মিজোৰামত বিজেপিৰ আঞ্চলিক শক্তিৰ বুকুচাত উঠি ক্ষমতা দখলৰ আশাত চেঁচা পানী...

মিজোৰামত বিজেপিৰ আঞ্চলিক শক্তিৰ বুকুচাত উঠি ক্ষমতা দখলৰ আশাত চেঁচা পানী...
মিজোৰামত বিজেপিৰ আঞ্চলিক শক্তিৰ বুকুচাত উঠি ক্ষমতা দখলৰ আশাত চেঁচা পানী...
Published on
Updated on

ডিজিটেল ডেস্কঃ মিজোৰামত ক্ষমতা দখলৰ বাবে প্ৰয়োজনীয় শক্তি নাথাকিলেও দুই আঞ্চলিকতাবাদী শক্তিৰ বুকুচাত উঠি ক্ষমতাৰ অংশীদাৰ হোৱাৰ কুচকাৱাজ চলাই থকা বিজেপিৰ আশাত চেঁচা পানী ঢালিলে ৰাজ্যখনৰ অন্যতম বৃহৎআঞ্চলিকতাবাদী শক্তি জোৰাম পিপলছ মোভমেণ্ট চমুকৈ জেড পি এমে।

নিৰ্বাচনৰ প্ৰাকক্ষণত এক সংবাদ মেলৰ জৰিয়তে এই কথা স্পষ্ট কৰিছে দলটোৱে। কোনো কাৰণতে আঞ্চলিক ৰাজনৈতিক দলটোৱে বিজেপি মিত্ৰজোঁটৰ চৰকাৰ গঠন নকৰে বুলি ঘোষণা কৰিছে।

উল্লেখ্যে চি-ভোটাৰৰ সমীক্ষা অনুসৰি এইবাৰ মিজোৰামৰ নিৰ্বাচন হ'ব মূলতঃ তিনিকোণীয়া। শাসকীয় এম এন এফ, জেড পি এম আৰু কংগ্ৰেছৰ মাজতে আৱদ্ধ থাকিব মূল যুঁজখন। বিজেপি ৰাজ্যখনত কোনো কাৰণতে ফেক্টৰ নহয়।

ৰাজ্যখনত চৰকাৰ গঠনৰ ক্ষেত্ৰত বৰ্তমানৰ মূল বিৰোধী জেড পি এমৰ সমৰ্থন প্ৰয়োজন হ'ব। সমীক্ষা অনুসৰি এই দলটোৱে ১২ ৰ পৰা ১৫ খন আসন দখল কৰাৰ সম্ভাৱনা আছে। ৰাজ্যখনত ক্ষমতা দখলৰ বাবে প্ৰয়োজন ২১ খন আসনৰ।

যাৰ বাবে জেড পি এমৰ সমৰ্থন অবিহনে কংগ্ৰেছ বা এম এন এফে চৰকাৰ গঠন কৰাটো অসম্ভৱ হৈ পৰিব। এনে পৰিস্থিতিত বিজেপিয়ে এম এন এফ আৰু জেড পি এমৰ সৈতে মিত্ৰতাস্থাপন কৰি চৰকাৰ গঠনৰ চেষ্টা চলাই আছে। অভিযোগ অনুসৰি জেড পি এমৰ সৈতে আন্তৰিক সম্পৰ্ক ৰক্ষা কৰি আহিছে বিজেপিয়ে। দলটোক বিভিন্ন প্ৰকাৰে সহায়ো কৰিছে।

কিন্তু এনে অভিযোগৰ মাজতে বৃহস্পতিবাৰে মিজোৰামৰ নিৰ্বাচনত জোৰাম পিপলছ মোভমেণ্ট চমুকৈ জেড পি এমে বিজেপিৰ সৈতে মিত্ৰতা স্থাপনৰ বিষয়টোক স্পষ্টভাৱে অস্বীকাৰ কৰিছে। ৰাজ্যখনৰ বিধানসভাৰ মূল বিৰোধী দল জেড পি এমে এই স্পষ্টিকৰণ প্ৰকাশ কৰিছে কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে আৰু সাংসদ ছোনিয়া গান্ধীৰ মুকলি অভিযোগৰ পাছত।

দুই কংগ্ৰেছ নেতাই শেহতীয়াকৈ অভিযোগ কৰিছিল, জেড পি এমৰ বিজেপিৰ সৈতে সম্পৰ্ক আছে। ছোনিয়া গান্ধীয়ে শাসকীয় মিজো নেচনেল ফ্ৰণ্ট চমুকৈ এম এন এফ আৰু জেড পি এমক 'মিজোৰামত বিজেপিৰ প্ৰৱেশদ্বাৰ' বুলি আখ্যা দিছিল। লগতে তেওঁ বিজেপি আৰু আৰ এছ এছে ৰাজ্যখনৰ ঐতিহ্যক ব্যাঘাত জন্মাব বুলিও কৈছিল।

খ্ৰীষ্টান প্ৰধান ৰাজ্যখনত কংগ্ৰেছৰ এনে মুকলি অভিযোগৰ পাছতে বেকফুটত পৰাৰ ভয়তে জেড পি এমে স্পষ্টিকৰণ প্ৰকাশ কৰিছে। দলটোৰ কাৰ্যকৰী সভাপতি কে ছাপদাঙ্গাই বৃহস্পতিবাৰে আইজলত কয়, দলটো সৰ্বোচ্চ কৰ্তৃপক্ষৰ সংস্থা। কাৰ্যবাহী পৰিষদে সৰ্বসন্মতি মৰ্মে সিদ্ধান্ত লৈছে যে, জেড পি এম দলে মিত্ৰজোঁট গঠনৰ বাবে বিজেপিৰ সৈতে মিত্ৰতা নকৰে। আমি বিজেপিৰ সৈতে কোনো মূল্যতে মিত্ৰজোঁটৰ চৰকাৰ নকৰো।"

উল্লেখ্য, ৪০ জনীয়া মিজোৰাম বিধানসভাৰ নিৰ্বাচন অহা ৭ নৱেম্বৰত অনুষ্ঠিত হ'ব। ৩ অক্টোবৰত এই নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ'ব। ৰাজ্যখনত এইবাৰ ভোটদান কৰিব মুঠ ৮.৪৭ লাখ ভোটাৰে। ইয়াৰ ভিতৰত মহিলা ভোটাৰৰ সংখ্যা হৈছে ৪,৩৯,০২৬ গৰাকী।

মিজোৰামত বিজেপিৰ আঞ্চলিক শক্তিৰ বুকুচাত উঠি ক্ষমতা দখলৰ আশাত চেঁচা পানী...
আলফা(স্বা) ৰ কেম্পৰ পৰা পলায়ন কৰি আত্মসমৰ্পণ কেডাৰৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in