ডিজিটেল সংবাদ, নতুন দিল্লীঃ দিল্লীৰ মেজৰ ধ্যান চান্দ ৰাষ্ট্ৰীয় ষ্টেডিয়ামত বৈচিত্ৰ্যতাৰ অন্বেষণেৰে আজিৰ পৰা আৰম্ভ ১২ সংখ্যক নৰ্থ ইষ্ট ফেষ্টিভেলৰ। উত্তৰ পূবৰ ৮খন ৰাজ্যৰ ২০০ জনগোষ্ঠীৰ সমন্বয়থলীত পৰিণত নৰ্থ ইষ্ট ফেষ্টিভেলৰ বৰ্ণিল কাৰ্যসূচীত আদৰণি ভাষণ প্ৰদান কৰে মুখ্য আয়োজক শ্যামকানু মহন্ত আৰু বিশিষ্ট নিমন্ত্ৰিত অতিথিসকলে।
আজিৰ অনুষ্ঠানত মুখ্য অতিথিৰ ৰূপত উপস্থিত আছিল অৰুণাচল প্ৰদেশৰ পৰ্যটন মন্ত্ৰী পাচাং দৰ্জী ঠংচি, নাগালেণ্ডৰ পৰ্যটন মন্ত্ৰী তেমজেন ইমনা আনং, ভাৰত চৰকাৰৰ সাংস্কৃতিক সচিব আই এ এছ, অৰুনিশ চাউলা, ভাৰত চৰকাৰৰ মাননীয় ৰাজ্যিক হস্ততাঁত মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটা। পৱিত্ৰ মাৰ্ঘেৰিটাই ভাষণ প্ৰসংগত উত্তৰ পূবৰ ঐশ্বৰ্যশালী সংস্কৃতি-সম্পদৰ কথা উল্লেখ কৰে। তেখেতে কয় যে আমি ধ্ৰুপদী সত্ৰীয়া আৰু মণিপুৰী নৃত্যৰ মৰ্যাদাৰে চহকী।
ত্ৰিপুৰেশ্বৰী আৰু কামাখ্যাৰ দৰে শক্তিপীঠ আছে। নৰ্থ ইষ্ট ফেষ্টিভেল এনে এক মঞ্চ য'ত উত্তৰ পূবৰ সমগ্ৰ ঐশ্বৰ্য একগোট হৈছে। অন্যান্যসকলৰো বক্তব্যত প্ৰধানকৈ সাংস্কৃতিক সমন্বয় আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত উত্তৰ পূবৰ ঐতিহ্যক প্ৰদৰ্শনৰ ক্ষেত্ৰত নৰ্থ ইষ্ট ফেষ্টিভেলৰ ভূমিকাৰ বিষয়ে স্থান লাভ কৰে। উত্তৰ-পূৰ্বাঞ্চলৰ পৰ্যটন সম্ভাৱনা বিষয়ক গুৰুত্বপূৰ্ণ পৰ্যটন বি২বি বৈঠকখনত উপস্থিত থাকে এ ডি টি অ' আইৰ প্ৰতিনিধি দল আৰু সভাপতি বেদ খান্না, জ্যেষ্ঠ উপ-সভাপতি ৰজত চাওনি, আশীষ চেহগাল, জ্যেষ্ঠ উপ-সভাপতি, দলীপ গুপ্তা, সাধাৰণ সম্পাদক, মনোজ বৰ্ষনী, কোষাধ্যক্ষ।
আই এ টি অ'ক প্ৰতিনিধিত্ব কৰে উপ-সভাপতি ৰবি গোছেইন আৰু কাৰ্যবাহী সমিতিৰ সদস্য দীপক ভাটনাগৰ, ড° মনোজ মাট্টাই। এই আলোচনাত পৰ্যটনখণ্ডৰ বিশিষ্ট ব্যক্তিসকলৰ দিহা-পৰামৰ্শই উত্তৰ পূবৰ পৰ্যটন সম্ভাৱনাক নতুন ৰূপত সজাই তুলিব বুলি আশা কৰিব পাৰি। আজিৰ বৈঠকত উপস্থিত থকা অসম পৰ্যটন উন্নয়ন নিগমৰ সচিব তথা ব্যৱস্থাপনা পৰিচালক আই আৰ এছ পদ্মপাণি বৰাই মন্তব্য কৰে যে, অসমৰ আন্তঃগাঁঠনি আৰু যোগাযোগ ব্যৱস্থাই এক নতুন গতি লাভ কৰিছে।
এতিয়া পৰ্যটকে প্ৰকৃতি, ঐতিহ্যৰ লগতে অসমৰ বজাৰতো সুন্দৰ অভিজ্ঞতা লাভ কৰিব। তেখেতে এই প্ৰসংগত কাজিৰঙাত শীঘ্ৰেই মুকলি হ'বলগীয়া আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মাৰ্টখনৰ বিষয়ে উল্লেখ কৰে। অসম পৰ্যটনে সূদূৰপ্ৰসাৰী প্ৰচেষ্টাৰে উত্তৰ পূবৰ সাংস্কৃতিক ঐশ্বৰ্য আৰু পৰ্যটনৰ ব্যাপক সম্ভাৱনাক দাঙি ধৰাৰ প্ৰচেষ্টা হাতত ল'ব।
আজিৰ দিনটোত নৰ্থ ইষ্ট ফেষ্টিভেলত দিল্লীৰ পৰ্যটকৰ অন্যতম আকৰ্ষণ হৈ পৰে প্ৰায় ৬০খন বিপনীৰে উত্তৰ পূবৰ অপূৰ্ব খাদ্য সম্ভাৰ। নাগালেণ্ডৰ পোৰা মঙহ, মিজোৰামৰ বাঁহগাজৰ, অসমৰ বিভিন্ন পিঠাৰ লগতে দিল্লীৰ স্থানীয় খাদ্য বিপনীতো ভিৰ দেখা গ'ল। নৰ্থ ইষ্ট ফেষ্টিভেলত প্ৰতিবছৰেই লোকনৃত্যই দৰ্শকক আনন্দ দি আহিছে। এইবছৰো ব্যতিক্ৰম নহ'ল। মাইবী নৃত্য, পুং চলম, কৰতাল চলম, লেইমা জাগই, ৰাসৰীলা, বিহু নৃত্য, বাঁহ নৃত্যৰ লগতে আজিৰ দিনটোত দৰ্শকক মুহিলে পুৰণি হৈও চিৰনতুন গায়ক জুবিন গাৰ্গৰ অপূৰ্ব কণ্ঠই।
যুৱ প্ৰজন্মৰ দৰ্শকক আহ্লাদিত কৰে আৰয়ান কাটচ, জেক অৱ স্পেড'জেদ, ৰকী গ্লক, শ্বেলডাউন ইত্যাদিয়ে। উত্তৰ পূবৰ ১৬জন প্ৰতিভাশালী ডিজাইনাৰে অঞ্চলটোৰ বস্ত্ৰ সংস্কৃতিক অনন্য ৰূপত প্ৰদৰ্শন কৰে। বহু বছৰ ধৰি নৰ্থ ইষ্ট ফেষ্টিভেলত অংশ লৈ অহা নাগালেণ্ডৰ য়হ'ই ব্যক্তিগত অনুভৱ সন্দৰ্ভত মন্তব্য কৰে যে, দীৰ্ঘদিনধৰি এই অনুষ্ঠানত অংশ লৈ তেখেতে নিজা সৃষ্টিশীল সামগ্ৰীসমূহৰ এখন বজাৰ গঢ়ি তুলিবলৈ সক্ষম হৈছে।
এনে ধৰণৰ মঞ্চ তেওঁলোকৰ দৰে নতুন উদ্যোগীৰ বাবে সম্ভাৱনা আৰু আশীৰ্বাদস্বৰূপ। মুখ্য আয়োজক শ্যামকানু মহন্তই নৰ্থ ইষ্ট ফেষ্টিভেলক এখন চামিয়ানাৰ তলৰ অজস্ৰ সম্ভাৱনা বুলি উল্লেখ কৰে। অনাগত সময়বোৰত নৰ্থ ইষ্ট ফেষ্টিভেলে শিল্প-সংস্কৃতি-খাদ্য-পৰ্যটনৰ লগতে আৰু অজস্ৰ বিষয় সামৰি ল'ব বুলিও তেখেতে কয়। অহা ১৭ নৱেম্বৰলৈকে দিল্লীবাসীয়ে উত্তৰ পূবৰ বাৰে ৰহনীয়া খাদ্য, সংগীত, আৰ্ট, বস্ত্ৰৰ সোৱাদ ল'ব পাৰিব।