মণিপুৰক লৈ চিন্তিত আমেৰিকাঃ বিচাৰিলে কৰিব সহায়...

চুবুৰীয়া ৰাজ্য মণিপুৰত দীৰ্ঘ দিন ধৰি সৃষ্টি হৈ অহা সংঘৰ্ষময় পৰিস্থিতিৰ ওপৰত চোকা নজৰ ৰাখিছে আমেৰিকাই ।

author-image
Asomiya Pratidin
New Update
মণিপুৰক লৈ চিন্তিত আমেৰিকাঃ বিচাৰিলে কৰিব সহায়...

ডিজিটেল ডেস্কঃ চুবুৰীয়া ৰাজ্য মণিপুৰত দীৰ্ঘ দিন ধৰি সৃষ্টি হৈ অহা সংঘৰ্ষময় পৰিস্থিতিৰ ওপৰত চোকা নজৰ ৰাখিছে আমেৰিকাই । ভাৰত চৰকাৰে সহায় বিচাৰিলে মণিপুৰৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আমেৰিকা সাজু আছে । মণিপুৰৰ বৰ্তমানৰ পৰিস্থিতি মানৱীয় দৃষ্টি কোণৰ সৈতে জড়িত বুলি উল্লেখ কৰে ভাৰতস্থ মাৰ্কিন উচ্চায়ুক্ত এৰিক গেৰচোট্টিয়ে ।

উচ্চায়ুক্ত গৰাকীয়ে কলকতাত বৃহস্পতিবাৰে সাংবাদিকক কয়, " আমি মণিপুৰলৈ শান্তি-সম্প্ৰীতি ঘূৰি অহা বাবে প্ৰাৰ্থনা জনাইছো । আপোনালোকে যেতিয়া এই বিষয়টোক লৈ আমেৰিকা কিমান সচেতন বুলি সুধে আমি কম এইয়া এক মানৱীয় বিষয় । তাত কি দৰে শিশু আৰু আন ব্যক্তিসকলৰ মৃত্যু হৈছে আমি সকলোৱে দেখিছো । আমাক যদি সহায়ৰ বাবে কোৱা হয় আমি সাজু আছো । আমি জানো এইটো ভাৰতৰ আভ্যন্তৰীণ বিষয়, ভাৰতে বিচাৰিলে সহায় কৰিব আমেৰিকাই । "

Also Read: আমছুৰ সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ বিশাল প্ৰতিবাদী সভা...

manipur violence america