আইজল ক্লাবত PIB ৰ তিনি নতুন ফৌজদাৰী আইন সন্দৰ্ভত সজাগতামূলক কৰ্মশালা

সংবাদ মাধ্যম আৰু আইন মহাবিদ্যালয়ৰ প্ৰতিনিধিৰ প্ৰশ্নৰ উত্তৰ দিলে সমল ব্যক্তিয়ে
আইজল ক্লাবত PIB ৰ তিনি নতুন ফৌজদাৰী আইন সন্দৰ্ভত সজাগতামূলক কৰ্মশালা
Published on
Updated on

ডিজিটেল ডেস্কঃ১ জুলাইৰ পৰা দেশত কাৰ্যকৰী হোৱা তিনিখন নতুন ফৌজদাৰী আইনৰ সন্দৰ্ভত ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ৰ অধীনস্থ প্ৰেছ ইনফৰমেচন ব্যুৰো, আইজলে বুধবাৰে 'বাৰ্তালাপ' নামেৰে এক সজাগতামূলক কৰ্মশালা অনুষ্ঠিত কৰে। মিজোৰাম বিধানসভাৰ অধ্যক্ষ লালবিয়াকজামাই এই অনুষ্ঠানত অংশগ্ৰহণ কৰি নতুন ফৌজদাৰী আইন তিনিখনৰ প্ৰতি সকলোকে মনযোগ দিবলৈ আৰু ইয়াৰ সুবিধা ল'বলৈ আহ্বান জনায়।

আইজল ক্লাবত অনুষ্ঠিত হোৱা এই কৰ্মশালাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি অধ্যক্ষগৰাকীয়ে কয় যে, জনসাধাৰণে নতুন ফৌজদাৰী আইন তিনিখনৰ বিষয়ে জনাটো অতি দৰকাৰী। কিন্তু নতুন আইন তিনিখনৰ সন্দৰ্ভত সজাগতা সৃষ্টিত সংবাদ মাধ্যমৰ ভূমিকা হ'ব গুৰুত্বপূৰ্ণ।

তেওঁ কয় সকলো লোকেই নিজৰ অধিকাৰক লৈ সজাগ হ'ব লাগিব আৰু এখন গতান্ত্ৰিক দেশত বাস কৰা নাগৰিক হিচাপে আমি নতুন আইনখন মানি চলিব লাগিব। সভাত অধ্যক্ষ লালবিয়াকজামাই কৰ্মচাৰীসকলৰ বাবে প্ৰাৰম্ভিক প্ৰশিক্ষণৰ ওপৰত গুৰুত্ব আৰোপ কৰে আৰু আৰক্ষীৰ কাম-কাজ সুশৃংখলিতভাৱে কৰি যোৱাৰ বাবে ই-এফআইআৰ দাখিল, এফ আই আৰৰ স্থিতি পৰীক্ষা, কিউ আৰ কোডৰ দৰে প্ৰযুক্তিগত উন্নতিৰ ওপৰতো গুৰুত্ব প্ৰদান কৰে।

মিজোৰামৰ আই জি পি লালবিয়াখথাংগাখিয়াংটে অনুষ্ঠানত ভাষণ প্ৰদান কৰি কয় যে, মিজোৰাম আৰক্ষীয়েও তদন্তৰ ক্ষেত্ৰত দেশত প্ৰযোজ্য হোৱা তিনিওখন নতুন ফৌজদাৰী আইন ব্যৱহাৰ কৰিবলৈ সাজু হৈছে। তেওঁ লগতে এই নতুন আইন কেইখন কাৰ্যকৰী কৰাৰ বাবে আৰক্ষীয়ে গ্ৰহণ কৰা পদক্ষেপৰ বিষয়েও উল্লেখ কৰে।

তেওঁ কয়, এন চি আৰ বিৰ বিশেষজ্ঞসকলে মিজোৰাম আৰক্ষীক নতুন আইন কেইখনৰ সন্দৰ্ভত প্ৰশিক্ষণ দিছে। আমাৰ কনিষ্টবলৰ পৰা আৰম্ভ কৰি তাৰ ওপৰৰ পদবীৰ সকলো বিষয়া, কৰ্মচাৰীয়েও এই বিষয়ত ভালদৰে প্ৰশিক্ষিত।

আৰক্ষী মহাপৰিদৰ্শকগৰাকীয়ে লগত কয় যে, নতুন ফৌজদাৰী আইনৰ অধীনত এতিয়াৰে পৰা এজাহাৰ অনলাইন মাধ্যমেৰেই দাখিল কৰিব পাৰিব। এই সন্দৰ্ভত ইতিমধ্যে ১১ খন জিলাৰ ১৪৮ জন আৰক্ষী বিষয়াক প্ৰশিক্ষণ দিয়া হৈছে আৰু তেওঁলোকক এই দায়িত্বত নিয়োজিত কৰিবলৈ সাজু কৰা হৈছে।

অনুষ্ঠানত উত্তৰ পূব জ’নৰ ডাইৰেক্টৰ জেনেৰেল সতীশ নামুদিৰিপাদে কয় যে, এই আইন তিনিখনে জনসাধাৰণক উন্নত শাসন, সুৰক্ষা প্ৰদান কৰিব। কিয়নো পুৰণি আইন ব্যৱস্থাত বহু সংশোধনৰ প্ৰয়োজন আছিল। নতুন আইনে দেশৰ অপৰাধীৰ শাস্তি প্ৰদানত আৰু ন্যায় ব্যৱস্থাক এক নতুনত্ব প্ৰদান কৰিব। নতুন আইনসমূহে সমসাময়িক পৰিস্থিতিৰ সৈতে বিদ্যমান আইনসমূহক প্ৰাসংগিক কৰি তুলিবলৈ আৰু সাধাৰণ মানুহক দ্ৰুত ন্যায় প্ৰদান কৰিবলৈ আইনী প্ৰক্ৰিয়াবোৰ সৰল কৰাৰ ওপৰতো গুৰুত্ব দিছে।

উল্লেখ্য যে, ৩ জুলাই বুধবাৰে আইজল ক্লাবত পি আই বি, আইজলে অনুষ্ঠিত কৰা 'বাৰ্তালাপ' শীৰ্ষক সংবাদ কৰ্মশালাখনত দেশত ১ জুলাইৰ পৰা কাৰ্যকৰী হোৱা তিনিখন নতুন ফৌজদাৰী আইন ক্ৰমে ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য অধিনীয়মৰ সন্দৰ্ভত বিশদভাৱে আলোচনা কৰা হয়।

অনুষ্ঠানত আইনখনৰ কাৰিকৰী দিশসমূহৰ ওপৰত মিজোৰাম চৰকাৰী আইন মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক পি. লালৰেমৰুয়াটিয়ে ন্যায়পালিকাৰ দৃষ্টিভংগী ব্যাখ্যা কৰাৰ উপৰিও অনলাইন তথ্যৰ সন্দৰ্ভত সাধাৰণ ৰাইজৰ সহায়ক হোৱাকৈ তৈয়াৰ কৰাৰ বাবে নতুন আইন তিনিখনক প্ৰশংসা কৰে।

কৰ্মশালাখনত এক মত বিনিময় অনুষ্ঠানো অনুষ্ঠিত হয়। এই মত বিনিময় অনুষ্ঠানত আইন মহাবিদ্যালয়ৰ প্ৰতিনিধি, সংবাদ মাধ্যমৰ সৈতে জড়িত লোকসকলৰ মনত উদয় হোৱা বিভিন্ন প্ৰশ্ন উত্থাপন কৰে আৰু সমল ব্যক্তিসকলে তাৰ উত্তৰ দিয়ে। এই মত বিনিময় অনুষ্ঠানত নতুন ফৌজদাৰী আইন তিনিখনৰ ওপৰত অধিক গুৰুত্ব দিয়া হয়।

আইজল ক্লাবত PIB ৰ তিনি নতুন ফৌজদাৰী আইন সন্দৰ্ভত সজাগতামূলক কৰ্মশালা
তৰল নহয়, সৃজনশীল হওক সৃজনী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in