মিজোৰাম বিধানসভা নিৰ্বাচনঃ ৩৯ জনীয়া প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিলে কংগ্ৰেছৰ

সোমবাৰে দলটোৱে মিজোৰাম বিধানসভা নিৰ্বাচনৰ বাবে ৩৯ জন প্ৰাৰ্থীৰ এখন তালিকা প্ৰকাশ কৰে।

author-image
Asomiya Pratidin
New Update
মিজোৰাম বিধানসভা নিৰ্বাচনঃ ৩৯ জনীয়া প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিলে কংগ্ৰেছৰ

ডিজিটেল ডেস্কঃ মিজোৰাম বিধানসভা নিৰ্বাচনৰ বাবে প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিলে কংগ্ৰেছে। সোমবাৰে দলটোৱে মিজোৰাম বিধানসভা নিৰ্বাচনৰ বাবে ৩৯ জন প্ৰাৰ্থীৰ এখন তালিকা প্ৰকাশ কৰে। দলৰ ৰাজ্যিক গোটৰ মুৰব্বী লালচাওতাই আইজল পশ্চিম-৩ ত প্ৰতিদ্বন্দ্বিতা কৰিব।

উল্লেখ্য যে ৭ নৱেম্বৰত অনুষ্ঠিত হ'বলগীয়া মিজোৰাম বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যখন ভ্ৰমণৰ বাবে উপস্থিত হৈছে কংগ্ৰেছ নেতা ৰাহুল গান্ধী। দুদিনীয়া ভ্ৰমণসূচীৰে মিজোৰামত গান্ধীয়ে উপস্থিত হোৱাৰ সময়তে প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰে কংগ্ৰেছে।

মিজোৰাম কংগ্ৰেছ কমিটিৰ মুৰব্বী লালচাৱতাক আইজল ৱেষ্ট-৩ (এছটি)ৰ পৰা নিৰ্বাচন কৰাৰ লগতে লালনুনমাৱিয়া চুয়াউংগোক আইজল নৰ্থ-১ (এছটি)ৰ পৰা মনোনীত কৰা হৈছে।

৪০ জনীয়া আসনৰ বাবে মিজোৰাম বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব। ৩ ডিচেম্বৰত মিজোৰামৰ লগতে আন ৪ খন ৰাজ্যৰ নিৰ্বাচনৰ ফলাফল ঘোষণা হ'ব।

Also Read: মহিলাৰ পিতৃ-মাতৃ,ভগ্নী, প্ৰেমিকে মিলি হত্যা কৰিলে অঞ্জন নাথক, ডেৰ মাহৰ পূৰ্বে হৈছিল সকলো পৰিকল্পনা

congress mizoram assembly election