ডিজিটেল ডেস্কঃ মিজোৰাম বিধান সভা নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ দুদিনীয়া কাৰ্যসূচীৰে আইজললৈ অহা গান্ধীৰ মিজোৰাম ভ্ৰমণৰ অন্তিম দিন। সোমবাৰে পদযাত্ৰা আৰু ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে অন্তৰংগ আলাপ অনুষ্ঠানত অংশ লোৱা গান্ধীয়ে নিশাটো আইজল ক্লাৱত কটায়।
মঙলবাৰে পুৱা ০৯.৩০ বজাত কংগ্ৰেছ নেতা-কৰ্মীসকলৰল সৈতে গান্ধীয়ে এক বৈঠকত অংশ ল'ব। মিজোৰামৰ নিৰ্বাচনত প্ৰাৰ্থীত্ব লাভ কৰা কংগ্ৰেছৰ প্ৰাৰ্থীসকলো এই বৈঠকত উপস্থিত থাকিব। প্ৰায় এঘন্টা এই বৈঠকত অংশ লোৱাৰ অন্তত ৰাহুল গান্ধীয়ে আইজল ক্লাবতে এক সংবাদমেল সম্বোধন কৰিব।
তাৰপাছত হেলিকপ্টাৰেৰে ৰাহুল গান্ধী যাব লুংলেইৰ অভিমুখে। তাত দুপৰীয়া ১২.৩৫ বজাত এখন নিৰ্বাচনী জনসভাত অংশ ল'ব গান্ধীয়ে।
লুংলেইত নিৰ্বাচনী জনসভাত অংশ লোৱাৰ পাছত আবেলি ২.৫০ বজাত হেলিকপ্টাৰেৰে আগৰতলা অভিমুখে উৰা মাৰিব কংগ্ৰেছ নেতা গৰাকী। আগৰতলাৰ পৰা বিশেষ বিমানেৰে বিয়লি ৩.৪৫ বজাত দিল্লীলৈ ঘূৰিব ৰাহুল গান্ধী।
Also Read: 'এক্সন মুড'ত ধুবুৰী আৰক্ষী : চোৰাং গৰুসহ আটক সৰবৰাহকাৰী