ডিজিটেল ডেস্কঃ শান্ত নহয় মণিপুৰ ! অগ্নিগৰ্ভা মণিপুৰৰ পৰিস্থিতি পূৰ্বৰ তুলনাত কিছু নিয়ন্ত্ৰিত হৈছিল যদিও নতুন বছৰটোৰ আৰম্ভণিতে পুনৰ সংঘটিত হয় হিংসাত্মক ঘটনা। ফলত ৪ জনকৈ লোকে প্ৰাম হেৰুৱাইছে।
জানিব পৰা মতে সোমবাৰে থাউবাল জিলাৰ লিলং গাঁৱত অচিনাক্ত দুৰ্বৃত্তই স্বয়ংক্ৰিয় অস্ত্ৰৰে নিৰ্বিচাৰ গুলীচালনা কৰে। ফলত ৪ জন লোকৰ থিতাতে নিহত হয় আৰু কেইবাজনো লোক গুৰুতৰভাৱে আহত হয়।
এই ঘটনাৰ পাছতে পুনৰ মণিপুৰৰইম্ফল উপত্যকাত ৫ খন জিলাত সান্ধ্য আইন বলবৎ কৰা হৈছে। ঘটনা সংঘটিত হোৱাৰ পাছতে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে সকলো মন্ত্ৰী আৰু দলীয় বিধায়কৰ সৈতেও গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈছে।
Also Read: নোবেলজয়ী অর্থনীতিবিদ ড° মহম্মদ ইউনুছসহ চাৰিগৰাকীক কাৰাদণ্ড...