ডিজিটেল ডেস্কঃ মিজোৰামৰ মুঠ ৪০ টা বিধানসভা সমষ্টিত আজি অব্যাহত আছে ভোটগ্ৰহণ। নিৰ্বাচনৰ পূৰ্বে প্ৰকাশ পোৱা সমীক্ষা অনুসৰি ৰাজ্যখনত এইবাৰ তিনিকোণীয়া নিৰ্বাচন অনুষ্ঠিত হ'ব।
শাসকীয় এম এন এফ, কংগ্ৰেছ আৰু জোৰাম পিপলছ মোভমেণ্টৰ মাজত অনুষ্ঠিত হ'ব মূল যুঁজখন। অৱশ্য কোনো এটা দলেই লাভ কৰিব নোৱাৰিব সংখ্যাগৰিষ্ঠতা। আনহাতে কিং মেকাৰৰ ভূমিকা গ্ৰহণ কৰিব জোৰাম পিপলছ মোভমেণ্টে।
এই সমীক্ষাৰ বিপৰীতে জোৰাম পিপলছ মোভমেণ্টে দাবী কৰিছে এইবাৰ ৰাজ্যখনত তেওঁলোকে নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠন কৰিব। আজি ভোটাধিকাৰ সাব্যস্ত কৰি জোৰাম পিপলছ মোভমেণ্টৰ কাৰ্যকৰী সভাপতি কে ছাপডাঙ্গাই কয়, আমি সংখ্যাগৰিষ্ঠতা লাভ কৰিম। আমি যথেষ্ট আত্মবিশ্বাসী যে, জেড পি এমে একক সংখ্যাগৰিষ্ঠতা লাভেৰে চৰকাৰ গঠন কৰিম। মুখ্যমন্ত্ৰী জোৰামথাঙ্গাই পুনৰ ক্ষমতা দখলৰ সপোন দেখিলেও তেওঁক জনতাই ভোটদান নকৰে।
উল্লেখ্য যে, মিজোৰামৰ অন্যতম শক্তিশালী আঞ্চলিক ৰাজনৈতিক দল জেড পি এমৰ কাৰ্যকৰী সভাপতি কে ছাপডাঙ্গাই আইজল নৰ্থ-IIIত ভোটাধিকাৰ সাব্যস্ত কৰি এই মন্তব্য কৰিছে। তেওঁ এই সমষ্টিৰ পৰাই প্ৰতিদ্বন্দিতা আগবঢ়াইছে।
Also Read: ছত্তিশগড়ত পুনৰ হ'ব কংগ্ৰেছৰ 'বিশ্বাসৰ চৰকাৰ': প্ৰিয়ংকা গান্ধী...