ক্ষমা কৰি সকলো পাহৰি গ'লে আমি আকৌ সৌহাৰ্দ্যপূৰ্ণভাৱে জীয়াই থাকিব পাৰিম: মণিপুৰ মুখ্যমন্ত্ৰী

ক্ষমা কৰি সকলো পাহৰি গ'লে আমি  আকৌ সৌহাৰ্দ্যপূৰ্ণভাৱে জীয়াই থাকিব পাৰিম: মণিপুৰ মুখ্যমন্ত্ৰী
Published on
Updated on

ডিজিটেল ডেস্কঃ মণিপুৰত প্ৰায় ৩ মাহ ধৰি হিংসাত্মক ঘটনা সংঘটিত হৈয়ে আছে। আজি স্বাধীনতা দিৱসৰ দিনা ৰাজ্যখনৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে ৰাজ্যবাসীক শান্তি আৰু উন্নয়নৰ পথলৈ উভতিবলৈ আহ্বান জনাইছে।

তেওঁ ৰাজ্যখনত জাতিগত হিংসাৰ বাবে "বাহ্যিক শক্তি"ক দোষাৰোপ কৰে। লগতে কয় যে, ড্ৰাগছৰ বিৰুদ্ধে যুদ্ধ অব্যাহত থাকিব। ইম্ফলত ৭৭ সংখ্যক ভাৰতীয় স্বাধীনতা দিৱস উদযাপনৰ সময়ত ত্ৰিৰংগা উত্তোলন কৰি মুখ্যমন্ত্ৰীয়ে কয়, "ক্ষমা কৰি সকলো পাহৰি গ'লে আমি আকৌ সৌহাৰ্দ্যপূৰ্ণভাৱে জীয়াই থাকিব পাৰিম। যি যোৱা ৩ মাহত মণিপুৰে হেৰুৱাইছে সকলো ঘূৰি আহিব বুলি কয় মুখ্যমন্ত্ৰীয়ে।

মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, হিংসাৰ দ্বাৰা বিকাশ নহয়। যদি আমাৰ মাজত কিবা ভুল বুজা-বুজি আছে তেন্তে সেয়া আলোচনাৰ দ্বাৰা সমাধান হ'ব। আলোচনাৰ বাবে সকলোৰে বাবে দুৱাৰ খোলা আছে বুলি কয় মুখ্যমন্ত্ৰীগৰাকীয়ে।

নাগৰিকসকলক হিংসা বন্ধ কৰিবলৈ আহ্বান জনাই মুখ্যমন্ত্ৰীয়ে কয় যে তেওঁৰ চৰকাৰে ড্ৰাগছৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰাখিব আৰু সাংবিধানিক ব্যৱস্থা অনুসৰি সকলো অবৈধ অনুপ্ৰৱেশকাৰীক চিনাক্ত আৰু আটক কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিব।

ক্ষমা কৰি সকলো পাহৰি গ'লে আমি  আকৌ সৌহাৰ্দ্যপূৰ্ণভাৱে জীয়াই থাকিব পাৰিম: মণিপুৰ মুখ্যমন্ত্ৰী
পত্নী আৰু প্ৰেমিকে মিলি হত্যা কৰিলে স্বামীক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in