ডিজিটেল ডেস্কঃ মণিপুৰৰ হিংসাত্মক ঘটনাক লৈ তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে মণিপুৰৰ বিজেপি নেতৃত্বাধীন চৰকাৰ। ৰাজ্যখনত বৰ্ধিত হিংসাত্মক ঘটনাক কোনো নিয়ন্ত্ৰণ কৰিব নোৱাৰা মুখ্যমন্ত্ৰী বীৰেন সিঙৰ নেতৃত্বক লৈ এতিয়া উত্থাপিত হৈছে প্ৰশ্নৰ। মুখ্যমন্ত্ৰীগৰাকীৰ এই স্থিতিৰ বিৰুদ্ধে এতিয়া খোদ মন্ত্ৰীসভাতে সৃষ্টি হৈছে বিসম্বাদৰ।
এই বিসম্বাদৰ উমান পায়ে মুখ্যমন্ত্ৰী বীৰেন সিঙে ৰাজ্যৰ পৰিস্থিতিৰ সন্দৰ্ভত আলোচনা কৰিবলৈ দলীয় মন্ত্ৰী-বিধায়কসকলৰ সৈতে এক বৈঠকৰ আহ্বান কৰিছিল যোৱা মঙলবাৰে। কিন্তু লক্ষ্যণীয়ভাৱে এই সভাত উপস্থিত নাথাকিল বিজেপিৰ ৩৭গৰাকী বিধায়কৰ ভিতৰত ১৯গৰাকী বিধায়ক।
বীৰেন সিঙৰ নেতৃত্বত অনুষ্ঠিত হোৱা এই বৈঠকত উপস্থিত নাথাকিল গ্ৰামীণ বিকাশ দপ্তৰৰ মন্ত্ৰী । আন কেইবাগৰাকীও বিধায়কে ভিন্ন অসুবিধাৰ বাবে এই বৈঠকত উপস্থিত নথকাৰ কথা সদৰি কৰিছে। উল্লেখ কৰা প্ৰয়োজন যে, বিজেপিৰ ৩৭গৰাকী বিধায়কৰ ভিতৰত ৭গৰাকী বিধায়ক হৈছে কুকী সম্প্ৰদায়ৰ। মঙলবাৰৰ এই বৈঠকত এই সাতোগৰাকী বিধায়ক অনুপস্থিত আছিল।
উল্লেখ কৰা প্ৰয়োজন যে, মণিপুৰৰ বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰত আছে এন পি পিৰ ৭গৰাকী বিধায়ক, নগা পিপুলছ ফন্টৰ ৫গৰাকী বিধায়ক, জে ডি ইউৰ এগৰাকী বিধায়ক আৰু ৩গৰাকী নিদৰ্লীয় বিধায়ক। এই সকলো বিধায়কক মঙলবাৰৰ বৈঠকলৈ আমন্ত্ৰণ জনাই দেওবাৰেই মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ পৰা প্ৰেৰণ কৰা হৈছিল নিমন্ত্ৰণী পত্ৰ।
মুখ্যমন্ত্ৰীৰ এই বৈঠকত উপস্থিত নথকা সকলো বিধায়ক লৈ প্ৰেৰণ কৰা হৈছে পত্ৰ। উল্লেখ কৰা প্ৰয়োজন যে, মণিপুৰৰ শেহতীয়া পৰিস্থিতি শেহতীয়াকৈ অধিক অৱনমিত হৈছে। ৰাজ্যখনৰ সৃষ্টি হোৱা অস্থিৰ পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি কৰ্তন কৰা হৈছে ইন্টাৰনেট সেৱাও।