টাৱাং মাৰাথানত বিজয়ী ইথিওপিয়াৰ দুই দৌৰবিদ

টাৱাং মাৰাথানত বিজয়ী ইথিওপিয়াৰ দুই দৌৰবিদ

author-image
Asomiya Pratidin
New Update
টাৱাং মাৰাথানত বিজয়ী ইথিওপিয়াৰ দুই দৌৰবিদ

ডিজিটেল সংবাদ , ইটানগৰ : অৰুণাচল প্ৰদেশৰ টাৱাঙত বৃহস্পতিবাৰে ৪২ কিলোমিটাৰ দূৰত্বৰ টাৱাং মাৰাথন সফলতাৰে সম্পন্ন হয়। মুখ্যমন্ত্ৰী পেমা খান্দুৱে পতাকা জোকাৰি এই মাৰাথনৰ উদ্ধোধন কৰে।

দ্বিতীয় বৰ্ষৰ বাবে আয়োজন কৰা এই টাৱাং মাৰাথনত দেশ-বিদেশৰ ৪০০০ ৰো অধিক দৌৰবিদে অংশগ্ৰহণ কৰে। অৰুণাচল প্ৰদেশ চৰকাৰ আৰু ভাৰতীয় সেনা বাহিনীৰ যৌথ উদ্যোগত আয়োজন কৰা এই মাৰাথনত পুৰুষ শাখাত ইথিওপিয়াৰ আলামু টাদাছা গিদোৱে ২ ঘন্টা ৪৪ মিনিট ২০ চেকেণ্ডত ৪২ কিলোমিটাৰ অতিক্ৰম কৰি চূড়ান্ত বিজয়ী হয়।

  User
User

আনহাতে মহিলা শাখাতো ইথিওপিয়াৰ জেনেট ছিকুৰ ৰেছিদে এই দুৰত্ব ৩ ঘন্টা ১৭ মিনিট ১৯ চেকেণ্ডত সম্পূৰ্ণ কৰি বিজয়ী হয়। মুখ্যমন্ত্ৰী পেমা খান্দুৱে পাঁচ কিলোমিটাৰ দৌৰ সম্পন্ন কৰে। উল্লেখ্য যে প্ৰত্যেক বছৰে ২৪ অক্টোবৰত টাৱাং মাৰাথন আয়োজন কৰিব বুলি অৰুণাচল প্ৰদেশ চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে।

Also Read: অসম সন্মিলিত মৰ্চাৰ সভাপতি হ'ব অজিত কুমাৰ ভূঞা

টাৱাং মাৰাথান