সূৰ্য উঠা দেশৰ আন এক সৌন্দৰ্য পাংগিঙৰ ওলোমা দলং

সূৰ্য উঠা দেশৰ আন এক সৌন্দৰ্য পাংগিঙৰ ওলোমা দলং
Published on
Updated on

ডিজিটেল ডেস্ক : সূৰ্য উঠা দেশ অৰুণাচলক সৌন্দৰ্য দিয়াৰ ক্ষেত্ৰত কৃপণালি কৰা নাই প্ৰকৃতিয়ে। ঢালি-বাকী দিছে কেৱল আৰু কেৱল সৌন্দৰ্য।

যিফালে চাই সিফালে দেখিব অপৰূপ সৌন্দৰ্যৰে ভৰপূৰ এখন শুভ্ৰ দলিচা। তুষাৰে আৱৰা অৰুণাচলৰ মনোমোহা দৃশ্য উপভোগ কৰিবলৈ দেশ-বিদেশৰ পৰা আহে হাজাৰ-হাজাৰ পৰ্যটক।

টাৱাং, বৌদ্ধ মঠ, জিৰ’, পাচিঘাট ইত্যাদিৰ শীতল পৰিৱেশে হাত বাউল দি মাতে পৰ্যটকসকলক। কিন্তু ইয়াৰ মাজতে পংগিঙত থকা এখন ওলোমা দলঙে বিশেষভাৱে আকৰ্ষিত কৰি আহিছে প্ৰত্যাক্ষদৰ্শীক।

এই ওলোমা দলঙখন আছে উজনি চিয়াং জিলাৰ কাটানত অৱস্থিত পংগিং গাঁৱত। ইয়াক পংগিং গাঁৱৰ বাসিন্দাসকলে আয়ুসৰেখা হিচাপে গণ্য কৰি আহিছে। পংগিং এখন তেনেই সৰু গাঁও। বিজ্ঞান আৰু প্ৰযুক্তিয়ে আজিও বৰ বিশেষভাৱে চুব পৰা নাই গাঁওখনক।

বিভিন্ন উৎসৰ পৰা পোৱা তথ্য অনুসৰি গাঁওখনৰ জনসংখ্যা প্ৰায় ৩৩৯ জন। ৫০ ঘৰ মানুহৰে এখন গাঁও হৈছে পংগিং। গাঁৱবাসীৰ যাতায়তৰ মাধ্যম একমাত্ৰ ওলোমা দলঙখন। সেয়ে এই দলঙখনক তেঁওলোকৰ আয়ুসৰেখা হিচাপে গন্য কৰি আহিছে।

এই দলঙখন ধাতৱ পদাৰ্থ আৰু বাঁহৰে নিৰ্মাণ কৰা হৈছিল। ইয়াৰ দৈৰ্ঘ্য ১০ কি.মি বুলি উল্লেখ আছে। এই দলঙখনে পংগিং আৰু বোডাক গাঁৱক সংযোগ কৰিছে।

এই দলঙখনেৰে যিসকলে আহ-যাহ কৰে তেঁওলোকে কেৱল খোজকাঢ়িহে ইপাৰ-সিপাৰ হ’ব লাগে। কোনো যান-বাহন চলাচল কৰিব নোৱাৰে দলঙত।

এই যাত্ৰা যদিও কষ্টকৰ তথাপি দুয়োখন গাঁৱৰ ৰাইজ অভ্যস্ত হৈ পৰিছে। সমান্তৰালকৈ ইয়াৰ যি সৌন্দৰ্য তাত সকলো কষ্ট ম্লান পৰি যায়। যাৰ বাবে পৰ্যটকসকলেও ইখন গাঁৱৰ পৰা সিখন গাঁৱলৈ দলঙখনেৰে খোজকাঢ়ি অনাবিল তৃপ্তি লাভ কৰে। কিয়নো দুয়োপাৰৰ সেইজীয়া পৰিৱেশৰ মাজত দলঙখন হৈ পৰিছে ছেদক।

অৱশ্যে এই দলঙখনৰ ক্ষেত্ৰত নিৰ্ধাৰণ কৰা হৈছে একাধিক নিয়ম। দলঙখনেৰে পাৰ হওতে আপুনি ২০ৰ পৰা ৩০ কেজি পৰ্যন্ত সামগ্ৰীহে কঢ়িয়াই নিব পাৰিব। কিয়নো এই দলঙখন যিয়ে চোৱা-চিতা কৰে তেঁওলোকে দলঙখেনেৰে আহ-যাহ কৰাৰ ক্ষেত্ৰত কেতবোৰ নীতি-নিয়ম বান্ধি দিছে। অতি গধুৰ বয়-বস্তু পাৰ কৰিব নোৱাৰিব দলঙৰ ওপৰেৰে।

নিয়ম-নীতি আছে যদিও চকুত লগা এই দলঙখন তথা ইয়াৰ চৌপাশে থকা সেউজীয়া পৰিৱেশ স্বচক্ষে চাবলৈ আহে হাজাৰ-হাজাৰ পৰ্যটক। যাৰ বাবে ওচৰৰ লোকসকলেও পৰ্যটকসকল আহিলে ব্যৱসায়িক দিশত কিছু লাভৱান হয়।

তেঁওলোকৰ ঘৰতে উৎপাদিত সামগ্ৰীসমূহ ক্ৰয় কৰে পৰ্যটকসকলে। আনহাতে থলুৱা খাদ্যৰো জুতি লয়। সেয়েহে এই দলঙখনক কেন্দ্ৰ কৰিয়ে গঢ়লৈ উঠিছে বাণিজ্যৰ এক পৰিৱেশ। যাৰ বাবে ওলোমা দলঙখন পাংগিঙবাসীৰ বাবে আয়ুসৰেখা হিচাপে চিহ্নিত হৈ আহিছে।

সূৰ্য উঠা দেশৰ আন এক সৌন্দৰ্য পাংগিঙৰ ওলোমা দলং
ৰাঙিলীয়ালত বিপদসংকুল পথ : সুঁতি পাৰ হৈ আহ-যাহ ছাত্ৰ-ছাত্ৰীৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in