মণিপুৰৰ বাবেই মিজোৰামলৈ আহিবলৈ সাহস কৰা নাই প্ৰধানমন্ত্ৰী মোডীয়ে !

মণিপুৰৰ বাবেই মিজোৰামলৈ আহিবলৈ সাহস কৰা নাই প্ৰধানমন্ত্ৰী মোডীয়ে !
মণিপুৰৰ বাবেই মিজোৰামলৈ আহিবলৈ সাহস কৰা নাই প্ৰধানমন্ত্ৰী মোডীয়ে !
Published on
Updated on

ডিজিটেল ডেস্কঃ মিজোৰাম বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যখনত নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ হৈ উঠিছে। বিশষকৈ ৰাহুল গান্ধীয়ে ৰাজ্যখন ভ্ৰমণ কৰি পদযাত্ৰাত অংশ লোৱাৰ পাছতে মিজোৰামৰ নিৰ্বাচনী বতাহ গৰম হৈ পৰিছে।

ৰাজ্যখনৰ এই নিৰ্বাচনী বতাহক আৰু তীব্ৰতৰ কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৩০ অক্টোবৰত ৰাজ্যখন ভ্ৰমণ কৰাৰ কথা আছিল যদিও নিৰ্ধাৰিত দিন চমু চাপি অহাৰ লগে লগে সেই ভ্ৰমণ কাৰ্যসূচী বাতিল কৰিছে। ৩০ অক্টোবৰত মিজোৰামৰ বাংলাদেশ সীমান্তৰ মামিত বিধানসভা সমষ্টিত মোডীৰ যি নিৰ্বাচনী সভা অনুষ্ঠিত হোৱাৰ কথা আছিল সেই সভা এতিয়া মোডী অবিহনেই অনুষ্ঠিত হ'ব।

মোডীৰ পৰিৱৰ্তে এই সভালৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। উল্লেখ্য যে, এন ডি এৰ অংশ মিজো নেচনেল ফ্ৰণ্টৰ নেতা তথা মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগাই প্ৰধানমন্ত্ৰী মোডীৰ সৈতে একেখন মঞ্চত নবহে বুলি স্পষ্টকৈ কোৱাৰ পাছতে প্ৰধানমন্ত্ৰী মোডীয়ে এই ভ্ৰমণ বাতিল কৰা বিষয়টোৱে বিশেষ তাৎপৰ্য বহন কৰিছে।

এক ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ আগত মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগাই অভিযোগ কৰি কয়, বিজেপি শাসিত চুবুৰীয়া মণিপুৰত মেইটেইসকলে ব্যাপক হাৰত গীৰ্জা ধ্বংস কৰিছে। মণিপুৰ ক্ষেত্ৰত নীৰৱ প্ৰধানমন্ত্ৰী। সেয়ে এয়া বিজেপিৰ সৈতে ঘনিষ্ঠ হোৱাৰ সময় নহয়।

মিজোৰাম মূলতঃ খ্ৰীষ্টান প্ৰধান ৰাজ্য। সেয়ে প্ৰধানমন্ত্ৰী মোডীৰ সৈতে একেখন মঞ্চত তেওঁ বহিলে মিজোৰামৰ খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকল অসন্তুষ্ট হৈ তেওঁৰ বিৰুদ্ধে যোৱাৰ ভয়তে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। মণিপুৰক কেন্দ্ৰ কৰি উদ্ভৱ হোৱা এনে পৰিস্থিতিৰ মাজত কটা ঘাঁত নিমখ দিয়াৰ দৰে এক পৰিৱেশৰ সন্মুখীন হোৱাৰ সাহস কৰিব পৰা নাই প্ৰধানমন্ত্ৰী মোডীয়ে।

নিৰ্বাচন আহিলেই গা সাতখন, আঠখন কৰা প্ৰধানমন্ত্ৰী মোডীয়ে মণিপুৰ কাণ্ডৰ বাবেই মিজোৰামৰ নিৰ্বাচনী প্ৰচাপৰত অংশ ল'বলৈ সাহস কৰা নাই যদিও অৱশ্যে কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই মুকলিকৈ ৰাজ্যখন ভ্ৰমণ কৰাৰ লগতে ব্যাপক হাৰত নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে। কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীৰ ভ্ৰমণৰ সময়ত জনসমুদ্ৰলৈ পৰিণত হোৱা ইম্ফলৰ পৰিৱেশে কংগ্ৰেছ কৰ্মীক দুগুণে কাম কৰাৰ উৎসাহ যোগালে।

ইফালে প্ৰধানমন্ত্ৰী মোডীৰ ভ্ৰমণ বাতিল হোৱাৰ সময়তে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী আৰু শশী ঠাৰুৰ মিজোৰাম ভ্ৰমণ প্ৰায় নিশ্চিত হৈছে বুলি জানিব পৰা গৈছে। সূত্ৰ অনুসৰি কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে প্ৰধানমন্ত্ৰী মোডীয়ে ভ্ৰমণ বাতিল কৰা বাংলাদেশ সীমান্তৰ মামিত বিধানসভা সমষ্টিতে এক জনসভাত অংশগ্ৰহণ কৰিব।

৪ নৱেম্বৰত তেওঁৰ এই কাৰ্যসূচীৰ সময় নিৰ্ধাৰিত কৰা হৈছে। ইয়াৰ আগদিনা ৩ নৱেম্বৰত কংগ্ৰেছ নেতা শশী ঠাৰুৰৰো মিজোৰাম ভ্ৰমণৰ এক সূচী চূড়ান্ত কৰা হৈছে। অৱশ্যে কংগ্ৰেছে এই পৰ্যন্ত আনুষ্ঠানিকভাৱে এই ভ্ৰমণসূচীৰ বিষয়ে প্ৰকাশ কৰা নাই।

মণিপুৰৰ বাবেই মিজোৰামলৈ আহিবলৈ সাহস কৰা নাই প্ৰধানমন্ত্ৰী মোডীয়ে !
মিছাইল, বিমান আক্ৰমণত লাগিল আমনি ! এইবাৰ ভূমিত সমুখ সমৰত হামাছ-ইজাৰইলী সেনা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in