মণিপুৰৰ ভাইৰেল ভিডিঅ'ই 'উলংগ' কৰিছে চৰকাৰকো ! শীঘ্ৰেই ভিডিঅ' আঁতৰোৱাৰ নিৰ্দেশ...

মণিপুৰৰ ভাইৰেল ভিডিঅ'ই 'উলংগ' কৰিছে চৰকাৰকো ! শীঘ্ৰেই ভিডিঅ' আঁতৰোৱাৰ নিৰ্দেশ...

author-image
Asomiya Pratidin
New Update
মণিপুৰৰ ভাইৰেল ভিডিঅ'ই 'উলংগ' কৰিছে চৰকাৰকো ! শীঘ্ৰেই ভিডিঅ' আঁতৰোৱাৰ নিৰ্দেশ...

মণিপুৰৰ ভাইৰেল ভিডিঅ'ই 'উলংগ' কৰিছে চৰকাৰকো ! শীঘ্ৰেই ভিডিঅ' আঁতৰোৱাৰ নিৰ্দেশ...

ডিজিটেল ডেস্কঃ মণিপুৰৰ দুই কুকি মহিলাক মেইটেই লোকে উলংগ কৰি ৰাজপথেৰে পেৰেড কৰি যোৱাৰ লগতে দলৱদ্ধ ধৰ্ষণ কৰা বিষয়টোৱে সমগ্ৰ দেশত তোলপাৰ লগাইছে। মণিপুৰৰ আভ্যন্তৰিণ পৰিৱেশ কিমান ভয়াৱহ সেয়া এই ভিডিঅ’টোৱে প্ৰমাণ কৰিছে।

যোৱা ৩ মে’ৰ পৰা আৰম্ভ হোৱা মণিপুৰৰ কুকি আৰু মেইটেইসকলৰ সংঘৰ্ষই দুমাহ অতিক্ৰম কৰিলে। এই সংঘৰ্ষত ইম্ফল জ্বলি শেষ হৈ গৈছে। কুকি মুক্ত হৈছে ইম্ফল চহৰ।

তাৰ পিছতো আজিও কেন্দ্ৰ অথবা ৰাজ্য চৰকাৰে মণিপুৰক শান্ত কৰিব পৰা নাই। মণিপুৰৰ কুকি অথবা মেইটেই কোনেও আৰক্ষী, নিৰাপত্তাৰক্ষীক সমীহ কৰা নাই। এনে পৰিস্থিতিৰ মাজতে বুধবাৰে পোহৰলৈ অহা মণিপুৰৰ এই ভিডিঅ’ই কেন্দ্ৰীয় চৰকাৰক শলঠেকত পেলাইছে।

ফলশ্ৰুতিত এই ভিডিঅ’ টুইটাৰকে ধৰি সামাজিক মাধ্যমৰ পৰা আঁতৰ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে। বিশেষকৈ বৃহস্পতিবাৰৰ পৰা আৰম্ভ হোৱা সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে ভাইৰেল হোৱা এই ভিডিঅ’ই সংসদৰ অধিৱেশন সময়ছোৱাত শাসকীয় পক্ষকো বিপদত পেলাইছে।

সেয়ে কেন্দ্ৰই ইতিমধ্যে টুইটাৰসহ সকলো সামাজিক মাধ্যমৰ কৰ্তৃত্বশীল বিষয়ালৈ নিৰ্দেশ প্ৰদান কৰি কৈছে যে, মণিপুৰৰ এই ভিডিঅ’ অতি সোনকালে আঁতৰাই দিয়ক। এই সন্দৰ্ভত টুইটাৰৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে ভাৰতীয় তথ্য প্ৰযুক্তি মন্ত্ৰণালয়ে ব্যৱস্থা গ্ৰহণ কৰিব পাৰে বুলিও চৰ্চা চলিছে।

কেন্দ্ৰীয় চৰকাৰৰ এক সূত্ৰত প্ৰকাশিত বাতৰি অনুসৰি এই ভিডিঅ’ই আইনশৃংখলা পৰিস্থিতি অবনতি ঘটাব পাৰে। সেয়েহে এই কথা উপলব্ধি কৰি টুইটাৰে নিজাববীয়াকৈ পদক্ষেপ গ্ৰহণ কৰা উচিত আছিল। কিন্তু টুইটাৰ কৰ্তৃপক্ষই এই ভিডিঅ’ প্ৰচাৰতহে অৰিহণা যোগালে।সেয়েহে টুইটাৰে প্ৰশাসনৰ সৈতে অসহযোগিতা কৰা বুলি তথ্য প্ৰযুক্তি মন্ত্ৰণালয়ে বিবেচনা কৰিছে।

উল্লেখ্যে যে, ভাইৰেল হৈ পৰা এই ভিডিঅ’টো যোৱা ৪ মে’ৰ ঘটনা। ইয়াৰ আগদিনা অৰ্থাৎ ৩ মে’ত মণিপুৰত আৰম্ভ হৈছিল গোষ্ঠীগত সংঘৰ্ষ। জানিব পৰা মতে থৌবল জিলাৰ নংপোক ছেকমাই আৰক্ষী থানাৰ অধীনস্থ কোনো এক অঞ্চলত এই দুই কুকি মহিলাক উলংগ কৰি এইদৰে পেৰেড কৰাৰ লগতে দলৱদ্ধ ধৰ্ষণ কৰিছিল।

অৱশ্যে এটা কুকি সংগঠনে এই ঘটনা কংকপি জিলাৰ বুলিহে উল্লেখ কৰিছে। ইফালে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে এই ঘটনাৰ তদন্ত ঘোষণা কৰিছে। আনহাতে কেন্দ্ৰীয় নাৰী আৰু শিশু কল্যাণমন্ত্ৰী স্মৃতি জুবিন ইৰাণিয়ে এই ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি টুইটাৰত লিখিছে, দুই মহিলাৰ ওপৰত ভয়াৱহ যৌন নিৰ্যাতন ঘটনাক তীব্ৰ নিন্দা কৰিছো। মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ সৈতে কথা পাতিছো। তদন্ত চলি আছে। তেওঁ প্ৰতিশ্ৰুতি দিছে ঘটনাৰ ন্যায়িক বিচাৰ হ’ব।

ঘটনা সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ সৈতে টেলিফোনৰ জৰিয়তে আলোচনা কৰিছে। ইফালে দেশৰ উচ্চতম ন্যায়ালয়ৰ মখ্য ন্যায়াধীষ ডি ৱাই চন্দ্ৰচূড়েও প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ভাইৰেল হৈ পৰা দৃশ্যই অশান্তিৰ সৃষ্টি কৰিছে বুলি মন্তব্য কৰিছে।

তেওঁ এয়া সাংবিধানিক অৱমাননা আখ্যা দিছে। যদি চৰকাৰে এই সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে উচ্চতম ন্যায়ালয়ে নিজাববীয়াকৈ ব্যৱস্থা কৰিব বুলিও মন্তব্য কৰিছে। উচ্চতম ন্যায়ালয়ে বিষয়টোৰ প্ৰংসগত কয়, চৰকাৰে সঠিক পদক্ষেপ লোৱাৰ সময় এয়া। এই সন্দৰ্ভত অহা শুকুৰবাৰে শুনানি গ্ৰহণ কৰিব বুলিও উল্লেখ কৰিছে।

উচ্চতম ন্যায়ালয়ে বিষয়টো পৰৱৰ্তী শুক্ৰবাৰে পৰৱৰ্তী শুনানিৰ বাবে পোষ্ট কৰে। স্মৰ্তব্য যে, বিগত ৩ মে’ত জনজাতি ছাত্ৰ সংগঠন অল ট্ৰাইবেল ষ্টুডেণ্টছ ইউনিয়ন অফ মণিপুৰে বাহিৰ কৰা প্ৰতিবাদী সমদলে হিংসাত্মক ৰূপ ধাৰণ কৰিছিল।

বিজেপিত শাসিত ৰাজ্যখনত মেইটেইসকলক জনজাতিৰ মৰ্যাদা দিয়াৰ বিষয়টো সন্দৰ্ভত বিবেচনা কৰিবলৈ মণিপুৰ উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰক বিবেচনা কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছিল। ইয়াৰ পাছতে কুকি সংগঠনসমূহে প্ৰতিবাদ আৰম্ভ কৰিছিল আৰু তাৰ পৰাই এই হিংসাত্মক ঘটনাৰ সূত্ৰপাত হৈছিল।

যোৱা দুমাহৰো অধিক সময় অব্যাহত থকা এই গোষ্ঠীগত সংঘৰ্ষত এই পৰ্যন্ত ২০০ ৰো অধিক লোকৰ মৃত্যু হোৱাৰ লগতে ৫০ হাজাৰৰো অধিক লোক গৃহহীন হৈছে। ইয়াৰ পাছতো মৌন হৈ আছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।এখন পিছত এখনকৈ বিদেশ ভ্ৰমণ কৰি থকা প্ৰধানমন্ত্ৰীৰ আহৰি হোৱা নাই মণিপুৰৰ শান্তি স্থাপনৰ বাবে এটা বাৰ্তা প্ৰেণৰ কৰিবলৈও।  

মণিপুৰ