ভয়, ভাবুকি, হিংসাৰ মাজেৰে অন্ত পৰা ত্ৰিপুৰাৰ পঞ্চায়ত নিৰ্বাচনৰ ফলাফল ঘোষণা

চৌদিশে কেৱল বিজেপিৰ প্ৰাৰ্থীৰ জয়জয়কাৰ
ভয়, ভাবুকি, হিংসাৰ মাজেৰে অন্ত পৰা ত্ৰিপুৰাৰ পঞ্চায়ত নিৰ্বাচনৰ ফলাফল ঘোষণা
ভয়, ভাবুকি, হিংসাৰ মাজেৰে অন্ত পৰা ত্ৰিপুৰাৰ পঞ্চায়ত নিৰ্বাচনৰ ফলাফল ঘোষণা
Published on
Updated on

ডিজিটেল ডেস্কঃ ব্যাপক হিংসাত্মক পৰিস্থিতিৰ মাজেৰে অনুষ্ঠিত হৈ যোৱা ত্ৰিপুৰাৰ পঞ্চায়ত নিৰ্বাচনৰ ফলাফল প্ৰকাশ পাইছে। স্বাভাৱিকতে এই ফলাফলত চৌদিশে বিজেপিৰে জয়যাত্ৰা পৰিলক্ষিত হৈছে।

উত্তৰ পূৰ্বাঞ্চলৰ বিজেপি শাসিত এই ৰাজ্যখনত যোৱা ৮ আগষ্টত অনুষ্ঠিত হৈছিল পঞ্চায়ত নিৰ্বাচন। এই নিৰ্বাচনৰ ফলাফলৰ গণনা ১৩ আগষ্ট সোমবাৰৰ পৰা আৰম্ভ হৈ মঙ্গলবাৰে শেষ হৈছে। সেই ফলাফল অনুসৰি ৰাজ্যখনৰ মুঠ ৫৯৪০ খন আসনত বিজেপিৰ প্ৰাৰ্থী জয়ী হৈছে।

দলটোৰ সহযোগী তিপ্ৰা মথাই লাভ কৰিছে ১০২ খন আসন। ইয়াৰ বিপৰীতে বিৰোধী মিত্ৰজোঁট 'ইণ্ডিয়া'ৰ অংশীদাৰ কংগ্ৰেছে ১৪১ খন আৰু চি পি আই এমে ১৪৭ খন আসনহে লাভ কৰিবলৈ সক্ষম হৈছে।

উল্লেখ্য যে নিৰ্বাচনৰ পূৰ্বেই বিজেপিয়ে বিনা প্ৰতিদ্বন্দিতাৰে ৬৩৭০ খন আসনৰ ভিতৰত প্ৰায় ৪ হাজাৰ আসনতে জয়ী হ'বলৈ সক্ষম হৈছিল। নিৰ্বাচনৰ পূৰ্বেই পঞ্চায়ত সমিতিৰ ৪২৩ খন আসনৰ ভিতৰত বিজেপিয়ে লাভ কৰিছিল ২৩৫ খন আসন।

বাকী আসনসমূহৰো অধিকাংশতে এতিয়া বিজেপিৰ প্ৰাৰ্থীয়েই জয়ী হৈছে। ভোট গণনাৰ অন্তত ৪২৩ খন পঞ্চায়ত সমিতিৰ ভিতৰত বিজেপিৰ দখললৈ গৈছে ৪০৫ খন। কংগ্ৰেছ আৰু চি পি এমে লাভ কৰিছে মাত্ৰ ৮ খন।

ৰাজ্যখনৰ ১১৬ খন জিলা পৰিষদৰ ভিতৰত বিজেপিৰ দখললৈ গৈছে ১১৩ খন জিলা পৰিষদ। কংগ্ৰেছ আৰু চি পি এমে লাভ কৰিছে মাত্ৰ ৩ খন জিলা পৰিষদ।

উল্লেখ্য যে, ২০১৮ ত ত্ৰিপুৰাত বাওঁপন্থী চৰকাৰৰ পতন হৈছিল আৰু বিজেপিৰ চৰকাৰ গঠন হৈছিল। তাৰ পাছৰ পৰাই ৰাজ্যখনত পঞ্চায়তসমূহ বিজেপিৰ দখললৈ নিবলৈ সকলো ধৰণৰ প্ৰচেষ্টা চলোৱা হৈছিল।

অভিযোগ উত্থাপন হৈছিল বিজেপি চৰকাৰৰ ভয়, ভাবুকিৰ পৰিপ্ৰেক্ষিততে পঞ্চায়ত প্ৰতিনিধিসকলে পদত্যাগ কৰিছিল। এনে পদত্যাগৰ ফলশ্ৰুতিতে ২০১৮ ৰ ৩০ ছেপ্টেম্বৰৰ ভিতৰত ৩৫৬ টা ব্লকৰ ৩৩৮৬ খন আসনত পঞ্চায়তৰ উপনিৰ্বাচন অনুষ্ঠিত হৈছিল।

এই আসনসমূহৰ ভিতৰত ৯৬ শতাংশ আসনতে বিজেপি বিনা প্ৰতিদ্বন্দিতাৰে জয়ী হৈছিল। এইবাৰো ৰাজ্যখনত বিজেপিৰ ৭১ শতাংশ প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হৈছে। এইবাৰো উত্থাপন হৈছে অনুৰূপ অভিযোগ।

পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে ৰাজ্যখনত শাসকীয় দলে ব্যাপক ভয়, ভাবুকি প্ৰদান কৰাৰো অভিযোগ মুকলিকৈ উত্থাপন কৰিছিল কংগ্ৰেছ আৰু বাওঁপন্থী দলে। কংগ্ৰেছ আৰু বাওঁদলে বিজেপিৰ বিৰুদ্ধে ব্যাপক হিংসাত্মক কাৰ্যকলাপ আৰু ভাবুকি প্ৰদান কৰাৰ অভিযোগ কৰিছিল।

নিৰ্বাচনৰ হত্যাৰ বলি হৈছিল জিলা পৰিষদৰ আসনৰ প্ৰাৰ্থী। জ্বলাই দিয়া হৈছিল বিৰোধীৰ কাৰ্যালয়। এনে হিংসাত্মক কাৰ্যকলাপ আৰু ভয়, ভাবুকিৰে ভৰা ত্ৰিপুৰাৰ পঞ্চায়ত নিৰ্বাচনৰ এই ফলাফলে স্বাভাৱিকতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

ভয়, ভাবুকি, হিংসাৰ মাজেৰে অন্ত পৰা ত্ৰিপুৰাৰ পঞ্চায়ত নিৰ্বাচনৰ ফলাফল ঘোষণা
কাশ্মীৰত বৃদ্ধি সন্ত্ৰাসবাদীৰ আক্ৰমণঃ আজি প্ৰতিৰক্ষা মন্ত্ৰীৰ উচ্চস্তৰীয় বৈঠক আহ্বান

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in