মণিপুৰৰ জ্বলা জুইত ঘিউ ঢালিছে আছাম ৰাইফলছে !

মণিপুৰৰ জ্বলা জুইত ঘিউ ঢালিছে আছাম ৰাইফলছে !

author-image
Asomiya Pratidin
New Update
মণিপুৰৰ জ্বলা জুইত ঘিউ ঢালিছে আছাম ৰাইফলছে !

মণিপুৰৰ জ্বলা জুইত ঘিউ ঢালিছে আছাম ৰাইফলছে !

ডিজিটেল ডেস্কঃ প্ৰায় চাৰে চাৰি মাহৰ সংঘৰ্ষ। ৰাজনৈতিক পাক চক্ৰত পৰি কুকি আৰু মেইটেই এই দুই গোষ্ঠীৰ মাজত সূত্ৰপাত হোৱা সংঘৰ্ষত জ্বলন্ত অগ্নিকুণ্ডলৈ ৰূপান্তৰ হোৱা মণিপুৰত হাজাৰ হাজাৰ লোক গৃহহীন হোৱাৰ উপৰিও মৃত্যু হৈছে ডেৰ শতাধিকতকৈ অধিক লোকৰ। নিখোঁজ হৈ আছে বহুজন।

জানিব পৰা মতে এতিয়াও মণিপুৰত সন্ধানহীন হৈ আছে প্ৰায় ৩৩ জনকৈ লোক। চাৰে চাৰি মাহ অতিক্ৰম কৰা এই গোষ্ঠীগত সংঘৰ্ষই অশান্ত কৰি ৰখা মণিপুৰত শান্তি ঘূৰাই অনাৰ বাবে আছাম ৰাইফলছে কাম কৰি আছে যদিও এই বিষয়টোক লৈ নাৰাজ মেইটেইসকল।

যাৰ বাবে মণিপুৰৰ পৰা আছাম ৰাইফলছক প্ৰত্যাহাৰ কৰাৰ বাবে মেইটেই সংগঠনসমূহ কাষ চাপিছে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ। তেওঁলোকৰ অভিযোগ, আছাম ৰাইফলছে ধাৰাবাহিক ভাৱে কুকিসকলৰ হৈ পক্ষপাতদুষ্ট আচৰণ কৰিছে।

মেইটেই সংগঠনসমূহৰ যৌথ মঞ্চ কোঅৰ্ডিনেটিং কমিটী অন মণিপুৰ ইণ্টিগ্ৰিটি বা কোকোমিৰ প্ৰতিনিধি দলে বৃহস্পতিবাৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক সাক্ষাৎ কৰি মণিপুৰৰ পৰা আছাম ৰাইফলছক প্ৰত্যাহাৰৰ দাবী তুলিছে। ইফালে চলিত সপ্তাহৰ আৰম্ভণিৰ পৰা মণিপুৰ আৰক্ষী আৰু কেন্দ্ৰীয় বাহিনীয়ে গোষ্ঠীগত সংঘৰ্ষৰ মাজতে লুট হোৱা চৰকাৰী অস্ত্ৰ উদ্ধাৰৰ অভিযান আৰম্ভ কৰিছে।

শুকুৰবাৰে মণিপুৰ আৰক্ষীৰ ফালৰ পৰা প্ৰকাশিত এক ৰিপোৰ্টত কোৱা হৈছে যে, যোৱা চাৰে চাৰি মাহৰ হিংসাত্মক ঘটনাত মণিপুৰত ১৭৫ জন লোকৰ মৃত্যু হৈছে।নিহত ১৭৫ জনৰ ভিতৰত ৯৬ জনৰে মৃতদেহ চিনাক্ত কৰিব পৰা হোৱা নাই।

হিংসাত্মক ঘটনাত আহতৰ সংখ্যা ১ হাজাৰ ১১৮ গৰাকী। আনহাতে গোষ্ঠীগত হিংসাৰ কৱলত পৰা অঞ্চলসমূহত এতিয়াও নিখোঁজ হৈ আছে ৩৩ জনকৈ লোক। এই সময়ছোৱাত অগ্নিসংযোগৰ ঘটনা সংঘটিত হৈছে ৫১৭২ টা। ভস্মিভূত হৈছে ৪৭৮৬ টা বাসগৃহ আৰু বিভিন্ন বিভাগৰ কাৰ্যালয় আৰু ৩৮৬ টা ধৰ্মীয় স্থান। আৰক্ষী আৰু কেন্দ্ৰীয় বাহিনীৰ তালাচী আৰু অভিযানৰ মাজত ধ্বংস কৰা হৈছে ৩৬০ টা বাংকাৰ।

বিগত ৩ মে'ৰ পৰা আৰম্ভ হোৱা ধাৰাবাহিক হিংসাত্মক ঘটনাৰ মাজতে বিভিন্ন আৰক্ষী থানা আৰু জিলা আৰক্ষীৰ অস্ত্ৰাগাৰৰ পৰা ৫,৬৬৮ টা অগ্নেয়াস্ত্ৰ, ৫ লাখ গুলা-বাৰুদ লুট হৈছিল। আৰক্ষীৰ প্ৰতিবেদন অনুসৰি ইয়াৰ ভিতৰত ১ হাজাৰ ৩২৯ টা অগ্নেয়াস্ত্ৰ, ১৫ হাজাৰ ৫০ টা কাৰ্তুজ উদ্ধাৰ কৰা হৈছে। বাজেয়াপ্ত হৈছে ৪০০ টা বোমাও।

স্মৰ্তব্য যে, যোৱা আগষ্ট মাহত মণিপুৰৰ ৪০ জন মেইটেই বিধায়কে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ লিখা পত্ৰত ৰাজ্যখনৰ পৰা আছাম ৰাইফলছক আঁতৰাই কোনো বিশ্বাসযোগ্য নিৰাপত্তা বাহিনী মোতায়েন কৰাৰ দাবী কৰিছিল। মণিপুৰত হিংসাত্মক ঘটনা আৰম্ভ হোৱাৰ পাছৰে পৰা বিতৰ্কৰ মাজত সোমাই আছে আছাম ৰাইফলছ।

তেওঁলোকৰ বিৰুদ্ধে কুকিসকলক সহায় কৰাৰ অভিযোগ উত্থাপন হৈছে। অভিযোগ অনুসৰি আছাম ৰাইফলছৰ প্ৰত্যক্ষ সহযোগিতাত ম্যানমাৰ সীমান্তৰে মণিপুৰলৈ অনুপ্ৰৱেশ চলিছে কুকিসকলৰ। ইয়াৰোপৰি কিছুদিন পূৰ্বে মণিপুৰ আৰক্ষীয়েও আছাম ৰাইফলছৰ বিৰুদ্ধে অসহযোগিতাৰ অভিযোগ উত্থাপন কৰিছিল।

অৱশ্যে এই সকলো অভিযোগ নস্যাৎ কৰিছে আছাম ৰাইফলছে। তাৰ মাজতে মণিপুৰৰ বিভিন্ন এলেকাৰ পৰা আছাম ৰাইফলছক প্ৰত্যাহাৰ কৰি তেওঁলোকৰ স্থানত চি আৰ পি এফ মোতায়েন কৰা হৈছে।

Also Read: ৮ বছৰৰ মূৰত পৰাস্ত পাকিস্তান : ফাইনেলত শ্ৰীলংকা

মণিপুৰ আছাম ৰাইফলছ