-
Nov 07, 2023 15:47 IST৩ বজালৈকে মিজোৰামত প্ৰায় ৭০ শতাংশ ভোটাধিকাৰ সাব্যস্ত
মিজোৰামত ৩ বজালৈকে প্ৰায় ৭০ শতাংশ ভোটাধিকাৰ সাব্যস্ত হৈছে। নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি৩ বজা পৰ্যন্ত মুঠ ৬৯.৮৭ শতাংশ ভোটাধিকাৰ সাব্যস্ত হৈছে।
-
Nov 07, 2023 15:15 ISTথোৰতে মিজোৰাম নিৰ্বাচনৰ সবিশেষ
-
Nov 07, 2023 15:03 ISTশান্তিৰ বাতাবৰণত ভোটদান মিজো জনতাৰ
মিজোৰামত এই পৰ্যন্ত শান্তিপূৰ্ণভাৱেই অনুষ্ঠিত হৈ আছে ভোটগ্ৰহণ। আইন শৃংখলাজনিত পৰিৱেশ সুস্থিৰ হৈ আছে। ৰাজ্যখনৰ অতিৰিক্ত মুখ্য নিৰ্বাচনী আয়ুক্ত এইছ লিয়ানজেলাই কয়. এতিয়ালৈকে শান্তি আৰু আইন, শৃংখলা অটুত আছে।
-
Nov 07, 2023 13:44 ISTছাৰ্চিপ সমষ্টিত এই পৰ্যন্ত সৰ্বাধিক ভোটাধিকাৰ সাব্যস্ত
মিজোৰামৰ ছাৰ্চিপ সমষ্টিত দিনৰ ১ বজা পৰ্যন্ত মুঠ ৬০.৩৭ শতাংশ ভোটাধিকাৰ সাব্যস্ত হৈছে। একেদৰে খাওজাল সমষ্টিত ৬০.২০ শতাংশ ভোটাধিকাৰ সাব্যস্ত হৈছে। এইপৰ্যন্ত আটাইতকৈ কম আইজন সমষ্টিত ভোটাধিকাৰ সাব্যস্ত হৈছে। সমষ্টিটোত এই পৰ্যন্ত ৪৪.৭১ শতাংশ লোকে ভোটদান সাব্যস্ত কৰিছে।
-
Nov 07, 2023 13:41 ISTদিনৰ ১ বজালৈ ৫১ শতাংশৰো অধিক ভোটাধিকাৰ সাব্যস্ত
মিজোৰামৰ ৪০ টা বিধানসভা সমষ্টিত অব্যাহত থকা ভোটগ্ৰহণ প্ৰক্ৰিয়াৰ মাজতে নিৰ্বাচন আয়োগে প্ৰকাশ কৰা তথ্য অনুসৰি ৰাজ্যখনত ৫১.২২ শতাংশ ভোটাধিকাৰ সাব্যস্ত হৈছে।
-
Nov 07, 2023 12:56 ISTপুনৰ ভোট দিলে জোৰামথাঙ্গাই
মঙ্গলবাৰে পুৱা ভোটগ্ৰহণ আৰম্ভ হোৱাৰ সময়তে ভোটাধিকাৰ সাব্যস্ত কৰিছিল যদিও ভোটিং মেচিনৰ বিজুটিৰ বাবে পুনৰ ভোটদান কৰিবলগীয়া হয় মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাঙ্গাই। ৰাজনৈতিক পৰিৱেশৰ পৰা অনুমান কৰিছো আমি পুনৰ চৰকাৰ গঠন কৰিবলৈ সক্ষম হম আৰু মোৰ সমষ্টিত অভূতপূৰ্ব বিজয় সাব্যস্ত কৰিম।
-
Nov 07, 2023 12:19 ISTমিজোৰামত ৩২ শতাংশৰো অধিক ভোটাধিকাৰ সাব্যস্ত
নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি মিজোৰামত দিনৰ ১২ বজালৈকে ৩২.৬৮ শতাংশ ভোটাধিকাৰ সাব্যস্ত হৈছে। ৰাজ্যখনত এই পৰ্যন্ত সৰ্বাধিক লংটলাই সমষ্টিত ৩৯.৮৮ শতাংশ ভোটাধিকাৰ সাব্যস্ত হৈছে।
-
Nov 07, 2023 12:11 ISTএম এন এফৰ ৰাজ্যসভাৰ সাংসদ ভানলালভেনাৰ দাবী নিৰ্বাচনত তেওঁৰ বিজয় নিশ্চিত
মিজোৰাম বিধানসভা নিৰ্বাচন সন্দৰ্ভত ৰাজ্যসভাৰ সাংসদ তথা এম এন এফৰ প্ৰাৰ্থী কে ভানলালভেনাই আজি সংবাদ মাধ্যমৰ আগত দাবী কৰিছে তেওঁ এই নিৰ্বাচনত বিজয় সাব্যস্ত কৰিব। কাৰণ তেওঁ কামৰ বাবে জনসাধাৰণে তেওঁক ভাল পায়।
#WATCH | Aizawl, Mizoram: On the assembly elections, Rajya Sabha MP and MNF Party candidate K Vanlalvena says, "I will be the winner in these elections... Wherever I visit within my constituency, everybody loves me for my good work...The main agenda will be the development of my… pic.twitter.com/dmmarvWF4L
— ANI (@ANI) November 7, 2023
-
Nov 07, 2023 11:51 IST১১ বজালৈ ২৬ শতাংশৰো অধিক ভোটদান
মিজোৰামত নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি দিনৰ ১১ বজালৈকে ২৬ শতাংশৰো অধিক ভোটদান সাব্যস্ত হৈছে। তথ্য অনুসৰি এই পৰ্যন্ত ২৬.৪৩ শতাংশ ভোটাধিকাৰ সাব্যস্ত হৈছে। আশা কৰা হৈছে ৰাজ্যখনত পূৰ্বতকৈ বৃদ্ধি পাব ভোটাধিকাৰৰ সংখ্যা।
-
Nov 07, 2023 11:41 ISTগণতন্ত্ৰ সৰ্ববৃহৎ উৎসৱত চামিল হোৱাৰ আনন্দ শতায়ু গৰকা বৃদ্ধৰ
গণতন্ত্ৰৰ সৰ্ববৃহৎ উৎসৱত চামিল হোৱাৰ আনন্দত মতলীয়া ১০১ বছৰীয়া বৃদ্ধ। ২৪ দক্ষিণ চাম্ফাই সমষ্টিত আজি ১০১ বছৰীয়া পু ৰুয়ালহনুদালাই তেওঁৰ ৮৬ বছৰীয়া পত্নী পাই থাংলিথলুইক লগত লৈ আহি ভোটাধিকাৰ সাব্যস্ত কৰিলে।
-
Nov 07, 2023 11:05 ISTএকক সংখ্যাগৰিষ্ঠতাৰে মিজোৰামত চৰকাৰ হ'ব ZPM ৰ- কে ছাপাডাঙ্গা
মিজোৰামৰ অন্যতম শক্তিশালী আঞ্চলিক ৰাজনৈতিক দল জেড পি এমৰ কাৰ্যকৰী সভাপতি কে ছাপডাঙ্গাই আইজল নৰ্থ-IIIত ভোটাধিকাৰ সাব্যস্ত কৰিলে। ভোটাধিকাৰ সাব্যস্ত কৰি তেওঁ কয়, মিজোৰামত পৰৱৰ্তী চৰকাৰ গঠন কৰিব জেড পি এমে। উল্লেখ্য, তেওঁ আইজল নৰ্থ-III সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিছে। তেওঁ কয়, আমি সংখ্যাগৰিষ্ঠতা লাভ কৰিম। আমি যথেষ্ট আত্মবিশ্বাসী যে, জেড পি এমে একক সংখ্যাগৰিষ্ঠতা লাভেৰে চৰকাৰ গঠন কৰিম। মুখ্যমন্ত্ৰী জোৰামথাঙ্গাই পুনৰ ক্ষমতা দখলৰ সপোন দেখিলেও তেওঁক জনতাই ভোটদান নকৰে।
-
Nov 07, 2023 10:28 ISTপ্ৰিসংকা গান্ধীয়ে টুইটাৰৰ জৰিয়তে জনালে বিশেষ আহ্বান
কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়েও মিজোৰামৰ সকলো নাগৰিককে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ এক্সৰ জৰিয়তে জনাইছে বিশেষ আহ্বান।
My dear sisters and brothers of Mizoram, a vote for congress party is vote for peace and progress. Come out and vote in large numbers to protect your culture, identity and your way of life.
— Priyanka Gandhi Vadra (@priyankagandhi) November 7, 2023
-
Nov 07, 2023 10:26 ISTৰাজ্যপালে সাব্যস্ত কৰিলে ভোটাধিকাৰ
মিজোৰামৰ ৰাজ্যপাল বাবু কামভামপাতিয়ে ভোটদান কৰিলে। তেওঁ আইজল দক্ষিণ-II ভোটকেন্দ্ৰত গৈ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিছে। ভোটাধিকাৰ সাব্যস্ত কৰি তেওঁ কয়, মিজোৰাম শিক্ষিত ৰাজ্য, ইয়াৰ জনসাধাৰণে নিজৰ অধিকাৰৰ বিষয়ে সজাগ।
-
Nov 07, 2023 10:26 ISTপুৱা ৯ বজালৈ ১২ শতাংশৰো অধিক ভোটদান
পুৱা ৯ বজালৈ ৰাজ্যখনত ১২.৮০ শতাংশ ভোটদান হৈছে। মুঠ ৪০ টা সমষ্টিত অনুষ্ঠিত হোৱা ভোটগ্ৰহণত অভিলেখ সংখ্যক ভোটাধিকাৰ সাব্যস্ত হোৱাৰ সম্ভাৱনা।
-
Nov 07, 2023 10:06 ISTগৃহমন্ত্ৰী অমিত শ্বাহৰ আহ্বান
গৃহমন্ত্ৰী অমিত শ্বাহে মিজোৰামৰ ভোটগ্ৰহণ আৰম্ভ হোৱাৰ সময়তে মিজোৰামৰ ভাতৃ,ভগ্নী তথা যুৱকসকলক আহি ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনাইছে।
I urge our sisters and brothers in Mizoram, especially the youth to come out and vote in large numbers.
Each and every vote will lay the foundation of a developed and prosperous Mizoram.— Amit Shah (@AmitShah) November 7, 2023
-
Nov 07, 2023 09:45 ISTপ্ৰধানমন্ত্ৰীয়ে জনালে বিশেষ আহ্বান
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মিজোৰামৰ জনতাক অভিলেখ সংখ্যক ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনাইছে। বিশেষকৈ তেওঁ যুৱ আৰু প্ৰথমবাৰৰ বাবে ভোটাধিকাৰ সাব্যস্ত কৰাৰ সুযোগ পোৱাসকলক ভোটাধাকিৰা সাব্যস্ত কৰিবলৈ আৰু গণতন্ত্ৰৰ এই উৎসৱ শক্তিশালী কৰিবলৈ অনুৰোধ জনাইছে।
I call upon the people of Mizoram to vote in record numbers. I particularly urge the young and first time voters to exercise their franchise and strengthen the festival of democracy.
— Narendra Modi (@narendramodi) November 7, 2023
-
Nov 07, 2023 09:45 IST৭বজাত আৰম্ভ মিজোৰাম বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ
মিজোৰাম বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ মঙ্গলবাৰে পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে। ভোটগ্ৰহণ আৰম্ভ হোৱাৰ লগে লগে ভোটাধিকাৰ সাব্যস্ত কৰিলে মুখ্যমন্ত্ৰী জোৰামথাঙ্গাই।
LIVE UPDATES: মিজোৰামত এই পৰ্যন্ত প্ৰায় ৭০ শতাংশ ভোটাধিকাৰ সাব্যস্ত...
মিজোৰাম বিধানসভা নিৰ্বাচনৰ লাইভ আপডেট
New Update