ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে মণিপুৰৰ শান্তি আৰু আইন শৃংখলা পুনৰুদ্ধাৰৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে নিৰাপত্তাবাহিনীক। মন্ত্ৰণালয়ে মণিপুৰৰ পৰিস্থিতিত 'ভঙ্গুৰ' (fragile) আখ্যা দি এক বিবৃতিত কয়, মেইটেই আৰু কুকি-জো সম্প্ৰদায়ৰ সশস্ত্ৰ অপৰাধী হিংসাত্মক কাৰ্যকলাপত লিপ্ত হৈছে। যাৰ ফলত নাগৰিকৰ প্ৰাণহানী আৰু জনজীৱন ব্যাহত হৈ পৰিছে।
মন্ত্ৰণালয়ে সতৰ্ক কৰি কয়, যিকোনো ধৰণৰ হিংসা বা বিশৃংখলতা সৃষ্টিকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ’ব। ৰাজ্যখনৰ কাৰ্যকৰী তদন্তৰ বাবে কিছু গুৰুত্বপূৰ্ণ গোচৰ ৰাষ্ট্ৰীয় নিৰাপত্তা সংস্থা (নিয়া)লৈ হস্তান্তৰ কৰিছে।
তাৰোপৰি ৰাজ্যখনৰ জনসাধাৰণক শান্তি অটুট ৰাখিবলৈ, অসত্যক বিশ্বাস নকৰিবলৈ আৰু নিৰাপত্তাবাহিনীক সহযোগিতা কৰিবলৈ আহ্বান জনাইছে। উল্লেখ্য যে, যোৱা বৃহস্পতিবাৰে মণিপুৰৰ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে মণিপুৰৰ ছখনকৈ আৰক্ষী থানাৰ অন্তৰ্গত অঞ্চলত AFSPA পুনৰ কাৰ্যকৰী কৰাৰ নিৰ্দেশ জাৰি কৰিছিল।
ক’লা আইন হিচাপে পৰিচিত এই কঠোৰ আইনখন ২০২৫ ৰ ৩১ মাৰ্চ পৰ্যন্ত এই অঞ্চলসমূহত কাৰ্যকৰী হৈ থাকিব। AFSPA ই সামৰি লোৱা মণিপুৰৰ এই অঞ্চল কেইটা ক্ৰমে ছেকমাই, লমছাং, লামলই, জিৰিবাম, লেইমাখং আৰু মৈৰাং। এই অঞ্চল কেইটা আছে ক্ৰমে পূৱ ইম্ফল, পশ্মিম ইম্ফল, জিৰিবাম, কাংপোকপি আৰু বিষ্ণুপুৰ জিলাত।
গৃহমন্ত্ৰণালয়ে প্ৰকাশ কৰা মতে মণিপুৰৰ নিৰাপত্তাৰ সামগ্ৰিক পৰিস্থিতি পৰ্যালোচনা কৰাৰ অন্তৰালত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ২০২৩ ৰ মে’ মাহৰ পৰা মণিপুৰত সংঘটিত হোৱা এই গোষ্ঠীগত সংঘৰ্ষত এই পৰ্যন্ত ২০০ ৰো অধিক লোক প্ৰাণ হেৰুৱাইছে। ৬০ হাজাৰৰো অধিক লোক গৃহহীন হৈছে।
অতি শেহতীয়াকৈ যোৱা সোমবাৰে নিৰাপত্তাৰক্ষীৰে হোৱা সংঘৰ্ষত সন্দেহজনক ১০ কুকি বিদ্ৰোহীৰ মৃত্যু হৈছে। অৱশ্যে কুকি সম্প্ৰদায়ে এইসকলক ভলণ্টিয়াৰহে আখ্যা দিছে। তাৰোপৰি একেটা দিনতে অপহৃত ৬ মহিলা, শিশুৰ ভিতৰত ৩ গৰাকীৰ মৃতদেহ শুকুৰবাৰে সন্ধিয়া আৰু ৩ গৰাকীৰ মৃতদেহ শনিবাৰে পুৱা উদ্ধাৰ হৈছে।
सुरक्षा बलों को मणिपुर में व्यवस्था और शांति बहाल करने के लिए आवश्यक कदम उठाने का निर्देश
— Spokesperson, Ministry of Home Affairs (@PIBHomeAffairs) November 16, 2024
विवरण: https://t.co/ynxQZVZTWQ@HMOIndia@PIB_India