মুখ্যমন্ত্ৰীক পৰাস্ত কৰিলে এগৰাকী মোবাইল মেকানিকে…

মুখ্যমন্ত্ৰীক পৰাস্ত কৰিলে এগৰাকী মোবাইল মেকানিকে…
Published on
Updated on

ডিজিটেল ডেস্কঃ শাসনাধিষ্ঠ এখন ৰাজ্যত কংগ্ৰেছৰ এনেদৰে বিধ্বস্ত হব, সেয়া হয়তো কংগ্ৰেছ নেতৃত্বই কল্পনাই কৰিব নাছিল। দুটাকৈ সমষ্টিত মুখ্যমন্ত্ৰীগৰাকীৰ লগতে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীৰো শোচনীয় পৰাজয়ে দেশৰ ৰাজনীতিত ক্ৰমান্বয়ে প্ৰাসংগিকতা হেৰুৱাইছে দেশৰ আটাইতকৈ পুৰণি দলটোৱে।

এনে পৰিস্থিতিৰ মাজতে পঞ্জাৱত অভাৱনীয় সফলতা লাভ কাৰ আম আদমী পাৰ্টিৰ এগৰাকী নেতাই তীব্ৰ চৰ্চা লাভ কৰিছে। সেই গৰাকী হৈছে পঞ্জাৱৰ মুখ্যমন্ত্ৰীক পৰাস্ত কৰা আম আদমী পাৰ্টিৰ প্ৰাৰ্থী লাৱ সিং। পেছাত এগৰাকী মোবাইল মেকানিকৰ কাম কৰা লাৱ সিঙৰ হাতত শোচনীয় পৰাজয় লাভ কৰে পঞ্জাৱৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী চন্নীয়ে।

প্ৰায় 37,558 ভোটৰ ব্যৱধানত চন্নীক পৰাস্ত কৰা লাৱ সিঙক লৈ অৰবিন্দ কেজৰিৱালেও শেহতীয়াকৈ মন্তব্য কৰিছে। কেজৰিৱালে কয়- অতি কষ্টৰে দলৰ হৈ কাম কৰা লাৱ সিঙে অৱশেষত ৰাইজৰ আৰ্শীবাদ বুটলিবলৈ সক্ষম হৈছে। প্ৰথমবাৰৰ বাবে সক্ৰিয় ৰাজনীতিত প্ৰৱেশ কৰা লাৱ সিঙৰ বাবে এই সফলতাক শলাগ হৈছে দেশৰ ৰাজনৈতিক বিশ্লেষকসকলেও।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in