আকৌ জ্বলি উঠিছে মণিপুৰঃ ৭ মন্ত্ৰী, বিধায়কৰ বাসগৃহ আক্ৰমণ জনতাৰ...

পুনৰ জ্বলি উঠিছে মণিপুৰ। শুকুৰবাৰ আৰু শনিবাৰে ৬ গৰাকী মহিলা, শিশুৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছতে মণিপুৰত ব্যাপক হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ খবৰ আহিছে। 

author-image
Asomiya Pratidin
New Update
মণিপুৰত বিধায়ক, মন্ত্ৰীৰ ঘৰত অগ্নি সংযোগ

ডিজিটেল ডেস্কঃ পুনৰ জ্বলি উঠিছে মণিপুৰ। শুকুৰবাৰ আৰু শনিবাৰে ৬ গৰাকী মহিলা, শিশুৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছতে মণিপুৰত ব্যাপক হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ খবৰ আহিছে। 

জিৰিবাম জিলাৰ একেটা মেইটেই পৰিয়ালৰ ৬ জনকৈ সদস্যক যোৱা সোমবাৰে অপহৰণ কৰাৰ পাছত শুকুৰবাৰে সন্ধিয়া ৩ গৰাকীৰ আৰু শনিবাৰে পুৱা আন ৩ গৰাকীৰ মৃতদেহ উদ্ধাৰ হয়। এই ৬ মহিলা, শিশুক অপহৰণৰ অভিযোগ উঠিছিল কুকি বিদ্ৰোহীৰ বিৰুদ্ধে।

এইসকলৰ হত্যাৰ ন্যায় বিচাৰি আজি ইম্ফলত ব্যাপক হিংসাত্মক ঘটনা সংঘটিত হৈছে। খবৰ অনুসৰি এই পৰ্যন্ত মুঠ ৭ গৰাকী বিধায়ক তথা মন্ত্ৰীৰ ঘৰত উত্তেজিত জনতাই আক্ৰমণ কৰিছে।

এনে পৰিস্থিতিত পূৱ আৰু পশ্চিম ইম্ফলত কাৰফিউ জাৰি কৰিছে প্ৰশাসনে। অহা দুদিনৰ বাবে ৭ খন জিলাত কৰ্তন কৰা হৈছে ইণ্টাৰনেট সেৱা। ইণ্টাৰনেট কৰ্তন কৰা জিলা কেইখনৰ ভিতৰত আছে বিষ্ণুপুৰ, থৌবাল, কাকচিং, কাংপোকপি, চূড়াচান্দপুৰ।

এগৰাকী আৰক্ষী বিষয়াই জনোৱা মতে প্ৰথমে উত্তেজিত জনতাই ৰাজ্যখনৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ছপন ৰঞ্জনৰ বাসগৃহত আক্ৰমণ কৰে। তাৰ পাছত আন এগৰাকী মন্ত্ৰী সুশীন্দ্ৰ সিঙৰ বাসগৃহত আক্ৰমণৰ চেষ্টা কৰে।

বিধায়ক আৰ কে ইম'ৰ বাসগৃহত আক্ৰমণ কৰি গেটখন ধ্বংস কৰাৰ লগতে বিভিন্ন সামগ্ৰীত অগ্নি সংযোগ কৰিছে। বিধায়ক নিশিকান্ত লাইশ্ৰামৰ বাসগৃহতো আক্ৰমণ কৰি বহু ক্ষতি কৰিছে।

সেইদৰে আক্ৰমণৰ সন্মুখীন হৈছে বিধায়ক অৰুণ, কৰম শ্যাম, ছপন ৰঞ্জন সিং, লাইছাংথেম সুশীন্দ্ৰ মেইটেই। আক্ৰমণৰ সন্মুখীন হোৱা আৰ কে ইম' সম্পৰ্কত মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ জোৱাই।

প্ৰতিবাদকাৰীসকলে চৰকাৰ তথা মুখ্যমন্ত্ৰী এন বীৰেন সিং বিৰোধী বিভিন্ন শ্লোগান দি ২৪ ঘণ্টাৰ ভিতৰত দোষীৰ গ্ৰেপ্তাৰ দাবী কৰিছে। ইয়াৰ মাজতে ৰাজ্যখনৰ মন্ত্ৰী আৰু বিধায়কসকলৰ বাসগৃহত নিৰাপত্তাৰক্ষীৰ সংখ্যা বৃদ্ধি কৰা হৈছে।

উল্লেখ্য, আজিয়েই আকৌ কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়ে মণিপুৰৰ শান্তি ঘূৰাই আনিবলৈ নিৰাপত্তা ৰক্ষীক কঠোৰ নিৰ্দেশ প্ৰদান কৰি ফ্ৰী হেণ্ড দিছে। তাৰোপৰি মণিপুৰবাসীক শান্তি প্ৰতিষ্ঠাৰ ক্ষেত্ৰত নিৰাপত্তাবাহিনীক সহযোগ কৰিবলৈয়ো আহ্বান জনাইছে।। 

মণিপুৰ