দুই শিশুৰ মৃতদেহৰ ফটো ভাইৰেল হোৱাৰ পাছতে পুনৰ অগ্নিগৰ্ভা পৰিস্থিতি মণিপুৰত

পুনৰ উত্তপ্ত হৈ পৰিছে মণিপুৰ। দুই কিশোৰৰ হত্যাৰ ফটো পোহৰলৈ অহাৰ পাছতেই পুনৰ হিংসাত্মক ঘটনাই গা কৰি উঠে মণিপুৰত।

author-image
Asomiya Pratidin
New Update
দুই শিশুৰ মৃতদেহৰ ফটো ভাইৰেল হোৱাৰ পাছতে পুনৰ অগ্নিগৰ্ভা পৰিস্থিতি মণিপুৰত

ডিজিটেল ডেস্কঃ পুনৰ উত্তপ্ত হৈ পৰিছে মণিপুৰ। দুই কিশোৰৰ হত্যাৰ ফটো পোহৰলৈ অহাৰ পাছতেই পুনৰ হিংসাত্মক ঘটনাই গা কৰি উঠে মণিপুৰত। বুধবাৰে পুৱাৰে পৰা ৰাজ্যখনত হিংসাত্মক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন হয়।

প্ৰতিবাদৰ মাজতে ইম্ফলত আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত সংঘৰ্ষ হয়। পৰিস্থিতি নিয়ন্ত্ৰণলৈ অনাৰ বাবে আৰক্ষীয়ে লাঠী চালনা, কন্দুৱা গেছো নিক্ষেপ কৰে। ইয়াৰ পাছতেই ৰাজ্যখনৰ ৰাজধানীত পুনৰ কাৰ্ফিউ জাৰি কৰা হৈছে।

উল্লেখ্য যে, জুলাইৰ পৰা নিৰুদ্দেশ হৈ থকা এগৰাকী কিশোৰী আৰু এটা কিশোৰৰ মৃতদেহৰ ফটো ভাইৰেল হৈ পৰে। ফটোত দেখা যায় যে সহস্ত্ৰ গোটক সদস্যই তেওঁলোকৰ পিনে অস্ত্ৰ টোৱাই আছে। অন্য এখন ফটোত তেওঁলোকৰ মৃতদেহ মাটিত পৰি আছিল।

এই ঘটনাৰ পাছতেই ৰাজ্যখনত পুনৰ প্ৰতিবাদে গা কৰি উঠিছে। ইয়াৰ ওপৰত লক্ষ্য ৰাখিয়েই ১ অক্টোবৰলৈ ৰাজ্যখনত মোবাইল ইন্টাৰনেট সেৱা বাতিল কৰা হৈছে আনহাতে বিদ্যালয়সমূহো শুকুৰবাৰলৈ বন্ধ ৰখাৰ নিৰ্দেশ দিছে।

৩ মে'ত মণিপুৰত আৰম্ভ হৈছিল গোষ্ঠীগত সংঘৰ্ষ। বৰ্তমান পৰ্যন্ত এই সংঘৰ্ষত ১৭৫ জনৰ মৃত্যু হোৱাৰ উপৰিও আহত হৈছে বহুতো। পৰিস্থিতি কিছু শাম কটা দেখি মণিপুৰত ইন্টাৰনেট সেৱা মুকলি কৰি দিয়া হৈছিল যদিও হিংসাত্মক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি পুনৰ নিষেধাজ্ঞা আৰোপ কৰে।

Also Read: দেহত তেজ, অৰ্ধ নগ্ন অৱস্থাত সহায় বিচাৰি ১২ কিলোমিটাৰ খোজ কাঢ়িলে ধৰ্ষণৰ বলি হোৱা কিশোৰীয়ে...

protest manipur