মাল্টিস্পেচিয়েলিটি আয়ুৰ্বেদিক হাস্পতাল 'উহান' উদ্বোধন

মাল্টিস্পেচিয়েলিটি আয়ুৰ্বেদিক হাস্পতাল 'উহান' উদ্বোধন

author-image
Asomiya Pratidin
New Update
মাল্টিস্পেচিয়েলিটি আয়ুৰ্বেদিক হাস্পতাল 'উহান' উদ্বোধন

ডিজিটেল ডেস্ক : উত্তৰ পূব ভাৰতৰ আগশাৰীৰ মাল্টিস্পেচিয়েলিটি আয়ুৰ্বেদিক হাস্পতাল 'উহান' বৃহস্পতিবাৰে ইউ এছ টি এম চৌহদত আনুষ্ঠানিকভাৱে মুকলি কৰে স্বাস্থ্য আৰু পৰিয়ালকল্যাণ মন্ত্ৰী ডাঃএম আম্পাৰিন লিংডোৱে। সম্প্ৰতি ১০০খন বিচনাযুক্ত এই আয়ুৰ্বেদিক চিকিৎসালয়খন আছে ইউ এছ টি এম চৌহদত য'ত আন্তঃবিভাগীয় স্বাস্থ্য গৱেষণা আৰু বিভিন্ন কাৰিকৰী সুবিধা।

এক বিশাল জনসমাৱেশক সম্বোধন কৰি স্বাস্থ্য মন্ত্ৰী ডাঃ এম আম্পাৰিন লিংডোৱে কয়, 'উহানত যি ধৰণৰ আন্তঃ গাঁথনি আৰু সা-সুবিধা আগবঢ়াইছে, সেয়া বিস্ময়কৰ। ইউ এছ টি এম হ'ল একো এখন শিক্ষামূলকগাঁও, এক পৃথক প্ৰতিষ্ঠান।

উহান উদ্বোধন কৰি মই আনন্দিত হৈছো।' তেওঁ কয়, "মই এই কথা জানিবলৈ পাইঅতিশয় আনন্দিত যে আয়ুৰ্বেদ আৰু প্ৰাকৃতিক চিকিৎসা জ্ঞানৰ এনে শাখা যিবোৰে অধিক জনপ্ৰিয়তা লাভ কৰি আহিছে।

অতি কম সময়ৰ ভিতৰতে ইউ এছ টি এমৰ বিকাশক প্ৰশংসা কৰি মন্ত্ৰীগৰাকীয়ে কয় -'মেঘালয় চৰকাৰে মহবুবুল হকৰ দৰে দূৰ দৃষ্টিসম্পন্ন ব্যক্তিৰ সৈতে অংশীদাৰিত্ব স্থাপন কৰি অতি আনন্দিত হৈছোঁ। জ্ঞান কিনিব নোৱাৰে, শিকাব লাগে, প্ৰতিপালন কৰিব লাগে। জ্ঞানৰ বাবে মানুহে নিজৰ জীৱনত আগুৱাই যাব পাৰে। মই আপোনালোকক আশ্বাস দিছো যে মেঘালয় চৰকাৰে ইউ এছ টি এম চৌহদত আগন্তুক পি এচাং মাইণ্টাৰ নেশ্যনেল মেডিকেল কলেজ আৰু হাস্পতাল স্থাপনৰ বাবে পূৰ্ণ সমৰ্থন আগবঢ়াব।'

অনুষ্ঠানত ইউ এছ টি এমৰ আচাৰ্য মহবুবুল হকে কয়, অদূৰ ভৱিষ্যতে ২০৩০ চনৰ পূৰ্বে সকলো স্বাস্থ্যসেৱা বিভাগ-এলোপেথী, ইউনানী, সিদ্ধ আৰু হোমিঅ'পেথীৰ লগতে গৱেষণাগাৰ ইউ এছ টি এমৰ চৌহদত থাকিব। উহানে অভিজ্ঞ আয়ুৰ্বেদিক চিকিৎসক আৰু পেৰামেডিকেল ষ্টাফৰ এক সমৰ্পিত, গতিশীল আৰু যোগ্য দলৰ সৈতে উন্নত নিদান সেৱা আৰু শাস্ত্ৰীয় পঞ্চ কৰ্ম চিকিৎসা প্ৰদান কৰে।

দুৰ্ঘটনা আৰু জৰুৰীকালীনসেৱা,আই পি ডি,আৰু অ' পি ডিৰ সৈতে চিকিৎসালয়খনত বিভিন্ন ধৰণৰ চিকিৎসা আৰু থেৰাপী প্ৰদান কৰা হয়।ইয়াৰ ভিতৰত আছে বনৌষধি,মালিচ,যোগ,ধ্যান আৰু খাদ্যাভ্যাসৰ পৰিৱৰ্তন।

এই হাস্পতালখন বিশেষকৈ আৰ্থৰাইটিছ,হাঁপানি,পাচনতন্ত্ৰৰ বিকাৰৰ দৰে পুৰণি ৰোগৰ চিকিৎসা যথেষ্ট ফলপ্ৰসূ। ইয়াত মানসিকচাপ, উদ্বিগ্নতা আৰু অন্য মানসিক অৱস্থাৰ বাবেও চিকিৎসা প্ৰদান কৰা হয়। ইয়াত অত্যাধুনিক সা-সুবিধা আছে আৰু আয়ুৰ্বেদৰ ক্ষেত্ৰত চিকিৎসকসকল উচ্চ প্ৰশিক্ষণপ্ৰাপ্ত আৰু অভিজ্ঞ।

চিকিৎসাল়খনৰ বিভিন্ন বিভাগসমূহ হ'ল কায়া চিকিৎসা (আয়ুৰ্বেদ ঔষধ), শল্য (শল্য চিকিত্সা), প্ৰসূতিতন্ত্ৰ আৰুস্ত্ৰী ৰোগ (গৰ্ভৰোগ আৰু স্ত্ৰী ৰোগ), শলাক্য (ENT), নেত্ৰ ৰোগ (অপ্টালম'লজি), কুমাৰ কৃত্য (শিশু ৰোগ), স্ৱস্তাবৃত্ত (যোগা এণ্ড ৱেলনেছ চেণ্টাৰ), জেৰিয়াট্ৰিক কেয়াৰ ক্লিনিক, ২৪ ঘণ্টাই ফাৰ্মাচী সেৱা,এম্বুলেন্স সেৱা আৰু কেণ্টিনসেৱা উপলবদ্ধ হ'ব।

লগতে ২৪ ঘণ্টাই প্ৰয়োগশালাৰ সেৱাসমূহৰ ভিতৰত ইউ এছ জি, ই চি জি, এক্স-ৰে, পঞ্চ কৰ্মথেৰাপী, অব্যংগ, স্নেহান, স্বেদন, বামন, বিৰেচনা, নাস্য, শিৰোধাৰা আৰু ৰক্তমোক্ষনৰ অন্যতম সুবিধা থাকিব বুলি উল্লেখ কৰে।

Also Read: ডকাইতৰ আক্রমণত আহত ব্যৱসায়ী

ustm hospital ayurvedic dr. mazel ampareen lyngdoh