অশান্ত মণিপুৰত আকৌ অঘটনঃ নিৰাপত্তাৰক্ষীৰ গুলীত প্ৰতিবাদীৰ মৃত্যু...

অশান্ত মণিপুৰত পৰিস্থিতি এতিয়াও উন্নত হোৱা নাই। সোমবাৰে মণিপুৰ আৰক্ষী সূত্ৰই জনোৱা মতে নিৰাপত্তাৰক্ষীৰ গুলীত এজন প্ৰতিবাদকাৰীৰ মৃত্যু হয়। জিৰিবাম জিলাত মৃত্যু হোৱা ২০ বছৰীয়া যুৱকজনৰ নাম কে আথৌবা। 

author-image
Asomiya Pratidin
New Update
মণিপুৰত নিৰাপত্তাৰক্ষীৰ গুলীত নিহত এজন

ডিজিটেল ডেস্কঃ অশান্ত মণিপুৰত পৰিস্থিতি এতিয়াও উন্নত হোৱা নাই। সোমবাৰে মণিপুৰ আৰক্ষী সূত্ৰই জনোৱা মতে নিৰাপত্তাৰক্ষীৰ গুলীত এজন প্ৰতিবাদকাৰীৰ মৃত্যু হয়। জিৰিবাম জিলাত মৃত্যু হোৱা ২০ বছৰীয়া যুৱকজনৰ নাম কে আথৌবা। 

দেওবাৰে নিশা ১১ বজাত এই ঘটনা সংঘটিত হৈছিল। এদল প্ৰতিবাদকাৰীয়ে বাবু পাৰা নামৰ ঠাইত সমবেত হৈ বিজেপি আৰু কংগ্ৰেছৰ স্থানীয় কাৰ্যালয় দুটা জ্বলাবলৈ আগবাঢ়ি আহিছিল।

জিৰিবাম আৰক্ষী থানাৰ পৰা ৫০০ মিটাৰ নিলগত প্ৰতিবাদকাৰীসকলক ৰোধিবলৈ নিৰাপত্তাৰক্ষীয়ে গুলী চালনা কৰাত এই যুৱকজনৰ মৃত্যু হয়। এই ঘটনাত আন এজন প্ৰতিবাদকাৰী গুৰুতৰভাৱে আহত হৈছে বুলি জানিব পৰা গৈছে।

মণিপুৰৰ এই হিংসাত্মক ঘটনাৰ সন্দৰ্ভত ৰুজু হোৱা তিনিটা গোচৰ তদন্তৰ দায়িত্ব ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা চমুকৈ NIA-এ চমজি লৈছে। কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়ে দিয়া নিৰ্দেশৰ ভিত্তিত এই গোচৰ তিনিটা মণিপুৰ আৰক্ষীয়ে NIAৰ হাতলৈ হস্তান্তৰ কৰিছে।

গোচৰ কেইটাৰ ভিতৰত চি আৰ পি এফৰ সৈতে হোৱা কুকিৰ সংঘৰ্ষ, ৬ জনকৈ মেইটেই সম্প্ৰদায়ৰ লোকক অপহৰণ কৰাৰ গোচৰ আৰু পৰৱৰ্তী সময়ত হত্যাৰ গোচৰো আছে। ইফালে মণিপুৰৰ সাম্প্ৰতিক পৰিস্থিতিত এন বীৰেন সিঙৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি এন পি পিয়ে ৰাজ্যচৰকাৰলৈ আগবঢ়োৱা সমৰ্থন প্ৰত্যাহাৰ কৰিছে। ৰাজ্যখনত আছে এন পি পিৰ ৭ জনকৈ বিধায়ক।

আনহাতে দেওবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মণিপুৰ প্ৰসংগত এক উচ্চস্তৰীয় বৈঠকত বহিছিল। এই বৈঠকৰ পাছত কেতবোৰ নিৰ্দেশনা জাৰি কৰা হৈছিল। আজি পুনৰ গৃহমন্ত্ৰী অমিত শ্বাহে আন এখন উচ্চস্তৰীয় বৈঠকত বহিব আৰু মণিপুৰ সন্দৰ্ভত আলোচনাত বহিব।

মণিপুৰ