অগ্নিগৰ্ভা মণিপুৰত ২১ জুনৰ পৰা খুলিব স্কুল...

অগ্নিগৰ্ভা মণিপুৰত ২১ জুনৰ পৰা খুলিব স্কুল...

author-image
Asomiya Pratidin
New Update
অগ্নিগৰ্ভা মণিপুৰত ২১ জুনৰ পৰা খুলিব স্কুল...

অগ্নিগৰ্ভা মণিপুৰত ২১ জুনৰ পৰা খুলিব স্কুল...

ডিজিটেল ডেস্কঃ অগ্নিগৰ্ভা মণিপুৰৰ পৰিস্থিতি এতিয়াও স্বাভাৱিক হোৱা নাই। প্ৰায় প্ৰতিদিনেই মণিপুৰত অব্যাহত আছে সংঘৰ্ষ। প্ৰায় প্ৰতি দিনেই জ্বলিছে ঘৰ, চলিছে গুলী, মানুহে হেৰুৱাইছে প্ৰাণ।

তাৰ মাজতে ৰাজ্যখনৰ শিক্ষা বিভাগে জাৰি কৰিছে এক নিৰ্দেশনা। মণিপুৰৰ শিক্ষা সঞ্চালকালয়ৰ পৰা প্ৰাকিশত এক নিৰ্দেশনা অনুসৰি ২১ জুনৰ পৰা ৰাজ্যখনৰ সকলো শিক্ষানুষ্ঠানৰ স্বাভানিক পাঠদান আৰম্ভ হ’ব।

ইয়াৰ বাবে জ’নেল এড্যুকেশ্যন অফিচাৰসকলক প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। উল্লেখ্য যে ১৫ জুনত মুখ্যমন্ত্ৰী এন বীৰেন সিঙে ৰাজ্যখনত স্বাভাৱিক অৱস্থা ঘূৰাই আনিবলৈ কাৰ্ফিউৰ সময় সালসলনি কৰাৰ কথা ঘোষণা কৰিছিল।

তেওঁ কাৰ্ফিউৰ সময় পুৱা ৫ বজাৰ পৰা ৬ বজালৈ বৃদ্ধি কৰাৰ লগতে লাহে লাহে সাধাৰণ জীৱন পুনৰ উদ্ধাৰৰ বাবে পদক্ষেপ গ্ৰহণ কৰাৰ কথা উল্লেখ কৰিছিল। সম্ভৱ হ’লে ২১ জুনৰ পৰা স্কুলসমূহ খোলাৰ কথা চিন্তা, চৰ্চা কৰাৰ কথা ঘোষণা কৰিছিল।

ইয়াৰ পূৰ্বে ১১ জুনত মণিপুৰ এড্যুকেশ্যনেল ডেভলপমেণ্ট এণ্ড ৰিচাৰ্ছ চেণ্টাৰ চমুকৈ MEDRA য়ে কৈছিল যে, পৰিস্থিতি শীঘ্ৰেই উন্নত নহলে বহু শিক্ষাৰ্থীৰ শৈক্ষিক বৰ্ষৰ প্ৰতি ভাবুকি নামি আহিব। ইয়াৰ পাছতেই ৰাজ্যখনৰ শিক্ষা বিভাগৰ এই নিৰ্দেশনা প্ৰকাশ পাইছে।

অৱশ্যে মণিপুৰৰ বৰ্তমানৰ এই জটিল পৰিস্থিতিত কিদৰে বিদ্যালয়সমূহত পাঠদান আৰম্ভ হ'ব অথবা কিদৰে অভিভাৱকে শিশুক বিদ্যালয়লৈ পঠিয়াব সেয়া এক গভীৰ চিন্তাৰ বিষয় হৈ পৰিছে। শিক্ষা বিভাগৰ এই নিৰ্দেশনা প্ৰকাশ হৈছে যদিও এই নিৰ্দেশনা ফলপ্ৰসূ হ'বনে নহয় সেয়া সময়েহে ক'ব।

স্মৰ্তব্য, মণিপুৰৰ বৰ্তমানৰ উত্তপ্ত পৰিস্থিতিৰ বাবেই বহু শিক্ষাৰ্থী এতিয়াও পৰিয়ালৰ সৈতে আশ্ৰয় শিবিৰতেই আছে। তাৰ মাজতে থৌৱাল জিলাৰ ব্যক্তিগত বিদ্যালয় উন্নয়ন কাউন্সিলে আশ্ৰয় শিবিৰ সমূহতেই শিক্ষাৰ্থীক বিনামূলীয়া শিক্ষা প্ৰদানৰ সুযোগ দিছে।

Also Read: স্থায়ী প্ৰধান শিক্ষকৰ পদ সৃষ্টিৰ দাবীৰে শিক্ষকৰ মত-বিনিময় আৰু গণ স্বাক্ষৰ অভিযান...

মণিপুৰ