ডিজিটেল ডেস্কঃ অশান্ত মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে কৰিব পদত্যাগ ! আজি দিনৰ ১ বজাত মুখ্যমন্ত্ৰী বীৰেন সিঙে সাক্ষাত কৰিব ৰাজ্যখনৰ ৰাজ্যপালগৰাকীক।
ইয়াৰ পাছতেই তেওঁ পদত্যাগ কৰিব বুলি খবৰ আহিছে। মণিপুৰৰ এগৰাকী জ্যেষ্ঠ বিষয়াই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে এই কথা।
উল্লেখ্য যে, যোৱা ৩ মে'ৰ পৰা জ্বলন্ত অগ্নিকুণ্ডলৈ পৰিণত হোৱা মণিপুৰৰ শান্তি স্থাপনৰ ক্ষেত্ৰত চূড়ান্তৰূপত ব্যৰ্থ হৈছে। সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি এন বীৰেন সিঙে নতুন দিল্লীৰ পৰা তেওঁক পদত্যাগ কৰাৰ বাবে হেঁচা প্ৰয়োগ কৰা হৈছে।
তেওঁৰ পদত্যাগৰ জৰিয়তে মণিপুৰ বিধানসভা ভংগ কৰাৰ বাবে তেওঁক বাৰে বাৰে ফোন কৰি উপদেশ দিয়া হৈছে। উল্লেখ্য যে, মণিপুৰৰ ৰাজ্যপালগৰাকীয়েও শেহতীয়াকৈ দিল্লীলৈ গৈ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক সাক্ষাত কৰিছিল।
কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে মণিপুৰ ভ্ৰমণ কৰাৰ সময়তে এইদৰে দিল্লীয়ে এন বীৰেন সিঙক পদত্যাগৰ বাবে হেঁচা প্ৰয়োগ কৰা আৰু তেওঁ পদত্যাগৰ বাবে সাজু হোৱা বিষয়টোৱে এতিয়া পুনৰ সৰ্বত্ৰে চৰ্চা লাভ কৰিছে।
উল্লেখ্য যে মণিপুৰৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব নোৱাৰা বাবে এন বীৰেন সিঙে সৰ্বত্ৰে সমালোচিত হৈছে। বিৰোধী দলৰ উপৰিও তেওঁ নিজ দলৰে সতীৰ্থৰ পৰাও সমালোচিত হৈছে। তেওঁলোকে বীৰেন সিঙৰ পদত্যাগ দাবী কৰি আহিছিল। লগতে বিচাৰিছে ৰাষ্ট্ৰপতিৰ শাসন ।
স্মৰ্তব্য, বিজেপিয়ে প্ৰথমবাৰৰ বাবে ৰাজ্যখনত নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ পিছত ৬২ বছৰীয়া বীৰেন সিঙে বিগত বছৰত দ্বিতীয় কাৰ্যকালৰ বাবে মণিপুৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল। মেইটেই জনগোষ্ঠীৰ নেতা বীৰেন সিঙে ২০১৬ চনত কংগ্ৰেছৰ পৰা বিজেপিত যোগদান কৰিছিল।
২০১৭ চনৰ বিধানসভা নিৰ্বাচনত প্ৰথমবাৰৰ বাবে ৰাজ্যখনত বিজেপিৰ চৰকাৰ গঠন হোৱাৰ পথ মুকলি হৈছিল। এন বীৰে সিঙে বিজেপি চৰকাৰৰ নেতৃত্ব গ্ৰহণ কৰিছিল।
Also Read: মানাহ ৰাষ্ট্ৰীয় উদ্যানত গঁড় হত্যাঃ খৰ্গবিহীন কংকাল উদ্ধাৰ...