কুকি উগ্ৰপন্থীসকলে আক্ৰমণ কৰা নংছুম গাওঁখন কাংপোকপি জিলাৰ কাংপকপিৰ সাগোলমাং আৰক্ষী থানাৰ পৰা ৫ কিলোমিটাৰ নিলগত অৱস্থিত।

এই সংঘৰ্ষৰ খবৰ পোৱাৰ লগে লগে অঞ্চলটোৰ দোকান-পোহাৰসমূহ বন্ধ কৰি দিয়া হয় আৰু মহিলাবোৰ ৰাজপথলৈ ওলাই আহি বিশেষকৈ নিৰাপত্তাৰক্ষীৰ বাহনসমূহৰ চালচল বন্ধ কৰি দিয়ে। আনহাতে খোপিবুং গাঁৱৰ প্ৰৱেশ পথত বাংকাৰ আৰু চেণ্ট্ৰী চৌকি স্থাপন কৰা কুকি উগ্ৰপন্থী আৰু নংছুম গাঁৱৰ স্বেচ্ছাসেৱকসকলৰ মাজত গুলীয়াগুলী আৰম্ভ হয়।

তাৰ মাজতে দিনৰ প্ৰায় ১২.৩০ বজাত নংচুম মামাং হিলছৰ জি আৰ দিশৰ পৰা হোৱা গুলী চালনাত ৪ জন লোক আহত হয়। সন্ধিয়ালৈকে চলা এই সংঘৰ্ষত অতি কমেও ৯ জন স্বেচ্ছাসেৱক আহত হৈছে। ইয়াৰে এজনৰ অৱস্থা সংকটজনক বুলি প্ৰকাশ পাইছে। আহতসকলক ইম্ফলৰ ৰাজ মেডিশ্বিটিত ভৰ্তি কৰোৱা হৈছে।

মণিপুৰত আকৌ সংঘৰ্ষঃ কুকি উগ্ৰপন্থীৰে গাওঁৰক্ষীৰ গুলীয়াগুলী, ৯জন আহত...
চীনত খেলিবলৈ গৈ বিপদত লিয়নেল মেছিঃ চীনা সীমান্ত আৰক্ষীয়ে কৰিলে আটক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in