মুখ্যমন্ত্ৰী হিচাপে শপত ল'লে একালৰ আই পি এছ বিষয়াই...

মুখ্যমন্ত্ৰী হিচাপে শপত ল'লে একালৰ আই পি এছ বিষয়াই...

author-image
Asomiya Pratidin
New Update
মুখ্যমন্ত্ৰী হিচাপে শপত ল'লে একালৰ আই পি এছ বিষয়াই...

মুখ্যমন্ত্ৰী হিচাপে শপত ল'লে একালৰ আই পি এছ বিষয়াই...

ডিজিটেল ডেস্কঃ সদ্য সমাপ্ত মিজোৰাম বিধানসভা নিৰ্বাচনত একক সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰা জোৰাম পিপলছ মোভমেণ্টৰ নেতা লালডুহোমাই ৮ ডিচেম্বৰ, ২০২৩ শুকুৰবাৰে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে পদ আৰু গোপনীয়তাৰ শপত গ্ৰহণ কৰে। উত্তৰ পূৰ্বাঞ্চলৰ এই ৰাজ্যখনত ইতিহাসৰ এক নতুন অধ্যায়ৰ সূচনা কৰি ভাৰতীয় আৰক্ষী সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়াগৰাকীক ৰাজ্যপাল হৰিবাবু কম্ভাম্পতিয়ে শপতবাক্য পাঠ কৰোৱায়।

কে ছপদঙ্গা উপ-মুখ্যমন্ত্ৰী

লালডুহোমাই ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ উপৰিও জেড পি এমৰ কাৰ্যকৰী সভাপতিকে ছপদঙ্গাই উপ-মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰে। ইয়াৰোপৰি শপত গ্ৰহণ কৰে ৭ গৰাকীকৈ কেবিনেট মন্ত্রী আৰু ৪ গৰাকী ৰাজ্যমন্ত্রীয়ে।

নৱ গঠিত চৰকাৰ খনৰ মুখ্যমন্ত্ৰীকে ধৰি অন্যান্য মন্ত্ৰীসকল ক্ৰমে- লালডুহোমা, কে ছপদঙ্গা, লালথানছাংগা, ভানলালহলানা, চি লালচাৱিভুঙ্গা, পিচি ভানলালৰুয়াটা, এফ ৰোডিংলিয়ানা, লালৰিনপুই, বি লালছানজোভা, লালনিলৱামা আৰু লালংঘিংলোভা হমাৰ। অৱশ্যে এতিয়ালৈকে মন্ত্ৰীসকলৰ মাজত বিভাগসমূহ বিতৰণ কৰা হোৱা নাই।

২০১৯ ত আত্মপ্ৰকাশ কৰিছিল জেড পি এমে

২০১৮ ত বিধানসভা নিৰ্বাচনত মিজোৰামৰ কেইবাটাও ক্ষুদ্ৰ ৰাজনৈতিক দলে মিত্ৰতা স্থাপন কৰি জোৰাম পিপলছ মোভমেণ্ট গঠনেৰে লালডুহোমাৰ নেতৃত্বত ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনত প্ৰথমবাৰৰ বাবে অৱতীৰ্ণ হৈছিল।

সেইবাৰ এই মিত্ৰজোঁটে ৮ খন দখল কৰি মিজোৰাম বিধানসভাত মূল বিৰোধী দলৰ ভূমিকা পালন কৰে। নিৰ্বাচনৰ পাছতে এই মিত্ৰজোঁটে ৰাজনৈতিক দল হিচাপে ২০১৯ ত আত্মপ্ৰকাশ কৰে।

দলটোৰ সভাপতি নিৰ্বাচিত হয় লালডুহোমা। এইগৰাকী লালডুহোমা আছিল এসময়ত আই পি এছ বিষয়া। অসমত তেওঁ কিছুদিন সেৱা আগবঢ়ায় দিল্লীত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ নিৰাপত্তাৰ দায়িত্ব পালন কৰিছিল।

আত্মপ্ৰকাশৰ পাছতেই একক সংখ্যাগৰিষ্ঠতা লাভ

লালডুহোমাৰ নেতৃত্বত সদ্যসমাপ্ত বিধানসভা নিৰ্বাচনত জোৰাম পিপল্ছ মোভমেন্ট বিধানসভাৰ ৪০ খন আসনৰ ভিতৰত ২৭ খন আসন লাভ কৰিবলৈ সমৰ্থ হৈছে। ৰাজ্যখনত চৰকাৰ গঠনৰ বাবে প্ৰয়োজন ২১ খন আসন।

ইয়াৰ বিপৰীতে শাসকীয় মিজো নেচনেল ফ্রণ্টে ১০ খন আসনতেই সন্তুষ্ট থাকে। ইয়াৰোপৰি বিজেপিয়ে দুখন আসন লাভ কৰাৰ বিপৰীতে প্ৰায় ২০ বছৰ পর্যন্ত ক্ষমতাত থকা কংগ্ৰেছ দলে এইবাৰৰ নির্বাচনত মাত্র এখন আসনহে লাভ কৰি কোনোমতে অস্তিত্ব ৰক্ষা কৰে।

Also Read: ছিমলাত নিৰ্মাণ হ'ব বিশ্বৰ ভিতৰতে দীৰ্ঘতম ৰোপৱেঃ পৰ্যটকে ব্যৱহাৰ কৰিব নালাগে বাছ !

মিজোৰাম লালডুহোমা