দুই কিশোৰৰ নৃশংস হত্যাঃ ইন্টাৰনেট সেৱাত পুনৰ নিষেধাজ্ঞা মণিপুৰত

দুই কিশোৰৰ নৃশংস হত্যাকাণ্ডক লৈ মণিপুৰত সংঘটিত হোৱা হিংসাত্মক প্ৰতিবাদৰ মাজতে পুনৰ ইন্টাৰনেট সেৱাত মোবাইল ইন্টাৰনেট সেৱাত নিষেধাজ্ঞা আৰোপ কৰিছে।

author-image
Asomiya Pratidin
New Update
মণিপুৰত হিংসাঃ ৩০ জুনলৈ বৃদ্ধি ইন্টাৰনেট সেৱাৰ নিষেধাজ্ঞা

ডিজিটেল ডেস্কঃ মণিপুৰত পুনৰ বন্ধ হল ইন্টাৰনেট সেৱা। দুই কিশোৰৰ নৃশংস হত্যাকাণ্ডক লৈ মণিপুৰত সংঘটিত হোৱা হিংসাত্মক প্ৰতিবাদৰ মাজতে পুনৰ ইন্টাৰনেট সেৱাত মোবাইল ইন্টাৰনেট সেৱাত নিষেধাজ্ঞা আৰোপ কৰিছে।

এই নিষেধাজ্ঞা দেওবাৰৰ লৈকে কাৰ্যকৰী হ'ব । উল্লেখ্য যে, ৰাজ্যখনত প্ৰায় ৫ মাহ ধৰি ইন্টাৰনেট সেৱাত নিষেধাজ্ঞা আছিল। শেহতীয়াকৈ ইন্টাৰনেট সেৱা মুকলি কৰি দিয়াৰ পাছতে দুই কিশোৰৰ হত্যাৰ এক ফটো ভাইৰেল হৈছিল। তাৰ পাছতে পুনৰ উত্তপ্ত হৈ পৰিছে মণিপুৰ।

আজি শ শ শিক্ষাৰ্থীয়ে এই হত্যাকাণ্ডৰ প্ৰতিবাদত ৰাজপথলৈ ওলাই আহিছিল। তেওঁলোকে মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ বাসগৃহৰ ফালে প্ৰতিবাদ সমদল লৈ আগবাঢ়িছিল যদিও নিৰাপত্তাৰক্ষীয়ে তেওঁলোকক বাধা দিছিল। প্ৰতিবাদকাৰীক বাধা দিবলৈ আৰক্ষীয়ে কন্দুৱা গেছো প্ৰয়োগ কৰিছিল।

উল্লেখ্য যে, যি দুই কিশোৰৰ মৃতদেহৰ ফটো ভাইৰেল হৈছিল তেওঁলোক যোৱা জুলাই মাহৰ পৰা সন্ধানহীন হৈ আছিল। ৩ মে'ৰ পৰা ৰাজ্যখনত আৰম্ভ হোৱা গোষ্ঠীগত সংঘৰ্ষ এতিয়াও শাম কটা নাই। যাৰ বাবে আজিৰ পৰা পুনৰ মোবাইল ইন্টাৰনেট সেৱাত নিষেধাজ্ঞা আৰোপ কৰিছে।

Also Read: শিলঘাটত আঘাতপ্ৰাপ্ত এটা গঁড়কলৈ চিন্তিত বন বিভাগ

manipur