ডিজিটেল ডেস্কঃ পুনৰ উত্তপ্ত মণিপুৰ। ৰাহুল গান্ধীৰ ভ্রমণৰ মাজতে পুনৰ হিংসাত্মক ঘটনাক সৃষ্টি হয় মণিপুৰত। পূব ইম্ফলত বিদ্রোহীৰে গুলীয়াগুলীত আহত হয় ৬ জনকৈ লোকৰ ।
আনহাতে এই ঘটনাত এজন লোকৰ মৃত্যু হোৱাৰ আশংকা কৰা হৈছে। চেনজেম চিৰামত সংঘটিত হৈছে এই ঘটনা। উল্লেখ্য যে, বৃহস্পতিবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে মণিপুৰত উপস্থিত হৈছে কংগ্ৰেছ নেতা ৰাহুল গান্ধী। কিছু সময় পূৰ্বে মণিপুৰত কংগ্ৰেছ নেতাগৰাকী উপস্থিত হৈছিল যদিও পুনৰ হিংসাই গা কৰি উঠে।
উল্লেখ্য যে, ৩ মেৰ পৰা মণিপুৰত আৰম্ভ হৈছিল হিংসাত্মক কাৰ্যকালাপ। জাতিগত সংঘৰ্ষৰ ফলত এই পৰ্যন্ত ১০০ৰো অধিকলোকৰ মৃত্যু হোৱাৰ লগতে আহত হৈছে বহুতো। ইয়াৰ লগতে বহুতৰ ঘৰ-বাৰীৰ বিস্তৰ ক্ষতিসাধন হোৱাৰ লগতে নিৰাপত্তাবাহিনীয়ে উদ্ধাৰ কৰিছে বহুলোকক। কিন্তু বিদ্ৰোহৰ ইমানদিন পাছতো শাম কটা নাই পৰিস্থিতিৰ। কেন্দ্ৰীয় তথা ৰাজ্যচৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে যদিও এতিয়াও শান্তি ঘূৰি অহা নাই মণিপুৰলৈ ।
Also Read: কোৰানৰ ওপৰত ভুলকৈ তথ্যচিত্ৰ নিৰ্মাণ হ'লে আজি পৰিস্থিতি ভয়ংকৰ হ'লহেতেনঃ উচ্চ ন্যায়ালয়