ডিজিটেল সংবাদ, শিলচৰঃ চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাত নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে অসম ৰাইফলছ আৰু কেন্দ্ৰীয় শুল্ক বিভাগে। অসম ৰাইফলছ আৰু কেন্দ্ৰীয় শুল্ক বিভাগে উত্তৰ ত্ৰিপুৰা জিলাৰ হেজামাৰা এলেকাত যুটীয়া অভিযান চলাই বুজন পৰিমাণৰ নিচাজাতীয় "য়াবা" টেবলেট জব্দ কৰে।
গোপন তথ্যৰ ভিত্তিত হেজামাৰাত অভিযান চলাই এখন চাৰি চকীয়া বাহনৰ পৰা অসম ৰাইফলছ আৰু শুল্ক বিভাগে ৮০ হাজাৰ য়াবা টেৱলেট জব্দ কৰে। জব্দ কৰা টেবলেট খিনিৰ ওজন প্ৰায় ১২ কেজি। টেবলেটৰ সৈতে নিচাজাতীয় সামগ্ৰী জব্দ কৰা বাহন খনো জব্দ কৰা হয়।
এই টেবলেট খিনিৰ আন্ত: ৰাষ্ট্ৰীয় ক'লা বজাৰত মুল্য ১২ কোটি ৮ লাখ টকা বুলি জানিবলৈ দিয়ে অসম ৰাইফলছে। জব্দকৃত নিচা জাতীয় সামগ্ৰী আৰু বাহন খন পিচত স্হানীয় আৰক্ষীক গতাই দিয়া হয়।