ত্ৰিপুৰাৰ কংগ্ৰেছ কৰ্মীৰ ওপৰত হোৱা আক্ৰমণৰ পৰ্যবেক্ষকৰ দায়িত্ব গৌৰৱ গগৈক

এ আই চি চিয়ে জাৰি কৰিলে প্ৰেছ বিজ্ঞপ্তি
ত্ৰিপুৰাৰ কংগ্ৰেছ কৰ্মীৰ ওপৰত হোৱা আক্ৰমণৰ পৰ্যবেক্ষকৰ দায়িত্ব গৌৰৱ গগৈক
ত্ৰিপুৰাৰ কংগ্ৰেছ কৰ্মীৰ ওপৰত হোৱা আক্ৰমণৰ পৰ্যবেক্ষকৰ দায়িত্ব গৌৰৱ গগৈক
Published on
Updated on

ডিজিটেল ডেস্কঃ দায়িত্ব বাঢ়িছে যোৰহাটৰ সাংসদ গৌৰৱ গগৈৰ। লোকসভাত পুনৰবাৰ বিৰোধী উপ-দলপতি হিচাপে গৌৰৱ গগৈক দায়িত্ব দিয়াৰ পাছতেই এইবাৰ দলে তেওঁৰ ওপৰত অৰ্পণ কৰিলে আন এক গধুৰ দায়িত্ব।

ত্ৰিপুৰাত কংগ্ৰেছ কৰ্মী আৰু নেতাৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনাৰ পৰ্যবেক্ষক হিচাপে নিযুক্তি দিয়া হৈছে গৌৰৱক। ইয়াৰোপৰি যোৱা সময়ছোৱাত আন কেইবাখনো ৰাজ্যত সদ্য সমাপ্ত লোকসভা নিৰ্বাচনৰ জয়, পৰাজয়ৰ ফলাফল বিশ্লেষণৰো দায়িত্ব অৰ্পণ কৰা হৈছিল যোৰহাটৰ সাংসদগৰাকীক।

ইয়াৰে মাজতে এইবাৰ তেওঁৰ ওপৰত অৰ্পণ কৰা হৈছে ত্ৰিপুৰাৰ হিংসাত্মক পৰিস্থিতি পৰ্যবেক্ষণৰ দায়িত্ব। উল্লেখ্য যে, পঞ্চায়ত নিৰ্বাচনক কেন্দ্ৰ কৰি চুবুৰীয়া ত্ৰিপুৰাত ব্যাপক হিংসাত্মক ঘটনা সংঘটিত হৈছে।

অহা ৮ আগষ্টত ৰাজ্যখনত অনুষ্ঠিত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে শাসকীয় ভাৰতীয় জনতা পাৰ্টিৰ নেতা, কৰ্মীয়ে ব্যাপক হিংসাত্মক কাৰ্যকলাপৰ আশ্ৰয় লোৱাৰ অভিযোগ উঠিছে।

ৰাজ্যখনৰ কংগ্ৰেছ সভাপতি আশীষ কুমাৰ সাহাৰ অভিযোগ অনুসৰি ৰাজ্যখনত বিজেপিয়ে পঞ্চায়ত নিৰ্বাচনক প্ৰহসনলৈ পৰিণত কৰিছে। তেওঁ বিজেপিৰ একাংশ স্থানীয় নেতা, কৰ্মীয়ে জ্বলাই দিয়া গোমতি জিলা কংগ্ৰেছৰ কাৰ্যালয় পৰিদৰ্শন কৰি এই অভিযোগ কৰিছে।

তেওঁৰ অভিযোগ হিংসাৰ জৰিয়তে তিনিস্তৰীয় পঞ্চায়ত নিৰ্বাচনত শাসকীয় বিজেপিয়ে চক্ৰান্তমূলকভাৱে ৰাজ্যখন অস্থিৰ কৰি তুলিবলৈ চেষ্টা কৰিছে। তেওঁলোকে কংগ্ৰেছে যাতে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব নোৱাৰে তাৰ ওপৰত গুৰুত্ব দি বাধাৰ সৃষ্টি কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে বুলিও অভিযোগ কৰিছে।

এই কাৰ্যত সহায় কৰিছে আৰক্ষী প্ৰশাসনে। এতিয়ালৈকে আৰক্ষী, প্ৰশাসনৰ ফালৰ পৰা এই ঘটনাৰ সন্দৰ্ভত কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই বুলিও সাহাই উল্লেখ কৰিছে।

ৰাজ্যখনত সৃষ্টি হোৱা এনে উত্তেজনাময় পৰিস্থিতিৰ মাজতে সাংসদ গৌৰৱ গগৈক ৰাজ্যখনত কংগ্ৰেছ নেতা, কৰ্মীৰ ওপৰত হোৱা আক্ৰমণৰ বিষয়টোৰ পৰ্যবেক্ষণৰ দায়িত্ব দিয়া বিষয়োটোৱে বিশেষ তাৎপৰ্য বহন কৰিছে।

ত্ৰিপুৰাৰ কংগ্ৰেছ কৰ্মীৰ ওপৰত হোৱা আক্ৰমণৰ পৰ্যবেক্ষকৰ দায়িত্ব গৌৰৱ গগৈক
গৌৰী লংকেশ হত্যাকাণ্ডঃ মিছা সাক্ষ্য দিবলৈ বাধ্য কৰিছিল আৰক্ষীয়ে...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in