-
Feb 27, 2023 16:06 IST৭২.৯ শতাংশ ভোটদানেৰে ইতিহাস ৰচিলে নাগালেণ্ডে
সম্পূৰ্ণ ১০০ শতাংশ নহ'লেও ৭২.৯ শতাংশ ভোটদানেৰে ইতিহাস ৰচিলে নাগালেণ্ডে । ইয়াৰ পূৰ্বে কাহানিও প্ৰত্যক্ষ কৰা হোৱা নাছিল ৰাইজৰ ৰাজনীতিৰ প্ৰতি এনে বৃহৎ সমৰ্থন । এই বৃহৎ সংখ্যক ভোটেৰে অতি শীঘ্ৰেই নাগা ৰাজনৈতিক সমস্যাৰ সমাধান হ'ব বুলি আশাবাদী মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ'...
-
Feb 27, 2023 15:00 ISTদিনৰ ১ বজালৈ নাগালেণ্ডত ৫৭.৬০ শতাংশ ভোটগ্ৰহণ সম্পূৰ্ণ
ইতিহাস সৃষ্টি কৰিলে নাগালেণ্ডে । ৫৭.৬০ শতাংশ ভোটগ্ৰহণেৰে ৰাজ্যৰ ভৱিষ্যত সলনি কৰাৰ দিশে নাগালেণ্ড...
-
Feb 27, 2023 12:55 IST১১ বজালৈ ৩৮ শতাংশ ভোটদান সম্পূৰ্ণ নাগালেণ্ডত
মুঠ ১৮৩ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিশ্চিত হ'ব নাগালেণ্ড নিৰ্বাচনত । দিনৰ ১১ বজালৈ মুঠ ৩৮.৬৮ শতাংশ ভোট গ্ৰহণ সম্পূৰ্ণ হয় ৰাজ্যখনত । ই ৰাজ্যখনৰ বাবে এক নতুন ৰেক'ৰ্ড । ইয়াৰ পূৰ্বে ৪৯.৪৪ শতাংশ ভোট গ্ৰহণ আছিল ৰাজ্যখনৰ বাবে সৰ্বাধিক...
-
Feb 27, 2023 12:13 ISTকটকটীয়া সুৰক্ষা ব্যৱস্থা নাগালেণ্ডত
নাগালেণ্ডৰ বহু কেইটা অঞ্চলত নিৰ্বাচনকেন্দ্ৰিক হিংসা প্ৰত্যক্ষ হোৱাৰ সময়তেই প্ৰশাসনে আৰু কটকটীয়া কৰে সুৰক্ষা ব্যৱস্থা । মুঠ ৩০৫ টা প্ৰতিষ্ঠানৰ পৰা নিৰাপত্তাৰক্ষী মোতায়েন কৰিব লগীয়া হৈছে সমগ্ৰ নাগালেণ্ডত...
-
Feb 27, 2023 12:09 ISTনাগালেণ্ডৰ কহিমাত ভোটদান কৰে মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ'ই
ভোটদান কৰি সংবাদ মাধ্যমৰ সন্মুখত প্ৰদান কৰা ভাষ্য অনুসৰি পঞ্চম বাৰৰ বাবে মুখ্যমন্ত্ৰী হ'ব বুলি আশাবাদী নেইফিউ ৰিঅ'
-
Feb 27, 2023 10:49 ISTহিংসাত্মক ঘটনাৰ মাজতো অব্যাহত আছে নাগালেণ্ডৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া
বিভিন্ন অঞ্চলৰ বিক্ষিপ্ত ঘটনাৰ মাজতেই অব্যাহত আছে ভোটগ্ৰহণ প্ৰক্ৰিয়া । পুৱা ৯ বজালৈ ১৭ শতাংশ ভোটাৰৰ উপস্থিতিয়ে আশা কঢ়িয়াই আনিছে নাগালেণ্ডৰ ৰাজনৈতিক ক্ষেত্ৰখনলৈ...
-
Feb 27, 2023 10:26 ISTআকুলুতো সমষ্টিত বিজয় লাভ কাঝেট' কিমিনিৰ
মেঘালয়ৰ আকুলুতো সমষ্টিত ইতিমধ্যে জয়লাভ কৰিছে বিজেপি প্ৰাৰ্থী কাঝেট' কিমিনিয়ে । বিনা প্ৰতিদ্বন্দিতাৰেই সমষ্টিটোত জয়লাভ কৰাৰ সৈতেই ৫৯ খন আসনৰ বাবেহে অব্যাহত থাকিব যুঁজ...
-
Feb 27, 2023 10:14 ISTএইবাৰ নাগালেণ্ডৰ ভাণ্ডাৰী জিলাত হিংসাত্মক ঘটনা
শূণ্যলৈ গুলী চালনা আৰক্ষীৰ
-
Feb 27, 2023 10:05 ISTএইবাৰ ব্যাহত হ'ল মককচুং জিলাৰ উমা বস্তি ভোটদান কেন্দ্ৰৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া
নাগালেণ্ডৰ ঠায়ে ঠায়ে পৰিলক্ষিত হ'ল নিৰ্বাচনকেন্দ্ৰিক বিক্ষিপ্ত ঘটনা । এইবাৰ মককচুং জিলাৰ উমা বস্তিত দুটা ফৈদৰ মাজত হোৱা হিংসাত্মক ঘটনাক কেন্দ্ৰ কৰি স্তব্ধ ৰখা হ'ল ভোটগ্ৰহণ প্ৰক্ৰিয়া । এন পি পিৰ সমৰ্থকসকলক আক্ৰমণ কৰা ঘটনাই এতিয়া সৃষ্টি কৰিছে উত্তপ্ত পৰিস্থিতিৰ
-
Feb 27, 2023 09:59 ISTভৱিষ্যত সলনি কৰাৰ ক্ষমতা এতিয়াও আছে
নাগালেণ্ডৰ তৌফেমা জিলাত ভোটদানৰ বাবে অপেক্ষাৰত অৱস্থাত দেখা গ'ল জ্যেষ্ঠ নাগৰিকসকলক । উল্লেখ্য যে উক্ত সমষ্টিৰেই প্ৰাৰ্থী বৰ্তমানৰ মুখ্যমন্ত্ৰী নেইফউ ৰিঅ' ।
-
Feb 27, 2023 09:42 ISTনাগালেণ্ডত সাময়িকভাৱে স্তব্ধ ভোটগ্ৰহণ প্ৰক্ৰিয়া
নাগালেণ্ডত সাময়িকভাৱে স্তব্ধ ভোটগ্ৰহণ প্ৰক্ৰিয়া । নাগালেণ্ডৰ আলাংকাকীত উত্তপ্ত পৰিস্থিতি । দুটা ফৈদৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা । শিলগুটি নিক্ষেপ ভোটদাতালৈ...
-
Feb 27, 2023 09:32 ISTনাগালেণ্ডৰ উপ-মুখ্যমন্ত্ৰী য়ানথুংগো পাট্টনে প্ৰদান কৰে ভোট
-
Feb 27, 2023 09:09 ISTনাগালেণ্ডত নিৰ্বাচনী হিংসা
৪০ নং ভাণ্ডাৰী সমষ্টিত এই ঘটনা । এন পি এফ আৰু এন পি পি কৰ্মীৰ মাজত সংঘাত । এন পি এফ ৰ কৰ্মীৰ গুলীত আঘাতপ্ৰাপ্ত এন পি পি কৰ্মী ।
-
Feb 27, 2023 09:00 ISTআৰম্ভ হ'ল নাগালেণ্ড বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া
সৰ্বমুঠ ৬০ খন আসনৰ বাবে হোৱা এই মৰণপণ যুঁজে নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব নাগালেণ্ডৰ ভৱিষ্যতৰ । যাৰ বাবে আজি নাগালেণ্ডৰ সাধাৰণ জনতাৰ হাতত ন্যস্ত আছে এক গুৰু দায়িত্ব তথা শক্তি । এই মুহুৰ্তৰ বিবেচনাই সিদ্ধান্ত গ্ৰহণ কৰিব দীৰ্ঘদিনৰ পৰাই বিভিন্ন সমস্যাত ভাৰাক্ৰান্ত নাগালেণ্ডৰ উত্তৰসূৰীৰ ভৱিষ্যত । তেনেস্থলত এক জড়গ্ৰস্ত শাসকৰ ঠাইত সক্ৰিয়া আৰু সহানুভুতিশীল চৰকাৰৰ আশাত আজি উদ্যমী নাগালেণ্ডৰ বৰ্তমান প্ৰজন্ম...
Nagaland Assembly Election Live Update : নাগালেণ্ড বিধানসভা নিৰ্বাচন
New Update