মণিপুৰৰ শেহতীয়া ৩ হিংসাত্মক ঘটনাৰ তদন্তৰ দায়িত্ব ল'লে NIA ই...

ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা চমুকৈ NIA-এ মণিপুৰ পুনৰ তিনিটাকৈ গোচৰৰ তদন্তৰ দায়িত্ব গ্ৰহণ কৰিছে। এই তিনিওটা গোচৰেই মণিপুৰৰ শেহতীয়া হিংসাৰ সৈতে জড়িত।

author-image
Asomiya Pratidin
New Update
মণিপুৰ

ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা চমুকৈ NIA-এ মণিপুৰ পুনৰ তিনিটাকৈ গোচৰৰ তদন্তৰ দায়িত্ব গ্ৰহণ কৰিছে। এই তিনিওটা গোচৰেই মণিপুৰৰ শেহতীয়া হিংসাৰ সৈতে জড়িত।

শেহতীয়াকৈ কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়ৰ নিৰ্দেশ অনুসৰি নিয়াই মণিপুৰ আৰক্ষীৰ পৰা তিনিওটা গোচৰৰ দায়িত্ব গ্ৰহণ কৰিছে। এই তিনিওটা গোচৰৰ ভিতৰত আছে জিৰিবাম জিলাত নিৰাপত্তা বাহিনী আৰু কুকি বিদ্ৰোহীৰ মাজৰ সংঘৰ্ষৰ গোচৰো। 

এই সংঘৰ্ষত ১০ জনকৈ কুকি বিদ্ৰোহীৰ মৃত্যু হৈছিল। পাছত কুকি সম্প্ৰদায়ে এই ১০ জন নিহতই কুকি বিদ্ৰোহীৰ বিপৰীতে ভলণ্টিয়াৰহে আছিল বুলি দাবী কৰি আহিছে।

একেটা দিনতে আকৌ কুকি বিদ্ৰোহীয়ে মেইটেই সম্প্ৰদায়ৰ কেইবাজনকো অপহৰণৰ এক ঘটনা সংঘটিত কৰিছিল। এই অপহৰণৰ গোচৰো মণিপুৰ আৰক্ষীয়ে নিয়ালৈ হস্তান্তৰ কৰিছে। 

ইফালে শুকুৰবাৰে সন্ধিয়া আৰু শনিবাৰে পুৱা জিৰিবামৰ অসম সীমান্তত অপহৃত ৬ গৰাকীৰে মৃতদেহ উদ্ধাৰ হৈছে। উদ্ধাৰ হোৱা মৃতদেহ কেইটাৰ ভিতৰত আছে ৩ গৰাকী মহিলা আৰু ৩ টা শিশু। এই হত্যা কাণ্ডৰো গোচৰৰ তদন্ত কৰিব নিয়াই।

উল্লেখ্য যে, ১৬ নৱেম্বৰত কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়ে মণিপুৰৰ হিংসাত্মক ঘটনাৰ সকলো গুৰুত্বপূৰ্ণ গোচৰৰ দায়িত্ব ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা চমুকৈ নিয়াৰ হাতলৈ হস্তান্তৰ কৰাৰ নিৰ্দেশ প্ৰদান কৰিছিল। শেহতীয়াকৈ মেইটেই সম্প্ৰদায়ৰ মহিলা, শিশুক অপহৰণ কৰি হত্যা কৰা ঘটনাৰ পাছতে পুনৰ উত্তপ্ত হৈ পৰিছে মণিপুৰ।

ক্ষুদ্ৰ ৰাজ্যখন আকৌ জ্বলিবলৈ আৰম্ভ কৰিছে। এই পৰ্যন্ত মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ লগতে কেইবাজনো মন্ত্ৰী, বিধায়কৰ বাসগৃহত অগ্নি সংযোগ কৰিছে উত্তেজিত জনতাই। দেওবাৰে নিশাও প্ৰতিবাদী জনতাই বিজেপি, কংগ্ৰেছকে ধৰি কেইবাটাও ৰাজনৈতিক দলৰ কাৰ্যালয়, মোবাইল টাৱাৰ আৰু জিৰিবামৰ বিধায়কৰ ঘৰত অগ্নি সংযোগ কৰিছে।

কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে মণিপুৰত শান্তি প্ৰতিষ্ঠাৰ বাবে নিৰাপত্তা বাহিনীক ফ্ৰী হেণ্ড দিছে যদিও ৰাজ্যখনত আইন, শৃংখলাজনিত পৰিস্থিতিৰ অধিক অৱনতি ঘটিছে। এনে পৰিস্থিতিত দেওবাৰে গৃহমন্ত্ৰী অমিত শ্বাহে শীৰ্ষ নিৰাপত্তা বিষয়াসকলৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়।

ৰাজ্যখনৰ জনতাক শান্তি, শৃংখলা অটুট ৰাখিবলৈ আৰু সকলো ক্ষেত্ৰতে নিৰাপত্তা বাহিনীক সহযোগ কৰিবলৈ আহ্বান জনাইছে। মণিপুৰৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ অতিৰিক্ত ২০০০ সশস্ত্ৰ বাহিনী ৰাজ্যখনলৈ প্ৰেৰণ কৰা হৈছে।

যদি প্ৰয়োজন হয় আৰু অধিক সশস্ত্ৰ বাহিনী প্ৰেৰণ কৰিবলৈয়ো সাজু হৈছে গৃহমন্ত্ৰণালয়।আজিও গৃহমন্ত্ৰী অমিত শ্বাহে মণিপুৰ প্ৰসংগত আন এখন গুৰুত্বপূৰ্ণ বৈঠকত বহিব।

 

মণিপুৰ নিয়া